Prophetic Hadeeth Encyclopedia
Search and read verified Prophetic hadeeth translations, explanations, benefits, categories and source attribution. Page 47.
Search the Hadeeth Encyclopedia
Smart instant results tolerate minor spelling mistakes, with every filter in one place.
তোমালোকৰ মাজৰ কোনেও যেন নূন্যতম তিনিটা শিলগুটিতকৈ কমেৰে ইস্তিঞ্জা নকৰে।
ছালমান ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ মুশ্বৰিকসকলে এবাৰ মোক ক’লে: আমি দেখি আছোঁ যে, তোমালোকৰ সংগীয়ে (নবীয়ে) তোমালোকক সকলো কথাই শিকায়, আনকি প্ৰস্ৰাৱ-পায়খানা কৰাৰ নিয়ম নীতিও শিকায়। ইয়াৰ উত্তৰত তেওঁ ক'লেঃ "হয়, নিশ্চয়। তেখেতে আমাক সোঁহাতেৰে লজ্জাস্থান পৰিষ্ক…
তুমি মোৰ এই জোতা যোৰ লগত লৈ যোৱা আৰু বাগানখনৰ বাহিৰত যাকে লগ পাবা, তেওঁ যদি দৃঢ় বিশ্বাসৰ সৈতে এই সাক্ষ্য দিয়ে যে, আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই, তেন্তে তেওঁক জান্নাতৰ সুসংবাদ দিয়া।
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ আমি ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰত বহি আছিলোঁ। আমাৰ মাজত আবূ বকৰ আৰু ওমৰ ৰাদ্বিয়াল্লাহু আনহুমাও আছিল। হঠাৎ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লাম আমাৰ মাজৰ পৰা উঠি ওলাই গ'ল, আৰু বহুত সময় হ'ল তেখে…
এই মহিলাজনী নিজৰ সন্তানৰ প্ৰতি যিমান দয়ালু, মহান আল্লাহ তেওঁৰ বান্দাসকলৰ প্ৰতি তাতকৈও অধিক দয়ালু।
ওমৰ ইবনুল খাত্তাব ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত যে, এদিনাখন নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ কিছুমান যুদ্ধবন্দী অনা হ'ল। তাৰে এগৰাকী আছিল মহিলা, যাৰ স্তন গাখীৰেৰে পূৰ্ণ আছিল। সেই মহিলাজনীয়ে বন্দীসকলৰ মাজত কোনো শিশু পালেই তাক কোলাত তুলি লৈ পিয়াহ খুওৱাইছিল। এই দে…
যিয়ে সঁচা অৰ্থত আন্তৰিকতাৰে এই কথাৰ সাক্ষ্য দিছে যে, আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই আৰু মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম হৈছে আল্লাহৰ ৰাছুল, আল্লাহে তাক জাহান্নামৰ বাবে হাৰাম কৰি দিছে।
আনাছ ইবনু মালিক ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত তেওঁ কৈছেঃ বাহনত নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পিছফালে মুআজ ৰাদ্বিয়াল্লাহু আনহু বহি থকা অৱস্থাতে তেখেতে তেওঁক সুধিলেঃ হে মুআজ বিন জবল! তেওঁ ক'লেঃ উপস্থিত আছোঁ হে আল্লাহৰ ৰাছুল। তেখেতে তেওঁক আকৌ মাতিলে, হে মুআজ! তেওঁ ক'…
প্ৰকৃত মুছলিম হৈছে সেইজন, যাৰ হাত আৰু জিভাৰ দ্বাৰা অন্যান্য মুছলমানসকল সুৰক্ষিত থাকে। এইদৰে প্ৰকৃত মুহাজিৰ হৈছে সেইজন, যিয়ে আল্লাহৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকে।
ৰমাজান অহাৰ লগে লগে জান্নাতৰ দুৱাৰসমূহ খুলি দিয়া হয়, আৰু জাহান্নামৰ দুৱাৰসমূহ বন্ধ কৰি দিয়া হয়, আৰু চয়তানবোৰক শিকলিবদ্ধ কৰা হয়।
কোৰআন তিলাৱতকাৰী দক্ষ ব্যক্তি, সন্মানীয় পুণ্যৱান (ফিৰিস্তা)সকলৰ সৈতে থাকিব। আনহাতে যি ব্যক্তিয়ে ৰৈ ৰৈ অতি কষ্ট হোৱা সত্ত্বেও কোৰআন তিলাৱত কৰে, তেওঁ দ্বিগুণ ছোৱাব লাভ কৰিব।
আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাৰ পৰা বৰ্ণিত তেওঁ কৈছে, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "কোৰআন তিলাৱতকাৰী দক্ষ ব্যক্তি, সন্মানীয় পুণ্যৱান (ফিৰিস্তা)সকলৰ সৈতে থাকিব। আনহাতে যি ব্যক্তিয়ে ৰৈ ৰৈ অতি কষ্ট হোৱা সত্ত্বেও কোৰআন তিলাৱত কৰে, তেওঁ দ্বিগুণ ছোৱাব লাভ কৰিব।…
'কিয়ামতৰ দিনা মুআজ্জিনসকলৰ ডিঙি সকলো লোকতকৈ দীঘল হ'ব।
মুআৱিয়া ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত তেওঁ কৈছেঃ মই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰ…
মহান আল্লাহে কৈছেঃ মই মোৰ নেক বান্দাসকলৰ বাবে এনেকুৱা বস্তু প্ৰস্তুত কৰি ৰাখিছোঁ, তেনেকুৱা বস্তু কোনো চকুৱে দেখা পোৱা নাই আৰু কোনো কাণেও শুনি পোৱা নাই, আনকি কোনো অন্তৰে সেয়া কল্পনাও কৰিব নোৱাৰে।
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "মহান আল্লাহে কৈছেঃ মই মোৰ নেক বান্দাসকলৰ বাবে এনেকুৱা বস্তু প্ৰস্তুত কৰি ৰাখিছোঁ, তেনেকুৱা বস্তু কোনো চকুৱে দেখা পোৱা নাই আৰু কোনো কাণেও শুনি পোৱা নাই, আনকি কোনো অন্তৰে সেয়া ক…
তোমালোকে নিজৰ সক্ষমতা অনুযায়ী ইবাদত কৰা। আল্লাহৰ শপত! আল্লাহ কেতিয়াও ক্লান্ত নহয়, অৱশেষত তোমালোকেই ক্লান্ত হ'বা।
নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ স্ত্ৰী উম্মুল মু'মিনীন আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাৰ পৰা বৰ্ণিত যে, হাওলা বিন্তে তুৱাইত ইবনে হাবীব ইবনে আছাদ ইবনে আব্দিল উজ্জা তেওঁৰ ওচৰত আছিল, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লাম অহাৰ লগে লগে তাই উঠি গুচি গ'ল। (তেওঁ কৈছে) মই ক'লোঁ:…
ৰাতিৰ শেষ তৃতীয়াংশ বাকী থাকোঁতে দৈনিক ৰাতি আমাৰ বৰকতময় মহান প্ৰতিপালকে পৃথিৱীৰ আকাশত অৱতৰণ কৰি কয়
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ ৰাতিৰ শেষ তৃতীয়াংশ বাকী থাকোঁতে দৈনিক ৰাতি আমাৰ বৰকতময় মহান প্ৰতিপালকে পৃথিৱীৰ আকাশত অৱতৰণ কৰি কয়, আছেনে কোনোবা যিয়ে মোৰ ওচৰত দুআ কৰিব মই তাৰ দুআ কবূল কৰিম? যিয়ে মোৰ ওচৰত কিবা…

