افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم.
#3636[ছহীহ]
HadeethEnc · 1.16.0

মই মোৰ বান্দাৰ সৈতে সেইদৰেই আচৰণ কৰোঁ, যিদৰে সি মোক ধাৰণা কৰে।

Available translations

Choose an available translation of this Hadeeth

01

Hadeeth text

আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে যে, "সৰ্বশক্তিমান আল্লাহে কৈছেঃ মই মোৰ বান্দাৰ সৈতে সেইদৰেই আচৰণ কৰোঁ, যিদৰে সি মোক ধাৰণা কৰে। সি মোক যেতিয়াই স্মৰণ কৰে তেতিয়াই মই তাৰ স্মৰণত সঁহাৰি দিওঁ। সি যদি মোক মনে মনে স্মৰণ কৰে তেন্তে ময়ো তাক মনে মনে স্মৰণ কৰোঁ। আনহাতে সি যদি মোক কোনো সমাৱেশত স্মৰণ কৰে, তেন্তে মই তাক ইয়াতকৈও উত্তম সমাৱেশত স্মৰণ কৰোঁ। সি যদি মোৰ ওচৰলৈ এবেগেত পৰিমাণ নিকটৱৰ্তী হয় তেন্তে মই তাৰ ওচৰলৈ এক হাত পৰিমাণ আগুৱাই যাওঁ। এইদৰে সি যদি মোৰ ওচৰলৈ এক হাত পৰিমাণ আগুৱাই আহে, তেন্তে মই তাৰ ওচৰলৈ এক গজ পৰিমাণ আগুৱাই যাওঁ। সি যদি মোৰ ওচৰলৈ খোজকাঢ়ি আহে তেন্তে মই তাৰ ওচৰলৈ দৌৰি যাওঁ।"
02

Explanation

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে জনাইছে যে, মহান আল্লাহে কৈছেঃ

বান্দাই মোক যিদৰে ধাৰণা কৰে, মই তাৰ সৈতে সেইদৰেই আচৰণ কৰোঁ। এতেকে সি যিদৰে মোৰ প্ৰতি আশা পোষণ কৰে, তথা ক্ষমাৰ ধাৰণা কৰে মই তাক সেইটোৱে প্ৰদান কৰোঁ, বান্দাই আল্লাহৰ ওচৰত হিদায়ত ৰহমত যি কল্যাণেই কামনা কৰে, তেওঁ সেইটোৱে তাক প্ৰদান কৰে। বান্দাই যেতিয়া আল্লাহক স্মৰণ কৰে, তেতিয়া আল্লাহে তাক হিদায়ত, ৰহমত আৰু তাওফীকৰ জৰিয়তে সহায় কৰে।

যদি সি মোক মনে মনে তথা নিৰ্জনতাত অকলশৰীয়াকৈ তাছবীহ তাহলীলৰ মাধ্যমত স্মৰণ কৰে তেন্তে ময়ো তাক মনতে স্মৰণ কৰোঁ।

এইদৰে সি যদি মোক সমাৱেশত স্মৰণ কৰে, তেন্তে মই তাক ইয়াতকৈ উত্তম আৰু অধিক উৎকৃষ্ট সভাত স্মৰণ কৰোঁ।

বান্দা আল্লাহৰ প্ৰতি এবেগেত পৰিমাণ নিকটৱৰ্তী হ'লে, আল্লাহে তাৰ ওচৰলৈ এক হাত পৰিমাণ আগুৱাই আহে।

আনহাতে সি যদি এক হাত পৰিমাণ আগুৱাই আহে তেন্তে আল্লাহে তাৰ পিনে এক গজ পৰিমাণ আগুৱাই আহে।

এইদৰে সি যদি আল্লাহৰ ফালে খোজকাঢ়ি আহে, তেন্তে আল্লাহে তাৰ ওচৰলৈ দৌৰি আহে।

বান্দাই যদি আনুগত্য আৰু ইবাদতৰ জৰিয়তে আল্লাহৰ নৈকট্য অৱলম্বন কৰাৰ চেষ্টা কৰে, তেন্তে মহান আল্লাহে তাক তাৰ সেই আমলৰ অধিক প্ৰতিদান প্ৰদান কৰি সহায় কৰে।

মুমিন ব্যক্তিয়ে ইবাদতৰ ক্ষেত্ৰত যি পৰিমাণে পূৰ্ণাংগতা লাভ কৰে, সেই পৰিমাণেই সি আল্লাহৰ নৈকট্য অৱলম্বন কৰে। আল্লাহে বান্দাক তাৰ কষ্ট আৰু আমলতকৈ অধিক ছোৱাব প্ৰদান কৰে। মুঠতে আল্লাহৰ প্ৰতিদান তথা ছোৱাব বান্দাৰ আমলতকৈ সকলো ফালৰ পৰা অধিক, সেয়া গুণগত দিশতেই হওক বা পৰিমাণৰ ক্ষেত্ৰতেই হওক।

এতেকে মুমিন ব্যক্তিয়ে আল্লাহৰ প্ৰতি ভাল ধাৰণা পোষণ কৰা উচিত আৰু আমল কৰা উচিত। লগতে দ্ৰুত অগ্ৰসৰ হোৱা উচিত তথা বেছি বেছি নেক আমল কৰা উচিত, যাতে আল্লাহৰ সাক্ষাৎ লাভ কৰিব পাৰে।
03

Benefits

এই হাদীছটোক নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁৰ প্ৰতিপালকৰ পৰা বৰ্ণনা কৰিছে, এনেকুৱা হাদীছক হাদীছে কুদছী বা হাদীছে ইলাহী বোলে। যি হাদীছৰ শব্দ আৰু অৰ্থ আল্লাহৰ পৰা অৱতীৰ্ণ। কিন্তু ইয়াৰ ভিতৰত কোৰআনৰ কোনো বিশেষত্ব নাই, যিবোৰ বিশেষত্ব একমাত্ৰ কোৰআনৰ বাবেই নিৰ্দিষ্ট। যেনে- কোৰআন তিলাৱত কৰিলে ছোৱাব পোৱা যায়, পৱিত্ৰ হৈ স্পৰ্শ কৰিব লাগে, কোৰআনৰ দ্বাৰা প্ৰত্যাহ্বান জনোৱা হৈছে, লগতে কোৰআনৰ মাজত আছে বহুতো অলৌকিকতা, ইত্যাদি।
আজুৰী ৰাহিমাহুল্লাহে কৈছেঃ "আহলে হক (সত্যৰ অনুসাৰীসকলে) সৰ্বশক্তিমান আল্লাহক সেইবোৰ গুণেৰে গুণাম্বিত কৰে, যিবোৰ গুণেৰে তেওঁ নিজকে গুণাম্বিত কৰিছে, লগতে যিদৰে তেওঁৰ নবীয়ে তেওঁক গুণাম্বিত কৰিছে, এইদৰে চাহাবাসকলে যিবোৰ গুণেৰে গুণাম্বিত কৰে। এইটোৱে হৈছে সত্যৰ অনুসাৰী উলামাসকলৰ মজহাব, যিসকলে নিজকে বিদআতৰ পৰা আঁতৰত ৰাখিছে।" সমাপ্ত। আহলে ছুন্নত অল জামাআতে মহান আল্লাহৰ বাবে সেই সকলো নাম আৰু গুণাৱলী সাব্যস্ত কৰে, যিবোৰ নাম আৰু গুণাৱলী স্বয়ং আল্লাহে নিজৰ বাবে সাব্যস্ত কৰিছে। তেওঁলোকে এইবোৰ নাম আৰু গুণাৱলীৰ ক্ষেত্ৰত কোনো ধৰণৰ পৰিবৰ্তন, পৰিবৰ্ধন, বিকৃত, আৰু ধৰণ-গঠণ উপমা সাদৃশ্য আদি সাব্যস্ত নকৰে। লগতে তেওঁলোকে আল্লাহৰ বাবে সেই সকলো দোষ-ত্ৰুটি নসাৎ কৰে যিবোৰ দোষ-ত্ৰুটি আল্লাহে নিজৰ বাবে নসাৎ কৰিছে। লগতে তেওঁলোকে সেইসমূহ বিষয়ত মৌনতা অৱলম্বন কৰে যিবোৰ ক্ষেত্ৰত কোনো ধৰণৰ ইতিবাচক বা নেতিবাচক কোনো প্ৰমাণ নাই। মহান আল্লাহে পৱিত্ৰ কোৰআনত কৈছেঃ (একোৱেই তেওঁৰ সদৃশ নহয়, আৰু তেওঁ সৰ্বশ্ৰোতা, সৰ্বদ্ৰষ্টা।)
আমল কৰাৰ লগতে আল্লাহৰ প্ৰতি ভাল ধাৰণা পোষণ কৰা অনিবাৰ্য্য। হাছান বাচৰী ৰাহিমাহুল্লাহে কৈছেঃ মুমিন ব্যক্তিয়ে নিজ প্ৰতিপালকৰ প্ৰতি ভাল ধাৰণা পোষণ কৰে আৰু উত্তম আমল কৰে। পক্ষান্তৰে পাপিষ্ঠ ব্যক্তিয়ে নিজ প্ৰতিপালকৰ প্ৰতি বেয়া ধাৰণা পোষণ কৰে আৰু বেয়া আমল কৰে।
কুৰতুবী ৰাহিমাহুল্লাহে কৈছে যে, "ظن عبدي بي" বান্দাই মোৰ প্ৰতি যিদৰে ধাৰণা কৰে, মই সেইদৰেই আচৰণ কৰোঁ। ইয়াৰ অৰ্থত কোৱা হৈছে যে, সি দুআ কবূল হোৱাৰ ক্ষেত্ৰত যিদৰে ধাৰণা কৰে, আৰু তাওবা কবূল হোৱাৰ ক্ষেত্ৰত যিদৰে ধাৰণা কৰে, এইদৰে ক্ষমা প্ৰাৰ্থনা কৰাৰ সময়ত যিদৰে ধাৰণা কৰে, সেইদৰেই মই আচৰণ কৰোঁ। এতেকে ইবাদতৰ চৰ্তৰ সৈতে ইবাদত পালন কৰি পুৰষ্কাৰ আশা কৰাটো হৈছে তেওঁৰ সত্য প্ৰতিশ্ৰুতিৰ ওপৰত বিশ্বাস কৰা। সেয়ে মানুহে নিজৰ কৰ্তব্য পালনত সৰ্বতো প্ৰকাৰে চেষ্টা কৰা উচিত, লগতে এই ক্ষেত্ৰত পূৰ্ণ বিশ্বাস পোষণ কৰা উচিত যে, আল্লাহে এয়া কবূল কৰিব আৰু তাক ক্ষমা কৰিব। কাৰণ এই প্ৰতিশ্ৰুতি আল্লাহে প্ৰদান কৰিছে আৰু তেওঁ কেতিয়াও নিজৰ প্ৰতিশ্ৰুতি ভংগ নকৰে। আনহাতে যদি এই ধাৰণা পোষণ কৰে যে, আল্লাহে এয়া কবূল নকৰিব চাগে তথা ইয়াৰ দ্বাৰা কোনো উপকাৰ নহ'ব তেন্তে এইটো হৈছে হতাশা তথা আল্লাহৰ ৰহমতৰ পৰা নিৰাশ, এইটো হৈছে কাবীৰাহ গুনাহ। এতেকে যদি কোনো ব্যক্তি এনেকুৱা ধাৰণাৰ ওপৰত মৃত্যুবৰণ কৰে তেন্তে তাৰ সৈতে সেই ধাৰণা অনুপাতেই আচৰণ কৰা হব। যেনে কিছুমান বৰ্ণনাত আহিছে যে, মোৰ বান্দাই মোৰ প্ৰতি যিদৰে ইচ্ছা সেইদৰে ধাৰণা কৰিব পাৰে। পক্ষান্তৰে যিয়ে গুনাহৰ ওপৰত অটল থাকি ক্ষমা কামনা কৰে তেন্তে সেইটো হৈছে তাৰ মূৰ্খামি, তথা প্ৰতাৰণাৰ বাহিৰে আন একো নহয়।
মনে মনে আৰু মৌখিকভাৱে আল্লাহক বেছি বেছি স্মৰণ কৰিব লাগে। লগতে তাৰ মনত তথা অন্তৰত আল্লাহৰ ভয় থাকিব লাগে, আৰু আল্লাহৰ মহত্ব তথা অধিকাৰ মনত ৰাখিব লাগে। তেওঁৰ ওচৰত আশা ৰাখিব লাগে, তেওঁক মুহাব্বত কৰিব লাগে আৰু তেওঁৰ প্ৰতি ভাল ধাৰণা পোষণ কৰিব লাগে। লগতে নিৰ্ভেজালভাৱে ইবাদত কৰিব লাগে। এইদৰে জিভাত সদায় এইবোৰ বাক্য থাকিব লাগেঃ ছুবহানাল্লাহ, আলহাম্দুলিল্লাহ, অলা ইলাহা ইল্লাল্লাহ, অল্লাহু আকবাৰ, অলা হাওলা অলা কুউৱাতা ইল্লা বিল্লাহ।
ইবনু আবি হামঝাই কৈছেঃ যিয়ে আল্লাহক ভীত-সন্ত্ৰস্ত হৈ স্মৰণ কৰে, সি নিৰাপত্তা লাভ কৰে। অথবা আতংকিত অৱস্থাত স্মৰণ কৰিলে শান্তি লাভ কৰে।
আৰবী ভাষাত (الشِّبْر) কোৱা হয়, হাতৰ বৃদ্ধা আঙুলিৰ পৰা কনিষ্ঠ আঙুলিক মেলি ধৰিলে যি দূৰত্ব হয় তাক আৰবী ভাষাত শ্বিব্ৰ বোলে, অসমীয়াত এবেগেত বোলে। (الذراع) কোৱা হয়, কিলাকুটিৰ হাৰৰ পৰা মধ্যমা আঙুলিৰ মূৰৰ শেষ পৰ্যন্ত দূৰত্বক আৰবী ভাষাত জিৰা বোলে। (الباع) কোৱা হয়, মানুহৰ দুয়ো হাত দুয়ো বাহু বুকুৰ প্ৰশস্ততাকো সামৰি ইয়াৰ মাজৰ দূৰত্বক আৰবী ভাষাত বাআ বোলে, প্ৰায় চাৰি হাত পৰিমাণ দূৰত্ব। (অসমীয়াত এক গজ বোলে)

Attribution

[(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})]

Categories

Share

Share hadeeth

Sharing options · 0 Total shares

Share

← Back to encyclopedia
Shopping Basket

Loading...