HadeethEnc · 1.16.0
তোমালোকে নিজৰ সক্ষমতা অনুযায়ী ইবাদত কৰা। আল্লাহৰ শপত! আল্লাহ কেতিয়াও ক্লান্ত নহয়, অৱশেষত তোমালোকেই ক্লান্ত হ'বা।
Available translations
Choose an available translation of this Hadeeth
01
Hadeeth text
নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ স্ত্ৰী উম্মুল মু'মিনীন আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাৰ পৰা বৰ্ণিত যে, হাওলা বিন্তে তুৱাইত ইবনে হাবীব ইবনে আছাদ ইবনে আব্দিল উজ্জা তেওঁৰ ওচৰত আছিল, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লাম অহাৰ লগে লগে তাই উঠি গুচি গ'ল। (তেওঁ কৈছে) মই ক'লোঁ: 'এইজনী হৈছে হাওলা বিন্তে তুৱাইত। তেওঁৰ বিষয়ে লোকসকলৰ ধাৰণা যে, তেওঁ ৰাতি নুশুৱে।' তেতিয়া ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লে: "তাই ৰাতি নুশুৱে? তোমালোকে নিজৰ সক্ষমতা অনুযায়ী ইবাদত কৰা। আল্লাহৰ শপত! আল্লাহ কেতিয়াও ক্লান্ত নহয়, অৱশেষত তোমালোকেই ক্লান্ত হ'বা।"
02
Explanation
উম্মুল মুমিনীন আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাৰ ওচৰত হাওলা বিন্তে তুৱাইত (ৰাদ্বিয়াল্লাহু আনহা) উপস্থিত আছিল। নবী চাল্লাল্লাহু আলাইহি অছাল্লামে সোমাই অহাৰ লগে লগে তাই ওলাই গ'ল। আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাই তেখেতক ক'লেঃ এই মহিলাজনীয়ে ৰাতি নুশুৱে, বৰং ৰাতি উজাগৰে থাকি নামাজ পঢ়ে। এই শুনি নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তাইৰ নিজৰ ওপৰত কৰা এই কঠোৰ আচৰণক নিন্দা কৰি (আশ্চৰ্য্য প্ৰকাশ কৰি) ক'লেঃ তাই ৰাতি নুশুৱে! শুনা তোমালোকে সাধ্য অনুসৰি নিয়মীয়াকৈ সৎকৰ্মসমূহ কৰিবা। আল্লাহৰ শপত! আল্লাহে তেওঁৰ বান্দাহসকলক তেওঁলোকৰ ইবাদত, সৎকৰ্ম আৰু ভাল কামৰ পুৰস্কাৰ দিয়াৰ ক্ষেত্ৰত কেতিয়াও ক্লান্ত নহয়, বৰং সিহঁতে আমল কৰি কৰি এটা সময়ত ক্লান্ত হৈ আমল পৰিত্যাগ কৰে।
03
Benefits
শৰীৰৰ সাধ্যাতীত ইবাদত কৰিলে ক্লান্তি আৰু অলসতা আহে, যাৰ ফলত এটা পৰ্যায়ত ইবাদত পৰিত্যাগ কৰিবলগীয়া হয়।
ইবাদতত মধ্যম পন্থা অবলম্বন কৰাটোৱে হৈছে ইয়াৰ স্থায়িত্ব আৰু ধাৰাবাহিকতা ৰক্ষাৰ অন্যতম উপায়।
মাজে মাজে বেছি আমল কৰাতকৈ নিয়মিত কম আমল কৰাটোৱে হৈছে অধিক উপকাৰী।
ইমাম নাৱাৱীয়ে কৈছে: পৰিমাণত কম কিন্তু নিয়মীয়াকৈ আল্লাহৰ জিকৰ-আজকাৰ, তেওঁৰ প্ৰতি সজাগ দৃষ্টি ৰখা, ইখলাচ (একনিষ্ঠতা) আৰু আল্লাহৰ ফালে মনোনিৱেশ অব্যাহত ৰাখিলে ইবাদত স্থায়ী হয়। ইয়াৰ বিপৰীতে বেছি পৰিমাণে কষ্টদায়ক ইবাদত কৰাতকৈ এই অলপ কিন্তু স্থায়ী ইবাদত কৰাটোৱে হৈছে বহুগুণে শ্ৰেয়, কিয়নো ইয়াৰ পৰিমাণ সময়ৰ লগে লগে বৃদ্ধি পায়।

Attribution
[(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})]
Categories
Share
Share hadeeth
Sharing options · 0 Total shares