তোমালোকে সঠিকভাৱে নিষ্ঠা সহকাৰে কাম কৰি নৈকট্য অৱলম্বন কৰা, জানি থোৱা, তোমালোকৰ কোনো আমলেই তোমালোকক জান্নাতত প্ৰৱেশ কৰাব নোৱাৰিব।" চাহাবাসকলে সুধিলে, হে আল্লাহৰ ৰাছুল! আপোনাকো নহয়? তেখেতে ক'লেঃ "হয়, মোকো নহয়, কিন্তু মোক আল্লাহৰ ৰহমত আৰু অনুগ্ৰহই ঢাকি ৰাখিছে।
Choose an available translation of this Hadeeth
Hadeeth text
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "তোমালোকে সঠিকভাৱে নিষ্ঠা সহকাৰে কাম কৰি নৈকট্য অৱলম্বন কৰা, জানি থোৱা, তোমালোকৰ কোনো আমলেই তোমালোকক জান্নাতত প্ৰৱেশ কৰাব নোৱাৰিব।" চাহাবাসকলে সুধিলে, হে আল্লাহৰ ৰাছুল! আপোনাকো নহয়? তেখেতে ক'লেঃ "হয়, মোকো নহয়, কিন্তু মোক আল্লাহৰ ৰহমত আৰু অনুগ্ৰহই ঢাকি ৰাখিছে।"
Explanation
ইয়াৰ পিছত তেখেতে জনাইছে যে, কেৱল আমলে তোমালোকৰ মাজৰ কাকো ৰক্ষা কৰিব নোৱাৰিব, যদি আল্লাহৰ ৰহমত নাথাকে।
তেওঁলোকে সুধিলেঃ হে আল্লাহৰ ৰাছুল! আপোনাৰ আমলেও আপোনাক ৰক্ষা কৰিব নোৱাৰিবনে?
তেখেতে ক'লেঃ হয়, মোকো নোৱাৰিব। কিন্তু আল্লাহে মোক তেওঁৰ ৰহমত আৰু অনুগ্ৰহৰ দ্বাৰা আবৃত কৰি ৰাখিছে।
Benefits
ইবনু বাজ ৰাহিমাহুল্লাহে কৈছেঃ নেক আমল হৈছে জান্নাতত প্ৰৱেশৰ অন্যতম এটা কাৰণ। যিদৰে বেয়া আমল হৈছে জাহান্নামত প্ৰৱেশৰ অন্যতম এটা কাৰণ। হাদীছটোত এই কথা স্পষ্ট কৰা হৈছে যে, অকল আমলৰ দ্বাৰা জান্নাতত প্ৰৱেশ কৰা নাযাব, বৰং আল্লাহৰ ৰহমত, দয়া আৰু ক্ষমা অত্যন্ত জৰুৰী। সেয়ে তেওঁলোকে আমলৰ কাৰণে প্ৰৱেশ কৰিব যদিও ইয়াত থাকিব আল্লাহৰ ৰহমত, দয়া, ক্ষমা তথা মাগফিৰাত।
বান্দাই নিজৰ ভাল কৰ্মকলৈ কেতিয়াও গৌৰৱ কৰিব নালাগে তথা এই ক্ষেত্ৰত প্ৰতাৰিত হ'ব নালাগে। কাৰণ বান্দাৰ আমলতকৈ আল্লাহৰ অধিকাৰ অধিক ডাঙৰ। সেয়ে বান্দাই ভয়-ভীতি আৰু আশাৰ সৈতে আমল কৰিব লাগে।
বান্দাৰ আমলতকৈ মহান আল্লাহৰ ৰহমত আৰু তেওঁৰ অনুগ্ৰহ বান্দাসকলৰ প্ৰতি অধিক প্ৰশস্ত।
নেক আমল হৈছে জান্নাতত প্ৰৱেশ কৰাৰ আৰু সফলতা লাভৰ অন্যতম কাৰণ। এইটো অৰ্জন হয় আল্লাহৰ ৰহমত আৰু তেওঁৰ অনুগ্ৰহৰ ফলত।
কিৰমানী ৰাহিমাহুল্লাহে কৈছেঃ "আল্লাহৰ ৰহমত অবিহনে কোনেও জান্নাতত প্ৰৱেশ কৰিব নোৱাৰিব। ইয়াত ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ কথাও কোৱা হৈছে, যিহেতু তেখেতে জান্নাত লাভ কৰাটো নিশ্চিত, তথাপিও তেখেতে আল্লাহৰ ৰহমত অবিহনে জান্নাতত প্ৰৱেশ কৰিব নোৱাৰিব। তেনে ক্ষেত্ৰত বেলেগৰ বিষয়টো জলজল পটপট।"
নাৱাৱী ৰাহিমাহুল্লাহে পৱিত্ৰ কোৰআনৰ এই আয়াতৰ অৰ্থত কৈছেঃ ﴿ادْخُلُوا الْجَنَّةَ بِمَا كُنْتُمْ تَعْمَلُونَ﴾ [النحل: 32]، ﴿وَتِلْكَ الْجَنَّةُ الَّتِي أُورِثْتُمُوهَا بِمَا كُنْتُمْ تَعْمَلُونَ﴾ [الزخرف: 72] (তোমালোকে যি কৰিছিলা তাৰ বিনিময়ত জান্নাতত প্ৰৱেশ কৰা’।) [আন-নাহলঃ ৩২] (এইটোৱেই হৈছে জান্নাত, তোমালোকক যিটোৰ অধিকাৰী কৰা হৈছে, কাৰণ তোমালোকে আমল কৰিছিলা।) [আঝ-ঝুখৰূফঃ ৭২] এনেকুৱা অৰ্থৰ আয়াতবোৰে প্ৰমাণ কৰে যে, আমলৰ ফলতেই মানুহে জান্নাতত প্ৰৱেশ কৰিব। হাদীছ আৰু আয়াতৰ মাজত কোনো মতবিৰোধ নাই। বৰং আয়াতৰ অৰ্থ হৈছে যে, আমলৰ কাৰণে জান্নাতত প্ৰৱেশ কৰিব, কিন্তু আমল কৰাৰ তাওফীক, ইখলাচৰ বাবে হিদায়তকে আদি কৰি সেই আমল কবূল হয় আল্লাহৰ ৰহমত আৰু তেওঁৰ অনুগ্ৰহত। গতিকে এইটোৱে প্ৰমাণ কৰে যে, অকল আমলৰ ফলতে জান্নাত লাভ কৰিব নোৱাৰি। হাদীছটোৰ তাৎপৰ্য্য এইটোৱেই। এই কথাক এইদৰেও ক'ব পাৰি যে, মানুহে আমলৰ ফলতেই জান্নাত লাভ কৰিব, আৰু এইটো হ'ব আল্লাহৰ ৰহমতত।
ইবনুল জাওঝী ৰাহিমাহুল্লাহে কৈছেঃ ইয়াৰ চাৰি ধৰণে উত্তৰ দিব পাৰি। ১- আমলৰ তাওফীক প্ৰাপ্ত হয় আল্লাহৰ ৰহমতত। যদি আল্লাহৰ ৰহমত নাথাকিলহেঁতেন তেন্তে ঈমানো অৰ্জন নহ'লহেঁতেন আৰু সেই আনুগত্য কৰাৰ তাওফীকো নহ'লহেঁতেন যাৰ দ্বাৰা মুক্তি লাভ হয়। ২- দাসৰ দ্বাৰা অৰ্জিত সকলো লাভ মালিকৰ হয়, সেয়ে দাসৰ সকলো কৰ্ম হৈছে মালিকৰ হক। মালিকে তাক যিমানেই পুৰষ্কৃত নকৰক কিয়, সেয়া হৈছে মালিকৰ কৃপাহে। ৩- কিছুমান হাদীছত আহিছে যে, মানুহে আল্লাহৰ ৰহমততহে জান্নাতত প্ৰৱেশ কৰিব, আৰু নিজৰ আমল অনুসৰি জান্নাতত মৰ্যাদা লাভ কৰিব। ৪- নেক কৰ্ম কৰা হয় এটা সীমিত সময়ত। পক্ষান্তৰে জান্নাতৰ পুৰষ্কাৰ হৈছে চিৰস্থায়ী। সেয়ে এই সীমিত সময়ৰ আমলৰ দ্বাৰা চিৰস্থায়ী পুৰষ্কাৰ লাভ কৰাটো অসম্ভৱ, সেয়ে কেৱল আল্লাহৰ ৰহমত আৰু তেওঁৰ অনুগ্ৰহতহে এইটো লাভ কৰিব পাৰি।
ৰাফেয়ীয়ে কৈছেঃ আমলকাৰীয়ে কেতিয়াও নিজৰ আমলৰ ওপৰত ভৰসা কৰি মুক্তিৰ আশা আৰু মৰ্যাদা কামনা কৰা উচিত নহয়। কাৰণ সি আল্লাহৰ তাওফীকতহে আমল কৰিব পাৰিছে, আৰু আল্লাহৰ সুৰক্ষা বেষ্টনীৰ কাৰণেহে গুনাহৰ পৰা বিৰত হ'ব পাৰিছে। এই সকলোবোৰ হৈছে আল্লাহৰ ৰহমতত আৰু তেওঁৰ অনুগ্ৰহত।
Attribution
Categories
Share hadeeth
Sharing options · 0 Total shares

