افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم.
#65114[ছহীহ]
HadeethEnc · 1.16.0

নিশ্চয় মহান আল্লাহে কেতিয়াও টোপনি নাযায়, আনকি টোপনি যোৱাটো তেওঁৰ বাবে সমীচীনো নহয়।

Available translations

Choose an available translation of this Hadeeth

01

Hadeeth text

আবূ মুছা ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছে: ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে আমাৰ মাজত থিয় হৈ পাঁচটা কথাৰ উপদেশ দি ক'লেঃ "নিশ্চয় মহান আল্লাহে কেতিয়াও টোপনি নাযায়, আনকি টোপনি যোৱাটো তেওঁৰ বাবে সমীচীনো নহয়। তেওঁ (নিজৰ ইচ্ছা মতে) ন্যায়ৰ তুলাচনী উত্তোলন কৰে আৰু নমায়। দিনৰ আমলৰ আগতে তেওঁৰ ওচৰত ৰাতিৰ আমল উপস্থাপন কৰা হয়, এইদৰে ৰাতিৰ আমলৰ আগতে দিনৰ আমল তেওঁৰ ওচৰত উপস্থাপন কৰা হয়। তেওঁৰ পৰ্দা হৈছে নূৰ, বেলেগ এটা বৰ্ণনাত আছে যে, জুই। যদি তেওঁ সেই পৰ্দা আঁতৰাই দিয়ে তেন্তে তেওঁৰ মুখমণ্ডলৰ জ্যোতিৰে তেওঁৰ দৃষ্টি যিমান পৰ্যন্ত যায় সেই সকলো মখলুক্ব পুৰি ছাৰখাৰ হৈ যাব।"
02

Explanation

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে চাহাবাসকলক সম্বোধন কৰি ভাষণ দিবলৈ থিয় হ'ল আৰু তেখেতে সেই ভাষণৰ মাজতে পাঁচটা বিষয় উল্লেখ কৰি ক'লে যে, প্ৰথমঃ সৰ্বশক্তিমান আল্লাহে কেতিয়াও টোপনি নাযায়। দ্বিতীয়ঃ কিয়নো টোপনি তেওঁৰ সত্ত্বাৰ বাবে উপযুক্ত নহয়। কাৰণ তেওঁ সৰ্বসত্ত্বাৰ ধাৰক, চিৰঞ্জীৱ। তৃতীয়ঃ মহান আল্লাহে বান্দাসকলৰ আমল অনুপাতে তুলাচনী উঠায় আৰু নমায়। বান্দাসকলৰ সেইবোৰ আমলক ওজন কৰা হয় যিবোৰ আমল তেওঁৰ ফালে আৰোহণ কৰে, আৰু বান্দাসকলৰ ফালে নামি অহা সিহঁতৰ জীৱিকাকো ওজন কৰা হয়। এতেকে জীৱিকা যিহেতু প্ৰতিটো মখলুকৰ নিৰ্ধাৰিত অংশ, সেয়ে তেওঁ কেতিয়াবা ইয়াক হ্ৰাস কৰি সিহঁতক অভাৱ অনাটনত পেলায় আৰু কেতিয়াবা অধিক প্ৰদান কৰি প্ৰশস্ততা প্ৰদান কৰে। চতুৰ্থঃ বান্দাসকলৰ ৰাতিৰ প্ৰতিটো আমল দিন হোৱাৰ আগতে তেওঁৰ ফালে উঠাই লোৱা হয়। এইদৰে দিনৰ প্ৰতিটো আমল ৰাতি হোৱাৰ আগতেই উঠাই লোৱা হয়। এতেকে দায়িত্বত থকা ফিৰিস্তাসকলে দিনৰ আৰম্ভণিতে ৰাতিৰ আমলসমূহ লৈ আৰোহণ কৰে, এইদৰে ৰাতিৰ আৰম্ভণিতে দিনৰ আমলসমূহ লৈ ওপৰলৈ উঠে। পঞ্চমঃ মহান আল্লাহক দীদাৰৰ পৰা বাধা প্ৰদানকাৰী পৰ্দাটো হৈছে নূৰ (জ্যোতি) অথবা নাৰ (অগ্নি)। যদি তেওঁ সেইটো উন্মুক্ত কৰি দিয়ে তেন্তে তেওঁৰ নূৰৰ তাজাল্লীয়ে সৃষ্টি জগতৰ যিমান দূৰলৈ দৃষ্টি যাব, জ্বলি-পুৰি ছাই হৈ যাব। গতিকে সৰ্বশক্তিমান আল্লাহৰ মুখমণ্ডলৰ জ্যোতি হৈছে নূৰ, আৰু এইটোৱে হৈছে তেওঁৰ সৌন্দৰ্য্য। আৰু ইয়াৰ অৰ্থ হ'ল যে, যদি তেওঁ সৃষ্টিৰ সন্মুখত নিজৰ পৰ্দা আঁতৰাই দিয়ে তেন্তে তেওঁৰ মুখমণ্ডলৰ নূৰৰ ফলত তেওঁৰ দৃষ্টি সীমালৈকে সকলো বস্তুকে পুৰি ছাই কৰি পেলাব; আৰু জানি থোৱা উচিত যে, তেওঁৰ দৃষ্টিয়ে সমগ্ৰ বিশ্বজগতকে সামৰি আছে।
03

Benefits

এই কথা উল্লেখ কৰা হৈছে যে, মহান আল্লাহৰ বাবে টোপনি অসম্ভৱ, কিয়নো টোপনি হৈছে এটা ত্ৰুটি, আৰু তেওঁ সকলো ধৰণৰ দোষ-ত্ৰুটিৰ পৰা পৱিত্ৰ।
মহান আল্লাহে যাক ইচ্ছা কৰে সন্মান প্ৰদান কৰে, আৰু যাক ইচ্ছা অপমানিত লাঞ্ছিত কৰে, লগতে তেওঁ বান্দাসকলৰ মাজৰ পৰা যাক ইচ্ছা কৰে হিদায়ত দিয়ে আৰু যাক ইচ্ছা কৰে পথভ্ৰষ্ট কৰে।
বান্দাৰ সকলো আমল দিনৰটো দিনত আৰু ৰাতিৰটো ৰাতিত আল্লাহৰ ফালে উঠোৱাই লোৱা হয়। ইয়াৰ দ্বাৰা বান্দাসকলক উৎসাহিত কৰা হৈছে যে, সিহঁতে যেন দিনে ৰাতি আল্লাহৰ আনুগত্যত মনোযোগ দিয়ে।
হাদীছটোৱে মহান আল্লাহৰ ন্যায় আৰু মখলুকৰ বিষয়সমূহত তেওঁৰ উত্তম পৰিকল্পনাৰ প্ৰমাণ বহন কৰে। ইয়াত কোনো সন্দেহ নাই যে, নিশ্চয় এইটো হৈছে তেওঁৰ অন্যতম পূৰ্ণাংগ গুণাৱলী।
মহান আল্লাহৰ বাবে পৰ্দাৰ অস্তিত্ব প্ৰমাণিত, সেই পৰ্দাটো হৈছে এটা নূৰ (জ্যোতি), যিটোৰ দ্বাৰা তেওঁৰ আৰু মখলুকৰ মাজত অন্তৰায় সৃষ্টি কৰা হৈছে; যদি এইটো নাথাকিলহেঁতেন, তেন্তে সমগ্ৰ সৃষ্টিজগত জ্বলি পুৰি ছাই হ'লহেঁতেন।
আজুৰী ৰাহিমাহুল্লাহে কৈছেঃ "আহলে হক (সত্যৰ অনুসাৰীসকলে) সৰ্বশক্তিমান আল্লাহক সেইবোৰ গুণেৰে গুণাম্বিত কৰে, যিবোৰ গুণেৰে তেওঁ নিজকে গুণাম্বিত কৰিছে, লগতে যিদৰে তেওঁৰ নবীয়ে তেওঁক গুণাম্বিত কৰিছে, আৰু চাহাবাসকলে যিবোৰ গুণেৰে গুণাম্বিত কৰে। এইটোৱে হৈছে সত্যৰ অনুসাৰী উলামাসকলৰ মজহাব, যিসকলে নিজকে বিদআতৰ পৰা আঁতৰত ৰাখিছে।" সমাপ্ত। আহলে ছুন্নত অল জামাআতে মহান আল্লাহৰ বাবে সেই সকলো নাম আৰু গুণাৱলী সাব্যস্ত কৰে, যিবোৰ নাম আৰু গুণাৱলী স্বয়ং আল্লাহে নিজৰ বাবে সাব্যস্ত কৰিছে। তেওঁলোকে এইবোৰ নাম আৰু গুণাৱলীৰ ক্ষেত্ৰত কোনো ধৰণৰ পৰিবৰ্তন, পৰিবৰ্ধন, বিকৃত, আৰু ধৰণ-গঠণ উপমা সাদৃশ্য আদি সাব্যস্ত নকৰে। লগতে তেওঁলোকে আল্লাহৰ বাবে সেই সকলো দোষ-ত্ৰুটি নসাৎ কৰে যিবোৰ দোষ-ত্ৰুটি আল্লাহে নিজৰ বাবে নসাৎ কৰিছে। লগতে তেওঁলোকে সেইসমূহ বিষয়ত মৌনতা অৱলম্বন কৰে যিবোৰ ক্ষেত্ৰত কোনো ধৰণৰ ইতিবাচক বা নেতিবাচক কোনো প্ৰমাণ নাই। মহান আল্লাহে পৱিত্ৰ কোৰআনত কৈছেঃ (একোৱেই তেওঁৰ সদৃশ নহয়, আৰু তেওঁ সৰ্বশ্ৰোতা, সৰ্বদ্ৰষ্টা।)
মহান আল্লাহৰ চিফাতি নূৰ (জ্যোতি) আৰু তেওঁৰ পৰ্দাকৃত নূৰৰ মাজত আছে আকাশ পাতাল পাৰ্থক্য, কিয়নো পৰ্দাকৃত নূৰটো হৈছে এটা মখলুক্ব। আনহাতে তেওঁৰ চিফাতী নূৰ হৈছে এনেকুৱা নূৰ যিটো তেওঁ সত্তাৰ বাবে উপযুক্ত, সেইটোৰ কোনো তুলনা নহয়, আনকি কোনো বস্তুৰ দ্বাৰা ৰিজাই চোৱাও সম্ভৱ নহয়। পক্ষান্তৰে নবী চাল্লাল্লাহু আলাইহি অছাল্লামে যিটো নূৰ প্ৰত্যক্ষ কৰিছিল সেইটো আছিল সেই পৰ্দাকৃত নূৰ, যিটোৰ দ্বাৰা আল্লাহে বান্দাসকলৰ পৰা পৰ্দা কৰিছে।

Attribution

[(মুছলিম)]

Categories

Share

Share hadeeth

Sharing options · 0 Total shares

Share

← Back to encyclopedia
Shopping Basket

Loading...