নিশ্চয় মহান আল্লাহে তাইৰ এই কৰ্মৰ বিনিময়ত তাইৰ বাবে জান্নাত ওৱাজিব কৰিছে, নাইবা তাইক জাহান্নামৰ পৰা মুক্ত কৰি দিছে।
Choose an available translation of this Hadeeth
Hadeeth text
উম্মুল মুমিনীন আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ এজনী দৰিদ্ৰ মহিলা তাইৰ দুজনী কন্যা সন্তান কোলাতলৈ মোৰ ওচৰলৈ আহিল। মই তাইক তিনিটা খেজুৰ খাবলৈ দিলোঁ। ইয়াৰ পিছত তাই দুয়ো কন্যাক এটা এটাকৈ খেজুৰ ভগাই দিলে আৰু এটা খেজুৰ নিজে খাবলৈ মুখ পৰ্যন্ত উঠাইছে ইতিমধ্যে ছোৱালী দুজনীয়ে সেইটোও খাব বিচাৰিলে। ফলত মহিলাগৰাকীয়ে সেই খেজুৰটোকো ফালি দুভাগ কৰি উভয়ৰ মাজত বণ্টন কৰি দিলে। তাইৰ এই কৰ্মটোৱে মোক অত্যন্ত মুগ্ধ কৰিলে। সেয়ে মই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰত উক্ত বিষয়টো উল্লেখ কৰিলোঁ। তেখেতে ক'লেঃ "নিশ্চয় মহান আল্লাহে তাইৰ এই কৰ্মৰ বিনিময়ত তাইৰ বাবে জান্নাত ওৱাজিব কৰিছে, নাইবা তাইক জাহান্নামৰ পৰা মুক্ত কৰি দিছে।"
Explanation
Benefits
সন্তানসকলৰ প্ৰতি থকা মাকৰ অত্যন্ত মুহাব্বতৰ বহিঃপ্ৰকাশ, তেওঁলোকে সদায় সন্তানৰ ক্ষতিৰ পৰা সাৱধান থাকে।
হাদীছটোত আত্মত্যাগ, সন্তানৰ প্ৰতি থকা কৰুণা, কন্যাসকলৰ প্ৰতি থকা অত্যন্ত দয়া আৰু কোমলতাৰ ফজীলত উল্লেখ হৈছে। লগতে এইটো হৈছে জান্নাতত প্ৰৱেশ কৰাৰ আৰু জাহান্নামৰ পৰা মুক্তি পোৱাৰ অন্যতম কাৰণ।
পৰিমাণত কম বুলি নগণ্য ভবাটো দান-খয়ৰাতৰ ক্ষেত্ৰত বাধা হ'ব নোৱাৰে। বৰং দানকাৰী ব্যক্তিয়ে নিজৰ সামৰ্থ অনুযায়ী কম হওক বা বেছি দান কৰিব লাগে।
হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ঘৰৰ অৱস্থা আৰু তেখেতৰ পৰিয়ালে কেনেকৈ জীৱন-যাপন কৰিছিল সেইটোও উল্লেখ হৈছে যে, তেওঁলোকৰ ঘৰত কেইটামান খেজুৰৰ বাহিৰে আন একো খোৱা বস্তু নাছিল।
Attribution
Categories
Share hadeeth
Sharing options · 0 Total shares

