افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم.
#66210[ছহীহ]
HadeethEnc · 1.16.0

তোমালোকে এই বিষয়ত মোৰ সৈতে বাইআত কৰা যে, আল্লাহৰ সৈতে কাকো অংশীদাৰ স্থাপন নকৰিবা, চুৰি নকৰিবা, ব্যভিচাৰ নকৰিবা।

Available translations

Choose an available translation of this Hadeeth

01

Hadeeth text

উবাদাহ বিন চামিত ৰাদ্বিয়াল্লাহু আনহু আছিল বদৰৰ যুদ্ধত অংশগ্ৰহণকাৰী আৰু আকাবাৰ ৰাতিত অৱস্থান কৰা নকীবসকলৰ অন্যতম এজন। তেওঁ বৰ্ণনা কৰিছে যে, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কেইবাজনো চাহাবাৰ উপস্থিতিত কৈছে যে, "তোমালোকে এই বিষয়ত মোৰ সৈতে বাইআত কৰা যে, আল্লাহৰ সৈতে কাকো অংশীদাৰ স্থাপন নকৰিবা, চুৰি নকৰিবা, ব্যভিচাৰ নকৰিবা। নিজৰ সন্তানক হত্যা নকৰিবা, কাৰো ওপৰত মিছা অপবাদ জাপি নিদিবা, সৎকৰ্মত অবাধ্যতা নকৰিবা। তোমালোকৰ মাজৰ যিয়ে এইবোৰ পালন কৰিব, তাৰ প্ৰতিদান আছে আল্লাহৰ ওচৰত। আনহাতে কোনোবাই যদি এনেকুৱা কোনো কৰ্মত লিপ্ত হৈ পৃথিৱীতে শাস্তি পায় তেন্তে সেইটো হ'ব তাৰ প্ৰায়শ্চিত্ত। এইদৰে যদি কোনোবাই এনেকুৱা কৰ্ম কৰে আৰু সেইটোক যদি আল্লাহে গোপন ৰাখে তেন্তে সেইটো হ'ব আল্লাহৰ ইচ্ছাধীন। আল্লাহে ইচ্ছা কৰিলে তাক মাফ কৰি দিব পাৰে আৰু ইচ্ছা কৰিলে শাস্তি বিহিব পাৰে।" আমি এইবোৰ বিষয়ত তেওঁৰ বাইআত গ্ৰহণ কৰিছিলোঁ।
02

Explanation

উবাদাহ বিন চামিত ৰাদ্বিয়াল্লাহু আনহু আছিল বদৰৰ যুদ্ধত অংশ গ্ৰহণ কৰা বাদ্ৰী চাহাবী, লগতে তেওঁ আছিল তেওঁৰ গোত্ৰ এজন প্ৰধান ব্যক্তি। ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে মদীনালৈ হিজৰত কৰাৰ পূৰ্বে মক্কাত থকা অৱস্থাত মীনাত আকাবাৰ ৰাতিত উবাদাকে আদি কৰি কেইবাজনো ব্যক্তিয়ে তেখেতক সহায়-সহযোগ কৰিবলৈ তথা সমৰ্থন আগবঢ়াবলৈ গৈছিল। তেওঁ বৰ্ণনা কৰিছে যে, এবাৰ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে চাহাবাসকলৰ মাজত বহি আছিল, তেনেতে তেখেতে চাহাবাসকলক কেইবাটাও বিষয়ত অংগীকাৰ ল'বলৈ ক'লে যে, প্ৰথমঃ আল্লাহৰ ইবাদতত কাকো অংশীদাৰ স্থাপন নকৰিবা, যদিও সেয়া যিমানেই সৰু নহওক কিয়। দ্বিতীয়ঃ চুৰি নকৰিবা। তৃতীয়ঃ জিনাৰ দৰে ব্যভিচাৰ নকৰিবা তথা অশ্লীলতাত লিপ্ত নহ'বা। চতুৰ্থঃ নিজৰ সন্তানক হত্যা নকৰিবা, ল'ৰাই হওক বা ছোৱালী। ল'ৰাক ভৰণ পোষণৰ ভয়ত আৰু ছোৱালীক লাজৰ কাৰণে। পঞ্চমঃ তেওঁলোকে যেন নিজৰ হাত ভৰিৰে মিছা অপবাদ ৰচনা নকৰে। কাৰণ অধিকাংশ অপৰাধ এই দুটা অংগৰ দ্বাৰাই সংঘটিত হয়। যদিও অন্যান্য অংগবোৰো ইয়াৰ সৈতে জৰিত থাকে। ষষ্ঠঃ সৎকৰ্মত যাতে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ অবাধ্যতা নকৰে। তেওঁলোকৰ মাজৰ যিসকলে এই প্ৰতিজ্ঞাত অটল থাকিব আৰু উল্লেখ কৰা চৰ্তবোৰ মানি চলিব, তেওঁলোকৰ প্ৰতিদান আছে আল্লাহৰ ওচৰত। যিয়ে শ্বিৰ্ক নকৰাকৈ এই চৰ্তবোৰৰ মাজৰ কিছু লঙ্ঘন কৰে, ফলত পৃথিৱীতেই যদি সি শাস্তি ভোগ কৰে, তেন্তে সেইটো তাৰ বাবে কাফফাৰা হ'ব, আৰু তাৰ গুনাহ মাফ হৈ যাব। আনহাতে যদি কোনোবাই এনেকুৱা গুনাহ কৰি পেলায় আৰু আল্লাহে সেইটোক প্ৰকাশ কৰি নিদিয়ে, তেন্তে সেই বিষয়টো আল্লাহৰ ওপৰত নিৰ্ভৰশীল হ'ব; তেওঁ ইচ্ছা কৰিলে ক্ষমা কৰিব আৰু ইচ্ছা কৰিলে শাস্তি দিব। ইয়াৰ পাছত উপস্থিত সকলো চাহাবাই এইবোৰ বিষয়ত বাইআত কৰিলে।
03

Benefits

হাদীছটোত জিহাদ ফৰজ হোৱাৰ পূৰ্বে মক্কাত থকা অৱস্থাত আকাবাৰ প্ৰথম বাইআতৰ কথা উল্লেখ হৈছে।
ছিন্ধি ৰাহিমাহুল্লাহে কৈছেঃ হাদীছটোত আহিছে যে (সৎকৰ্মত অবাধ্যতা নকৰিবা)- আমি সকলোৱে জানো যে, তেখেতৰ প্ৰতিটো কৰ্মই হৈছে সৎ, তেখেতৰ ক্ষেত্ৰত অসৎ কৰ্ম কল্পনা কৰাটোও সম্ভৱ নহয়। এনেকৈ কোৱাৰ কাৰণ হৈছে যাতে এইটো স্পষ্ট হয় যে, তেখেতৰ আনুগত্য কৰা অনিবাৰ্য্য। লগতে এই কথাও যাতে স্পষ্ট হয় যে, ন্যায় সংগত বিষয় তথা সৎকৰ্মৰ বাহিৰে বেলেগ কোনো ক্ষেত্ৰতে মখলুকৰ আনুগত্য কৰা বৈধ নহয়। লগতে এই কথাও জানি থোৱা উচিত যে, বাইআতত কেৱল সৎকৰ্মৰ চৰ্ত আৰোপ কৰিব লাগে, ব্যাপকভাৱে নহয়।
মুহাম্মদ বিন ইছমাঈল আৰু অন্যান্য লোকসকলে কৈছে যে, ইয়াত ল'ৰা ছোৱালীৰ হত্যাৰ কথা বিশেষৰূপে উল্লেখ কৰা হৈছে। কিয়নো এইটো হত্যাৰ লগতে আত্মীয়তাৰ সম্পৰ্ক ছিন্ন কৰা এটা বিষয়। সেইকাৰণে ইয়াৰ নিষেধাজ্ঞাৰ প্ৰতি বিশেষৰূপে মনোযোগ দিয়া হৈছে। লগতে এই কাৰণেও যে, সেই সময়ত এইটো ব্যাপক ৰূপ ধাৰণ কৰা এটা বিষয় আছিল। যেনে- কন্যা সন্তানক জীৱন্ত অৱস্থাত গাঁতত পুতি থোৱা, পুত্ৰ সন্তানক ভৰণ-পোষণৰ ভয়ত হত্যা কৰা আদি। অথবা এই কাৰণে উল্লেখ কৰা হৈছে, সিহঁত আত্ম ৰক্ষা কৰিবলৈ সক্ষম নহয়।
হাদীছটোৰ ব্যাপক অৰ্থটো বিশেষ ক্ষেত্ৰতহে সীমিত। উদাহৰণস্বৰূপে মহান আল্লাহে পৱিত্ৰ কোৰআনত কৈছেঃ (নিশ্চয় আল্লাহে শ্বিৰ্ক গুনাহৰ বাহিৰে যিকোনো গুনাহ ইচ্ছা কৰিলে ক্ষমা কৰিব দিব পাৰে)। এতেকে মুৰ্তাদ ব্যক্তিক যদি ইছলাম ত্যাগ কৰাৰ কাৰণে হত্যা কৰা হয় তেন্তে এই মৃত্যুদণ্ড তাৰ বাবে কাফফাৰা নহ'ব।
ক্বাজী আয়্যাজে কৈছেঃ অধিকাংশ উলামাৰ মতে চৰীয়তি শাস্তি হৈছে সেই গুনাহৰ কাফফাৰা।

Attribution

[(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})]

Categories

Share

Share hadeeth

Sharing options · 0 Total shares

Share

← Back to encyclopedia
Shopping Basket

Loading...