মানুহে যিবোৰ দীনাৰ (স্বৰ্ণমুদ্ৰা) ব্যয় কৰে, সেইবোৰৰ মাজত সৰ্বোত্তম দীনাৰ হৈছে সেইটো, যিটো তেওঁ নিজ পৰিয়ালবৰ্গৰ বাবে ব্যয় কৰে। ইয়াৰ পিছত সেই দীনাৰ সৰ্বোত্তম, যিটো তেওঁ আল্লাহৰ পথত (জিহাদ কৰিবলৈ) নিজৰ পৰিবহণৰ বাবে ব্যয় কৰে। ইয়াৰ পিছত সেই দীনাৰ উত্তম, যি দীনাৰ তেওঁ আল্লাহৰ পথত থকা সঙ্গী-সাৰথিসকলৰ ওপৰত ব্যয় কৰে।
Choose an available translation of this Hadeeth
Hadeeth text
ছাওবান ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছে: ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে: "মানুহে যিবোৰ দীনাৰ (স্বৰ্ণমুদ্ৰা) ব্যয় কৰে, সেইবোৰৰ মাজত সৰ্বোত্তম দীনাৰ হৈছে সেইটো, যিটো তেওঁ নিজ পৰিয়ালবৰ্গৰ বাবে ব্যয় কৰে। ইয়াৰ পিছত সেই দীনাৰ সৰ্বোত্তম, যিটো তেওঁ আল্লাহৰ পথত (জিহাদ কৰিবলৈ) নিজৰ পৰিবহণৰ বাবে ব্যয় কৰে। ইয়াৰ পিছত সেই দীনাৰ উত্তম, যি দীনাৰ তেওঁ আল্লাহৰ পথত থকা সঙ্গী-সাৰথিসকলৰ ওপৰত ব্যয় কৰে।" আবু কিলাবাই কৈছে, তেওঁ প্ৰথমে পৰিয়ালৰ কথা উল্লেখ কৰিছে। ইয়াৰ পিছত আবু কিলাবাই কৈছেঃ সেই ব্যক্তিতকৈ ডাঙৰ ছোৱাবৰ অধিকাৰী আৰুনো কোন হ'ব পাৰে, যিয়ে নিজৰ সৰু সৰু সন্তানসকলৰ বাবে ব্যয় কৰে? ইয়াৰ বিনিময়ত আল্লাহে সিহঁতক পৱিত্ৰ ৰাখে, আৰু তাৰ দ্বাৰা সিহঁতক উপকৃত কৰে আৰু সিহঁতক সহায় কৰে।
Explanation
Benefits
অন্যান্য শিতানত ব্যয় কৰাৰ পূৰ্বে নিজৰ পৰিয়ালৰ ওপৰত ব্যয় কৰাক অগ্ৰাধিকাৰ দিয়া হৈছে।
আল্লাহৰ পথত কৰা যুদ্ধত ব্যয় কৰাটো হৈছে আটাইতকৈ ডাঙৰ দান। যেনে- বয়-বস্তুৰ যোগান ধৰা, যুদ্ধৰ বাবে মানুহক প্ৰস্তুত কৰা।
কোৱা হৈছে যে, হাদীছত বৰ্ণিত ফি ছাবীলিল্লাহৰ দ্বাৰা প্ৰতিটো সৎকৰ্মকে বুজোৱা হৈছে, যেনে- হজ্জ আদিও ইয়াৰ অন্তৰ্ভুক্ত।
Attribution
Categories
Share hadeeth
Sharing options · 0 Total shares

