افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم.
#10095[ছহীহ]
HadeethEnc · 1.16.0

এই মহিলাজনী নিজৰ সন্তানৰ প্ৰতি যিমান দয়ালু, মহান আল্লাহ তেওঁৰ বান্দাসকলৰ প্ৰতি তাতকৈও অধিক দয়ালু।

Available translations

Choose an available translation of this Hadeeth

01

Hadeeth text

ওমৰ ইবনুল খাত্তাব ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত যে, এদিনাখন নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ কিছুমান যুদ্ধবন্দী অনা হ'ল। তাৰে এগৰাকী আছিল মহিলা, যাৰ স্তন গাখীৰেৰে পূৰ্ণ আছিল। সেই মহিলাজনীয়ে বন্দীসকলৰ মাজত কোনো শিশু পালেই তাক কোলাত তুলি লৈ পিয়াহ খুওৱাইছিল। এই দেখি নবী চাল্লাল্লাহু আলাইহি অছাল্লামে আমাক কলেঃ "তোমালোকে ভাবানে এই মহিলাগৰাকীয়ে নিজৰ সন্তানক জুইত পেলাই দিব?"
আমি উত্তৰ দিলোঁ: "নাই, তাইৰ ক্ষমতা থাকিলেও তাই এই কাম নকৰিব।" তেতিয়া তেখেতে ক'লে:
"এই মহিলাজনী নিজৰ সন্তানৰ প্ৰতি যিমান দয়ালু, মহান আল্লাহ তেওঁৰ বান্দাসকলৰ প্ৰতি তাতকৈও অধিক দয়ালু।"
02

Explanation

হাৱাঝিন গোত্ৰৰ কিছুমান যুদ্ধবন্দী নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ অনা হ’ল। তাৰে এগৰাকী মহিলাই নিজৰ শিশুৰ সন্ধানত ইফালে-সিফালে ঘূৰি আছিল। যেতিয়া তাই কোনো শিশুক দেখা পাইছিল, তাই তাক কোলাত লৈ স্তন্যপান কৰাইছিল – কাৰণ স্তনত গাখীৰ জমা হৈ তাইৰ অসুবিধা হৈছিল। শেষত তাই যুদ্ধবন্দীসকলৰ মাজত নিজৰ সন্তানটোক বিচাৰি পালে, তেতিয়া তাই তাক সজোৰে সাৱটি ধৰি নিজৰ পেটৰ সৈতে লগাই স্তন্যপান কৰাবলৈ ধৰিলে। এই দৃশ্য দেখি নবী চাল্লাল্লাহু আলাইহি অছাল্লামে চাহাবাসকলক সুধিলে: তোমালোকৰ ধাৰণা কি, এই মহিলাজনীয়ে নিজৰ সন্তানক অগ্নিত নিক্ষেপ কৰিবনে? আমি ক'লোঁঃ নহয়, ইচ্ছাকৃতভাৱে তাই এইটো কেতিয়াও নকৰিব। তেতিয়া তেখেতে ক'লেঃ এই মহিলাজনীয়ে নিজৰ সন্তানক যিমান ভাল পায়, মহান আল্লাহ তেওঁৰ মুছলিম বান্দাসকলৰ প্ৰতি তাতকৈও অধিক দয়ালু।
03

Benefits

বান্দাসকলৰ প্ৰতি আল্লাহৰ দয়া অসীম। তেওঁ সিহঁতৰ বাবে কল্যাণ বিচাৰে, জান্নাত দিব বিচাৰে, লগতে জাহান্নামৰ পৰা মুক্তি দিব বিচাৰে।
ঘটনাবোৰৰ পৰা শিক্ষা লৈ সেইবোৰক দিশ-নিৰ্দেশনা হিচাপে মানি আৰু বাস্তৱ জীৱনৰ সৈতে ৰিজাই চাব লাগে।
মুমিনৰ উচিত আল্লাহৰ প্ৰতি সদভাৱ পোষণ কৰা, তেওঁৰ তাক্বৱা অৱলম্বন কৰি দ্বীনৰ ওপৰত অটল থকা, লগতে হতাশ তথা নিৰাশ নোহোৱা। কাৰণ নিশ্চয় মহান আল্লাহ হৈছে প্ৰশস্ত দয়াৰ অধিকাৰী।

Attribution

[(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})]

Categories

Share

Share hadeeth

Sharing options · 0 Total shares

Share

← Back to encyclopedia
Shopping Basket

Loading...