Prophetic Hadeeth Encyclopedia
Search and read verified Prophetic hadeeth translations, explanations, benefits, categories and source attribution.
Search the Hadeeth Encyclopedia
Smart instant results tolerate minor spelling mistakes, with every filter in one place.
তাওবাহ
সৰ্বশক্তিমান আল্লাহে ৰাতিত হাত প্ৰসাৰিত কৰে, যাতে দিনত গুনাহ কৰা ব্যক্তিসকলে ৰাতিত তাওবা কৰে। এইদৰে তেওঁ দিনত হাত প্ৰসাৰিত কৰে, যাতে ৰাতিত গুনাহ কৰা ব্যক্তিসকলে দিনত তাওবা কৰে। এই ধাৰাবাহিকতা তেতিয়ালৈকে চলিব, যেতিয়ালৈকে সূৰ্য্য পশ্চিমফালৰ পৰা উদয় নহ'ব।
আবু মুছা ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "সৰ্বশক্তিমান আল্লাহে ৰাতিত হাত প্ৰসাৰিত কৰে, যাতে দিনত গুনাহ কৰা ব্যক্তিসকলে ৰাতিত তাওবা কৰে। এইদৰে তেওঁ দিনত হাত প্ৰসাৰিত কৰে, যাতে ৰাতিত গুনাহ কৰা ব্যক্তিসকলে দিনত তাওবা কৰে। এই ধাৰাবা…
প্রত্যেক আদম সন্তানেই পাপী। কিন্তু এই পাপীসকলৰ মাজত উত্তম সেইসকল, যিসকলে তাওবা কৰে।
হে আদম সন্তান! যেতিয়াই তুমি মোক আহ্বান কৰিবা তথা মোৰ প্ৰতি আশা ৰাখিবা, তেতিয়াই মই তোমাক ক্ষমা কৰি দিম, তোমাৰ অৱস্থা যিটোৱে নহওক কিয়, সেইটোৰ প্ৰতি মই ভ্ৰূক্ষেপ নকৰোঁ।
আনাছ ইবনু মালিক ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত তেওঁ কৈছেঃ মই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা শুনিছোঁ, তেখেতে কৈছেঃ "মহান আল্লাহে কৈছেঃ হে আদম সন্তান! যেতিয়াই তুমি মোক আহ্বান কৰিবা তথা মোৰ প্ৰতি আশা ৰাখিবা, তেতিয়াই মই তোমাক ক্ষমা কৰি দিম, তোমাৰ অৱস্থা যিটো…
তোমালোকে এই নিকৃষ্ট অশ্লীলতাক পৰিহাৰ কৰা, যিটোক আল্লাহে নিষেধ কৰিছে। এতেকে যাৰ দ্বাৰা এনেকুৱা অশ্লীল কৰ্ম হৈ যায়, তেওঁ আল্লাহৰ পৰ্দাত লুকাব লাগে, আৰু আল্লাহৰ ওচৰত তাওবা কৰিব লাগে। কিয়নো যিয়ে আমাৰ ওচৰত নিজৰ গুনাহ প্ৰকাশ কৰিব, আমি তাক সৰ্বশক্তিমান আল্লাহৰ কিতাব অনুসৰি শাস্তি বিহিম।
আব্দুল্লাহ বিন ওমৰ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে আছলামীক ৰজম (শিল দলিয়াই মৃত্যুদণ্ড প্ৰদান) কৰাৰ পিছত থিয় হৈ ক'লেঃ "তোমালোকে এই নিকৃষ্ট অশ্লীলতাক পৰিহাৰ কৰা, যিটোক আল্লাহে নিষেধ কৰিছে। এতেকে যাৰ দ্বাৰা এনেকুৱা অশ্লীল কৰ্ম হৈ যায়, ত…
যদি কোনো ব্যক্তিয়ে গুনাহ কৰাৰ পিছত পৱিত্ৰতা অৰ্জন কৰি নামাজ আদায় কৰে আৰু তাৰ পিছত আল্লাহৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰে, তেন্তে আল্লাহে তাক ক্ষমা কৰি দিয়ে।
মই এনেকুৱা এজন ব্যক্তি আছিলোঁ যে, মই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা কোনো হাদীছ শুনিলে সেইটোৰ পৰা আল্লাহৰ ইচ্ছাত প্ৰভূত উপকৃত হৈছিলোঁ। আনহাতে যেতিয়া কোনো চাহাবীয়ে মোক হাদীছ বৰ্ণনা কৰিছিল, তেতিয়া মই তেওঁক শপত খাবলৈ কৈছিলোঁ, মোৰ কথাত তেওঁ শপত খালেহে মই তাৰ স…
নিশ্চয় মহান আল্লাহে কেতিয়াও টোপনি নাযায়, আনকি টোপনি যোৱাটো তেওঁৰ বাবে সমীচীনো নহয়।
আবূ মুছা ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছে: ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে আমাৰ মাজত থিয় হৈ পাঁচটা কথাৰ উপদেশ দি ক'লেঃ "নিশ্চয় মহান আল্লাহে কেতিয়াও টোপনি নাযায়, আনকি টোপনি যোৱাটো তেওঁৰ বাবে সমীচীনো নহয়। তেওঁ (নিজৰ ইচ্ছা মতে) ন্যায়ৰ তুলাচনী উত্তোলন ক…
তোমালোকে এই বিষয়ত মোৰ সৈতে বাইআত কৰা যে, আল্লাহৰ সৈতে কাকো অংশীদাৰ স্থাপন নকৰিবা, চুৰি নকৰিবা, ব্যভিচাৰ নকৰিবা।
উবাদাহ বিন চামিত ৰাদ্বিয়াল্লাহু আনহু আছিল বদৰৰ যুদ্ধত অংশগ্ৰহণকাৰী আৰু আকাবাৰ ৰাতিত অৱস্থান কৰা নকীবসকলৰ অন্যতম এজন। তেওঁ বৰ্ণনা কৰিছে যে, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কেইবাজনো চাহাবাৰ উপস্থিতিত কৈছে যে, "তোমালোকে এই বিষয়ত মোৰ সৈতে বাইআত কৰা যে, আল্লাহৰ সৈত…

