সৰ্বশক্তিমান আল্লাহে কৈছেঃ আদম সন্তানে সময়ক গালি পাৰি মোক কষ্ট দিয়ে, অথচ ময়ে সময় (ৰ পৰিচালক)। মোৰ হাততেই সকলো ক্ষমতা, ৰাতি আৰু দিন ময়ে পৰিবৰ্তন কৰোঁ।
Choose an available translation of this Hadeeth
Hadeeth text
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "সৰ্বশক্তিমান আল্লাহে কৈছেঃ আদম সন্তানে সময়ক গালি পাৰি মোক কষ্ট দিয়ে, অথচ ময়ে সময় (ৰ পৰিচালক)। মোৰ হাততেই সকলো ক্ষমতা, ৰাতি আৰু দিন ময়ে পৰিবৰ্তন কৰোঁ।"
Explanation
Benefits
কথা আৰু বিশ্বাসৰ ক্ষেত্ৰতো আল্লাহৰ সৈতে সন্মানপূৰ্বক আৰু শিষ্টাচাৰপূৰ্ণ আচৰণ কৰিব লাগে।
তাক্বদীৰ তথা ভাগ্যৰ প্ৰতি ঈমান পোষণ কৰা আৰু দুখ কষ্টত ধৈৰ্য্য ধাৰণ কৰাটো অনিবাৰ্য।
আৰবী শব্দ (الأذى) 'কষ্ট' আৰু (الضرر) 'ক্ষতি' ৰ মাজত পাৰ্থক্য আছে। মানুহে কোনো অপ্ৰিয় কথা শুনি বা কিবা অপ্ৰিয় বস্তু দেখি কষ্ট পাব পাৰে, কিন্তু ইয়াৰ ফলত তাৰ শাৰীৰিক বা বাস্তৱিক কোনো ক্ষতি নহয়। ঠিক সেইদৰে মানুহে দুৰ্গন্ধৰ দ্বাৰাও কষ্ট পায়, যেনে- পিয়াঁজ আৰু নহৰুৰ দুৰ্গন্ধই কষ্ট দিয়ে। কিন্তু ইয়াৰ ফলত বাস্তৱিক ক্ষতি নহয়। (ইয়াকেই আৰবীত "আজা" বোলে।)
মহান আল্লাহে বান্দাসকলৰ কিছুমান কৰ্মৰ দ্বাৰা কষ্ট পায়, কিন্তু তেওঁৰ কোনো ক্ষতি নহয়। যেনে- সৰ্বশক্তিমান আল্লাহে হাদীছে কুদছীত কৈছেঃ "হে মোৰ বান্দাসকল! তোমালোকে কেতিয়াও মোক ক্ষতি কৰিব নোৱাৰা যে, মই ক্ষতিগ্ৰস্ত হ'ম। এইদৰে তোমালোকে মোৰ কোনো উপকাৰো কৰিব নোৱাৰা যে, মই উপকৃত হ'ম।"
সময়ক পাৰা গালি শপনি আৰু ইয়াৰ ধৰণক তিনিটা ভাগত ভাগ কৰিব পাৰিঃ ১) সময়ক এই কাৰণে গালি পাৰা যে, সময়েই হৈছে এইবোৰ ঘটনাৰ বাবে দায়ী, তথা এই বিশ্বাস পোষণ কৰা যে, সময়েই মানুহৰ জীৱন পৰিবৰ্তন কৰে, তথা ভাল বেয়াৰ ফালে লৈ যায়। এনেকুৱা বিশ্বাস হৈছে শ্বিৰ্কে আকবাৰ বা ডাঙৰ শ্বিৰ্ক। কিয়নো ইয়াত বিশ্বাস কৰা হৈছে যে, আল্লাহৰ সৈতে বেলেগ কোনো সৃষ্টিকৰ্তাও আছে, আৰু আল্লাহৰ বাহিৰে ঘটনাবোৰৰ সম্পৰ্ক বেলেগৰ সৈতে কৰা হৈছে। ২) সময়ক গালি পাৰে কিন্তু এই বিশ্বাসৰ কাৰণে নহয় যে, সময়েই এইবোৰ সংঘটিত কৰিছে, বৰং তেওঁ বিশ্বাস কৰে যে, আল্লাহেই হৈছে এইবোৰ ঘটনাৰ সৃষ্টিকৰ্তা। কিন্তু সময়ক এই কাৰণে কটাক্ষ কৰে তথা গালি পাৰে যে, সি অপছন্দনীয় কিবা বিষয়ৰ সন্মুখীন হৈছে, দুখ কষ্টৰ সন্মুখীন হৈছে। এই অৱস্থাত গালি পাৰাও হাৰাম। ৩) সময়ক গালি শপনি নাপাৰাকৈ কেৱল সংবাদ দিয়া। অৰ্থাৎ সময়ক কোনো ধৰণৰ দোষ নিদিয়াকৈ সময়ৰ কথা উল্লেখ কৰা। এইটো বৈধ। যেনে- লূত আলাইহিচ্ছালামে কৈছিলঃ "এইটো এটা বৰ কঠিন দিৱস।"
Attribution
Categories
Share hadeeth
Sharing options · 0 Total shares

