Prophetic Hadeeth Encyclopedia
Search and read verified Prophetic hadeeth translations, explanations, benefits, categories and source attribution.
Search the Hadeeth Encyclopedia
Smart instant results tolerate minor spelling mistakes, with every filter in one place.
কথা কোৱা আৰু মৌন হৈ থকাৰ শিষ্টাচাৰ
মই সুধিলোঁ, হে আল্লাহৰ ৰাছুল! নাজাত কেনেকৈ পাব পাৰি? তেখেতে ক'লেঃ তুমি তোমাৰ জিভাক নিয়ন্ত্ৰণত ৰাখিবা, বেছিভাগ সময় নিজৰ ঘৰত থকাৰ চেষ্টা কৰিবা, লগতে নিজৰ গুনাহৰ বাবে কান্দিবা।
“তোমালোকে জানানে, গীবত কি?” চাহাবাসকলে ক'লে, আল্লাহ আৰু তেওঁৰ ৰাছুলেহে ভালদৰে জানে। তেখেতে ক'লে:“ (গীবত হৈছে) তুমি তোমাৰ ভাতৃৰ বিষয়ে এনেকুৱা কোনো বিষয় আলোচনা কৰা, যিটোক সি অপছন্দ কৰে
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ “তোমালোকে জানানে, গীবত কি?” চাহাবাসকলে ক'লে, আল্লাহ আৰু তেওঁৰ ৰাছুলেহে ভালদৰে জানে। তেখেতে ক'লে:“ (গীবত হৈছে) তুমি তোমাৰ ভাতৃৰ বিষয়ে এনেকুৱা কোনো বিষয় আলোচনা কৰা, যিটোক সি অপছ…
ক্বিয়ামতৰ দিনা মুমীনৰ মীজানত আটাইতকৈ ভাৰী বস্তুটো হ'ব উত্তম চৰিত্ৰ। নিশ্চয় মহান আল্লাহে অশ্লীলতা আৰু নিকৃষ্ট আচৰণক অত্যন্ত বেয়া পায়।
আবু দাৰদা ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "ক্বিয়ামতৰ দিনা ম…
শপতৰ জৰিয়তে ব্যৱসায়িক পণ্য নিশ্চয় বিক্ৰী হয়, কিন্তু ইয়াৰ ফলত বৰকত শেষ হৈ যায়।
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত তেওঁ কৈছেঃ মই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লা…
যিয়ে শপত খোৱাৰ সময়ত লাত আৰু উজ্জাৰ শপত খাইছে, সি লা ইলাহা ইল্লাল্লাহ কোৱা উচিত। আনহাতে যিয়ে নিজৰ সংগীক এই বুলি কৈছে যে, আহা আমি জুৱা খেলোঁ, সি চাদাক্বাহ কৰা উচিত।
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে…
প্ৰকৃত মুছলিম হৈছে সেইজন, যাৰ হাত আৰু জিভাৰ দ্বাৰা অন্যান্য মুছলমানসকল সুৰক্ষিত থাকে। এইদৰে প্ৰকৃত মুহাজিৰ হৈছে সেইজন, যিয়ে আল্লাহৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকে।
চাৰিটা দোষ যাৰ ভিতৰত আছে, সি হৈছে প্ৰকৃত মুনাফিক। যাৰ মাজত এই চাৰিটা দোষৰ যিকোনো এটা আছে, সি সেইটো পৰিত্যাগ নকৰালৈকে তাৰ ভিতৰত মুনাফিকৰ এটা স্বভাৱ থাকি যায়। (সেই দোষ চাৰিটা হৈছে) যেতিয়া সি কথা কয়, মিছা মাতে, আৰু যেতিয়া সন্ধি বা চুক্তি কৰে তেতিয়া সেয়া অমান্য কৰে, এইদৰে যেতিয়া প্ৰতিশ্ৰুতি দিয়ে তেতিয়া ভঙ্গ কৰে, লগতে কাজিয়া লাগিলে গালি শপনি পাৰে।
আব্দুল্লাহ ইবনু আমৰ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "চাৰিটা দোষ যাৰ ভিতৰত আছে, সি হৈছে প্ৰকৃত মুনাফিক। যাৰ মাজত এই চাৰিটা দোষৰ যিকোনো এটা আছে, সি সেইটো পৰিত্যাগ নকৰালৈকে তাৰ ভিতৰত মুনাফিকৰ এটা স্বভাৱ থাকি যায়। (সেই দোষ…
মুমিন কেতিয়াও পৰনিন্দাকাৰী, অভিশাপকাৰী নহয়, লগতে অভদ্ৰ ভাষা প্ৰয়োগকাৰী আৰু অসংযতও নহয়।
তাৰ ওপৰত অভিসম্পাত নকৰিবা। আল্লাহৰ শপত! মই জনামতে সি আল্লাহ আৰু তেওঁৰ ৰাছুলক অত্যন্ত ভালপায়।
ওমৰ ইবনুল খাত্তাব ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ সময়ত এজন ব্যক্তি আছিল, যাৰ নাম আছিল আব্দুল্লাহ। মানুহে তাক হিমাৰ উপনামেৰে মাতিছিল। সেই ব্যক্তিজনে মাজে মাজে নবী চাল্লাল্লাহু আলাইহি অছাল্লামক হঁহুৱাইছিল। নবী চাল্লাল্লাহু আলাইহি অছাল…
যদি কোনোবাই তাৰ ভাতৃক হে কাফিৰ বুলি সম্বোধন কৰে, তেন্তে উভয়ৰ মাজৰ যিকোনো এজনৰ ওপৰলৈ সেইটো উভতি আহিব। যাক কোৱা হৈছে, সি যদি সঁচাই কাফিৰ হয় তেন্তে কোনো কথা নাই। অন্যথা যিয়ে সম্বোধন কৰিছে, তাৰ ওপৰতে সেইটো উভতি আহিব।
ইবনে ‘ওমৰ ৰাদ্বিয়াল্লাহু ‘আনহুমাৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "যদি কোনোবাই তাৰ ভাতৃক হে কাফিৰ বুলি সম্বোধন কৰে, তেন্তে উভয়ৰ মাজৰ যিকোনো এজনৰ ওপৰলৈ সেইটো উভতি আহিব। যাক কোৱা হৈছে, সি যদি সঁচাই কাফিৰ হয় তেন্তে কোনো কথা নাই। অন্যথা যিয়ে সম্ব…
সৰ্বশক্তিমান আল্লাহে কৈছেঃ আদম সন্তানে সময়ক গালি পাৰি মোক কষ্ট দিয়ে, অথচ ময়ে সময় (ৰ পৰিচালক)। মোৰ হাততেই সকলো ক্ষমতা, ৰাতি আৰু দিন ময়ে পৰিবৰ্তন কৰোঁ।
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে…

