হে আদম সন্তান! যেতিয়াই তুমি মোক আহ্বান কৰিবা তথা মোৰ প্ৰতি আশা ৰাখিবা, তেতিয়াই মই তোমাক ক্ষমা কৰি দিম, তোমাৰ অৱস্থা যিটোৱে নহওক কিয়, সেইটোৰ প্ৰতি মই ভ্ৰূক্ষেপ নকৰোঁ।
Choose an available translation of this Hadeeth
Hadeeth text
আনাছ ইবনু মালিক ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত তেওঁ কৈছেঃ মই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা শুনিছোঁ, তেখেতে কৈছেঃ "মহান আল্লাহে কৈছেঃ হে আদম সন্তান! যেতিয়াই তুমি মোক আহ্বান কৰিবা তথা মোৰ প্ৰতি আশা ৰাখিবা, তেতিয়াই মই তোমাক ক্ষমা কৰি দিম, তোমাৰ অৱস্থা যিটোৱে নহওক কিয়, সেইটোৰ প্ৰতি মই ভ্ৰূক্ষেপ নকৰোঁ। হে আদম সন্তান! তোমাৰ গুনাহ যদি আকাশলংঘী হয়, ইয়াৰ পিছতো যদি তুমি মোৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰা তেন্তে মই তোমাক ক্ষমা কৰি দিম। মই কোনো ভ্ৰূক্ষেপ নকৰোঁ। হে আদম সন্তান! তুমি যদি পৃথিৱীৰ সমান গুনাহ লৈ মোৰ ওচৰত এনেকুৱা অৱস্থাত উপস্থিত হোৱা যে, তুমি মোৰ সৈতে কাকো অংশীদাৰ স্থাপন কৰা নাই তেন্তে মই তোমাক সেই পৃথিৱীৰ সমানেই ক্ষমা দান কৰিম।"
Explanation
হে আদম সন্তান! তুমি যদি মৃত্যুৰ পিছত পৃথিৱীৰ সমান গুনাহ লৈ উপস্থিত হোৱা, আৰু তুমি যদি শ্বিৰ্ক নকৰা অৱস্থাত মৃত্যুবৰণ কৰি থাকা, তেন্তে মই তোমাৰ সেই পৃথিৱীৰ সমান গুনাহৰ পৰিবৰ্তে, সেই অনুপাতে ক্ষমা দান কৰিম। কাৰণ মই অসীম ক্ষমাশীল। মই শ্বিৰ্কৰ বাহিৰে সকলো গুনাহ ক্ষমা কৰি দিওঁ।
Benefits
তাওহীদৰ ফজিলত, কাৰণ আল্লাহে তাওহীদপন্থীসকলৰ পাপকৰ্ম আৰু গুনাহ ক্ষমা কৰি দিব।
শ্বিৰ্কৰ ভয়াৱহতা, কাৰণ আল্লাহে মুশ্বৰিক ব্যক্তিক ক্ষমা নকৰে।
ইবনে ৰজব ৰাহিমাহুল্লাহে কৈছেঃ এই হাদীছটোত তিনিটা এনেকুৱা বিষয়ৰ কথা কোৱা হৈছে, যাৰ ফলত গুনাহ ক্ষমা হয়। প্ৰথমঃ আশাৰ সৈতে দুআ কৰা। দ্বিতীয়ঃ ক্ষমা প্ৰাৰ্থনা কৰা আৰু তাওবা কৰা। তৃতীয়ঃ তাওহীদৰ ওপৰত মৃত্যুবৰণ কৰা।
এই হাদীছটো হৈছে সেইবোৰ হাদীছৰ অন্তৰ্ভুক্ত, যিবোৰ হাদীছ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে স্বয়ং আল্লাহৰ পৰা বৰ্ণনা কৰিছে। এনেকুৱা হাদীছক হাদীছে কুদছী বা হাদীছে ইলাহী বুলি কোৱা হয়। এইবোৰ হাদীছৰ শব্দ আৰু অৰ্থ দুয়োটাই আল্লাহৰ পৰা বৰ্ণিত। কিন্তু এইবোৰৰ মাজত কোৰআনৰ কোনো বৈশিষ্ট্য নাই, যেনে- কোৰআন তিলাৱত কৰিলে ছোৱাব পোৱা যায়, কোৰআন পঢ়িবলৈ পৱিত্ৰতা লাগে, এইদৰে কোৰআনৰ আয়াতৰ দ্বাৰা প্ৰত্যাহ্বান জনোৱা হৈছে আৰু কোৰআনৰ মাজত আছে অলৌকিকতা।
গুনাহ তিনি প্ৰকাৰৰঃ ১) আল্লাহৰ সৈতে শ্বিৰ্ক কৰা। এই গুনাহ আল্লাহে কেতিয়াও ক্ষমা নকৰে। সৰ্বশক্তিমান আল্লাহে কৈছেঃ যিয়ে আল্লাহৰ সৈতে শ্বিৰ্ক কৰে আল্লাহে তাৰ ওপৰত জান্নাত হাৰাম কৰি দিছে। ২) বান্দাই নিজৰ প্ৰতি অন্যায় কৰা, অৰ্থাৎ মহান আল্লাহৰ অবাধ্যতা কৰি গুনাহ কৰা। মহান আল্লাহে ইচ্ছা কৰিলে এনেকুৱা গুনাহো ক্ষমা কৰি দিয়ে। ৩) এনেকুৱা গুনাহ যিটোত আল্লাহে হস্তক্ষেপ নকৰে। সেইটো হৈছে বান্দাই ইজনে সিজনৰ প্ৰতি অন্যায় কৰা। এনেকুৱা গুনাহৰ ক্ষেত্ৰত ক্ষতিপূৰণ অনিবাৰ্য।
Attribution
Categories
Share hadeeth
Sharing options · 0 Total shares

