মই সুধিলোঁ, হে আল্লাহৰ ৰাছুল! নাজাত কেনেকৈ পাব পাৰি? তেখেতে ক'লেঃ তুমি তোমাৰ জিভাক নিয়ন্ত্ৰণত ৰাখিবা, বেছিভাগ সময় নিজৰ ঘৰত থকাৰ চেষ্টা কৰিবা, লগতে নিজৰ গুনাহৰ বাবে কান্দিবা।
Choose an available translation of this Hadeeth
Hadeeth text
উক্ববা বিন আমিৰ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ "মই সুধিলোঁ, হে আল্লাহৰ ৰাছুল! নাজাত কেনেকৈ পাব পাৰি? তেখেতে ক'লেঃ তুমি তোমাৰ জিভাক নিয়ন্ত্ৰণত ৰাখিবা, বেছিভাগ সময় নিজৰ ঘৰত থকাৰ চেষ্টা কৰিবা, লগতে নিজৰ গুনাহৰ বাবে কান্দিবা।"
Explanation
তেতিয়া নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তিনিটা বিষয় উল্লেখ কৰিছিলঃ
প্ৰথমঃ এনেকুৱা বিষয়ৰ পৰা নিজৰ জিভাক নিয়ন্ত্ৰণত ৰাখিবা য'ত কোনো কল্যাণ নাই। লগতে প্ৰত্যেক অনিষ্ট সাধন কৰিব পৰা কথাৰ পৰাও নিয়ন্ত্ৰণত ৰাখিবা। কল্যাণমূলক কথাৰ বাহিৰে বেলেগ কোনো কথা নক'বা।
দ্বিতীয়ঃ নিৰ্জনতাত ইবাদত কৰিবলৈ ঘৰতে থাকিবা। সৰ্বশক্তিমান আল্লাহৰ আনুগত্যত সদায় ব্যস্ত থাকিবা। ফিতনাৰ পৰা ৰক্ষা পাবলৈ ঘৰতে থাকিবা।
তৃতীয়ঃ হৈ যোৱা গুনাহৰ বাবে তাওবা কৰা, অনুতপ্ত হোৱা আৰু আল্লাহৰ ওচৰত অনুনয়-বিনয় কৰা।
Benefits
দুনিয়া আৰু আখিৰাতত মুক্তি পোৱাৰ উপায় উল্লেখ কৰা হৈছে।
আনৰ উপকাৰ কৰিবলৈ অপাৰগ হ'লে অথবা নিজৰ ক্ষেত্ৰতে হওক বা দ্বীনি ক্ষেত্ৰত যদি ক্ষয়-ক্ষতিৰ আশংকা থাকে তেন্তে নিজকে ইবাদতত ব্যস্ত ৰাখিবলৈ উৎসাহিত কৰা হৈছে।
হাদীছটোত ঘৰত থাকিবলৈ ইংগিত কৰা হৈছে, বিশেষকৈ ফিতনাৰ সময়ত। এইটো হৈছে দ্বীন ৰক্ষাৰ অন্যতম এটা উপায়।
Attribution
Categories
Share hadeeth
Sharing options · 0 Total shares

