افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم.
#10094[ছহীহ]
HadeethEnc · 1.16.0

তুমি মোৰ এই জোতা যোৰ লগত লৈ যোৱা আৰু বাগানখনৰ বাহিৰত যাকে লগ পাবা, তেওঁ যদি দৃঢ় বিশ্বাসৰ সৈতে এই সাক্ষ্য দিয়ে যে, আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই, তেন্তে তেওঁক জান্নাতৰ সুসংবাদ দিয়া।

Available translations

Choose an available translation of this Hadeeth

01

Hadeeth text

আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ আমি ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰত বহি আছিলোঁ। আমাৰ মাজত আবূ বকৰ আৰু ওমৰ ৰাদ্বিয়াল্লাহু আনহুমাও আছিল। হঠাৎ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লাম আমাৰ মাজৰ পৰা উঠি ওলাই গ'ল, আৰু বহুত সময় হ'ল তেখেত উভতি নাহিল। ফলত আমি ভীত-সন্ত্ৰস্ত হৈ পৰিলোঁ যে, আমাৰ অনুপস্থিতিত তেখেত কোনো বিপদত পৰিল নেকি। লগতে আমি আতংকিত হৈ থিয় হ'লোঁ। আতংকিত হোৱাসকলৰ মাজত ময়ে প্ৰথম আছিলোঁ। সেয়ে মই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ সন্ধানত ওলাই পৰিলোঁ। অৱশেষত মই আনচাৰীসকলৰ বনূ নাজ্জাৰ গোত্ৰৰ এখন বাগানৰ ওচৰলৈ আহি পালোঁ।

মই বাগানখনৰ চাৰিওফালে ঘূৰিলোঁ, ক'তো কোনো প্ৰৱেশদ্বাৰ বিচাৰি নাপালোঁ। হঠাৎ দেখিলোঁ যে, বাহিৰৰ কুঁৱাৰ পৰা এটা 'ৰবি' (ঝৰণা, প্ৰণালী বা নলা) বাগানৰ ভিতৰ ভাগলৈ সোমাই গৈছে। মই নিজৰ গা গুটাই সংকুচিত কৰি প্ৰণালীৰ পথেৰে সোমাই গৈ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামক সাক্ষাৎ কৰিলোঁ। তেখেতে ক'লে, 'আবূ হুৰাইৰাহ!' মই উত্তৰ দিলোঁ, 'হয়, হে আল্লাহৰ ৰাছুল!' তেখেতে ক'লেঃ 'তোমাৰ কি হৈছে?' মই ক'লোঁ, 'আপুনি আমাৰ মাজত বহি আছিল। তাৰ পিছত আমাৰ মাজৰ পৰা গুচি আহিল। আপুনি উভতি নহাত আমি আতংকিত হৈ পৰিলোঁ যে, আমাৰ অবর্তমানত আপুনি কোনো বিপদত পৰিল নেকি? এই আশংকাত আমি সকলোৱে ভীত-সন্ত্ৰস্ত হৈ পৰিছিলোঁ। প্ৰথমে ময়ে এই আশংকাত আতংকিত হৈছিলোঁ। ফলত আপোনাক বিচাৰি বিচাৰি এই বাগানখনত আহি উপস্থিত হৈছোঁ। ইয়াত (প্ৰৱেশ কৰাৰ কোনো দুৱাৰ বিচাৰি নোপোৱাত) মই শিয়ালৰ দৰে সংকুচিত হৈ এটা নলাৰে প্ৰৱেশ কৰিছোঁ। লগতে তেওঁলোকেও মোৰ পিছে পিছে আহি আছে।'

ইয়াৰ পাছত ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে মোক তেখেতৰ জোতা যোৰ দি ক'লে, 'হে আবূ হুৰাইৰাহ!' "তুমি মোৰ এই জোতা যোৰ লগত লৈ যোৱা আৰু বাগানখনৰ বাহিৰত যাকে লগ পাবা, তেওঁ যদি দৃঢ় বিশ্বাসৰ সৈতে এই সাক্ষ্য দিয়ে যে, আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই, তেন্তে তেওঁক জান্নাতৰ সুসংবাদ দিয়া।"

আবূ হুৰাইৰাই কৈছে, ওলাই আহি প্ৰথমে মোৰ ওমৰ ৰাদ্বিয়াল্লাহু আনহুৰ সৈতে সাক্ষাৎ হ'ল। তেওঁ ক'লে, 'হে আবূ হুৰাইৰাহ! এই জুতা যোৰ তোমাৰ ওচৰত কিয়?' মই ক'লোঁ, 'এইযোৰ হৈছে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ জোতা। তেখেতে মোক এই জোতাযোৰ এই কাৰণে দি পঠিয়াইছে যে, যাৰ সৈতে মোৰ সাক্ষাৎ হ'ব, তেওঁ যদি আন্তৰিকভাৱে দৃঢ় বিশ্বাস কৰি সাক্ষ্য দিয়ে যে, আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই, তাক যেন মই জান্নাতৰ সুসংবাদ দিওঁ।' এই কথা শুনি ওমৰ ৰাদ্বিয়াল্লাহু আনহুৱে মোৰ বুকুত এনেকৈ জোৰে আঘাত কৰিলে যে, মই পিছফালে পৰি গ'লোঁ। লগতে তেওঁ ক'লে, হে আবূ হুৰাইৰাহ! তুমি উভতি যোৱা।'

ইয়াৰ পিছত মই কান্দি কান্দি ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ খিদমতত আহি উপস্থিত হ'লোঁ। পিছে পিছে ওমৰ ৰাদ্বিয়াল্লাহু আনহুও আহি আছিল। ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লে, 'হে আবূ হুৰাইৰাহ! তোমাৰ কি হৈছে?' মই ক'লোঁ, 'ওমৰৰ সৈতে মোৰ সাক্ষাৎ হোৱাত, আপুনি যি কৈ মোক পঠাইছিল, মই সেয়া ওমৰক ক'লোঁ। তেওঁ এই শুনি মোৰ বুকুত গঁতা মাৰিলে, ফলত মই পিছফালে পৰি গ'লোঁ। লগতে তেওঁ মোক উভতি আহিবলৈ ক'লে। তেতিয়া ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লে, 'হে ওমৰ! আপুনি কি কাৰণত এইটো কৰিছিল?'

তেওঁ ক'লে: 'হে আল্লাহৰ ৰাছুল! আপোনাৰ ওপৰত মোৰ পিতৃ-মাতৃ কুৰবান হওক। আপুনি আপোনাৰ জোতা যোৰ আবূ হুৰাইৰাক এই কথাৰ প্ৰমাণ হিচাপে দি পঠিয়াইছিল নেকি যে, তেওঁৰ সৈতে সাক্ষাৎ হোৱা প্ৰত্যেক সেই ব্যক্তিক যেন জান্নাতৰ সুসংবাদ দিয়ে, যিয়ে সৰ্বান্তঃকৰণে এই সাক্ষ্য দিয়ে যে, আল্লাহৰ বাহিৰে আন কোনো সত্য ইলাহ নাই? তেখেতে ক'লে, 'হয়।' তেতিয়া ওমৰ (ৰাদ্বিয়াল্লাহু আনহুৱে) ক'লেঃ 'এনেকুৱা নকৰিব। কাৰণ মোৰ আশংকা হয় যে, মানুহে (আমল বৰ্জন কৰি) ইয়াৰ ওপৰতে ভৰসা কৰি বহি থাকিব। গতিকে মানুহক আমল কৰাৰ সুযোগ দিয়ক। এই কথা শুনি তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লে: "ঠিক আছে, তেনেহ'লে সিহঁতক এৰি দিয়া।"
02

Explanation

হাদীছটোত উল্লেখ হৈছে যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে এবাৰ চাহাবাসকলৰ সৈতে বহি আছিল। তেওঁলোকৰ মাজত আবু বকৰ আৰু ওমৰ ৰাদ্বিয়াল্লাহু আনহুমাও আছিল। এই বৈঠকৰ সময়ছোৱাতে তেখেত উঠি গুচি গ'ল, আৰু উভতি নাহিল। এই দেখি চাহাবাসকলে ভীত-সন্ত্ৰস্ত হৈ পৰিল, তেওঁলোকে আশংকা কৰিলে যে, শত্ৰু পক্ষই কিবা অনিষ্ট সাধন কৰিলে নেকি, নাইবা তেখেতক কোনোবাই বন্দী কৰিলে নেকি, অথবা তেখেতৰ বেলেগ কোনো বিপদ হ'ল নেকি! চাহাবাসকলে ভীত-সন্ত্ৰস্ত হৈ ইফালে সিফালে সন্ধান কৰিবলৈ ধৰিলে। সৰ্বপ্ৰথম আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৱে আশংকা কৰিছিল আৰু তেওঁ তেখেতক বিচাৰি গৈছিল, অৱশেষত তেওঁ বিচাৰি বিচাৰি আহি বনু নাজ্জাৰৰ এখন বাগানত আহি পালে। তেওঁ বাগানখনৰ চাৰিওফালে ঘূৰি চালে, সোমাব পৰা কোনো দুৱাৰ খোলা আছে নে নাই, কিন্তু তেওঁ প্ৰৱেশ কৰিব পৰা কোনো দুৱাৰ খোলা নাপালে। অৱশেষত তেওঁ এটা নলা বিচাৰি পালে, যিটো নলাৰে বাগানখনত পানী প্ৰৱেশ কৰে। তেওঁ নিজৰ শৰীৰক সংকুচিত কৰি সেই নলাৰে সোমাই পৰিল আৰু বাগানখনত প্ৰৱেশ কৰিলে। তাতেই তেওঁ নবী চাল্লাল্লাহু আলাইহি অছাল্লামক লগ পালে। তেখেতে ক'লেঃ আবু হুৰাইৰাহ তুমি ইয়াত? তেওঁ ক'লেঃ হয়। তেখেতে ক'লেঃ কি হৈছে তোমাৰ? আবু হুৰাইৰাই ক'লেঃ আপুনি আমাৰ মাজত আছিল, হঠাৎ আপুনি গুচি আহিল আৰু উভতি নগ'ল। সেয়ে আমি আশংকা কৰিলোঁ যে, আপুনি কিবা অসুবিধাত পৰিল নেকি। ফলত আমি আতংকিত হৈ পৰিছিলোঁ। আতংকিত হোৱাসকলৰ মাজত ময়ে আছিলোঁ প্ৰথম। সেয়ে আপোনাক বিচাৰি বিচাৰি এই বাগানত আহি পৰিছোঁ। ইয়াত সোমাবলৈ কোনো উপায় নোপোৱাত শিয়ালৰ দৰে এটা গাঁতেৰে প্ৰৱেশ কৰিছোঁ। বাকী লোকসকলেও মোৰ পিছে পিছে আপোনাক বিচাৰি আছে। তেতিয়া নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁক তেখেতৰ জোতা যোৰ প্ৰমাণ হিচাপে তথা প্ৰতীক হিচাপে প্ৰদান কৰিলে আৰু ক'লে যে, তুমি মোৰ এই জোতাযোৰ লগত লৈ যোৱা, আৰু এই দেৱালৰ পিছফালে তুমি যাকেই লগ পাবা তেওঁ যদি সৰ্বান্তঃকৰণে এই সাক্ষ্য দিয়ে যে, আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই, তেন্তে তেওঁক জান্নাতৰ সুসংবাদ দিবা। এইটো হৈছে জান্নাতীসকলৰ বৈশিষ্ট্য। তেওঁ প্ৰথমে ওমৰ ৰাদ্বিয়াল্লাহু আনহুক লগ পালে। তেওঁ ক'লেঃ হে আবু হুৰাইৰাহ! তোমাৰ হাতত এই জোতাযোৰ কিয়? তেওঁ ক'লেঃ এইযোৰ হৈছে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ জোতা। তেখেতে মোক এই সংবাদ দি পঠিয়াইছে যে, মই যাক সাক্ষাৎ কৰিম তেওঁ যদি সৰ্বান্তঃকৰণে এই সাক্ষ্য দিয়ে যে, আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই, তেন্তে মই যেন তেওঁক জান্নাতৰ সুসংবাদ দিওঁ। এই কথা শুনি ওমৰ ৰাদ্বিয়াল্লাহু আনহুৱে আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ বুকুত গঁতা মাৰিলে, ফলত তেওঁ পিছফালে পৰি গ'ল। লগতে ক'লেঃ হে আবু হুৰাইৰাহ! উভতি যোৱা। তেতিয়া মই ভয়তে কান্দিব ধৰা অৱস্থাত নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ উভতি আহিলোঁ। মোৰ পিছে পিছে ওমৰ ৰাদ্বিয়াল্লাহু আনহুও আহি আছিল। তেতিয়া তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ হে আবু হুৰাইৰাহ! তোমাৰ কি হৈছে? মই ক'লোঁঃ মই ওমৰক লগ পালোঁ। আপুনি মোক যিটো বাৰ্তা দি প্ৰেৰণ কৰিছিল মই তেওঁক সেইটো জনোৱাত তেওঁ মোক ইমান জোৰেৰে আঘাত কৰিছে যে, মই পিছফালে বাগৰি পৰি গৈছিলোঁ। লগতে তেওঁ মোক কৈছে, উভতি যোৱা। তেতিয়া নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ হে ওমৰ! আপুনি কিয় এই কাম কৰিলে? ওমৰ ৰাদ্বিয়াল্লাহু আনহুৱে ক'লেঃ হে আল্লাহৰ ৰাছুল! মোৰ পিতৃ-মাতৃ আপোনাৰ ওপৰত কুৰবান যাওক। আপুনি সঁচাই আবু হুৰাইৰাক আপোনাৰ জোতাযোৰ দি পঠিয়াইছিলনে, লগতে এই কথা কৈছিলনে যে, তেওঁ যাক লগ পাব, তেওঁ যদি সৰ্বান্তকৰণে এই সাক্ষ্য দিয়ে যে, আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই, সেই ব্যক্তিক আপুনি জান্নাতৰ সুসংবাদ দিবলৈ কৈছিলনে? তেখেতে ক'লেঃ হয়। ওমৰ ৰাদ্বিয়াল্লাহু আনহুৱে ক'লেঃ আপুনি এনেকুৱা নকৰিব। কাৰণ এনেকুৱা কৰিলে মানুহে হয়তো এই কথাৰ ওপৰতে ভৰসা কৰি আমল নকৰাকৈ বহি থাকিব। গতিকে সিহঁতক আমল কৰিবলৈ দিয়ক। তেতিয়া তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ ঠিক আছে বাৰু, তেনেহ'লে সিহঁতক এৰি দিয়া।
03

Benefits

চাহাবাসকলে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামক অত্যন্ত মুহাব্বত কৰিছিল। লগতে তেখেতক সকলো প্ৰকাৰ অনিষ্টৰ পৰা সুৰক্ষিত ৰাখিবলৈ সদায় যত্ন লৈছিল।
আনন্দদায়ক খবৰৰ সুসংবাদ দিয়াটো চৰিয়তসন্মত।
কথা, কৰ্ম আৰু বিশ্বাসৰ সমষ্টিয়ে হৈছে ঈমান।
কাজী আইয়াদ আৰু আন আন বিদ্বানসকলে কৈছে যে, ওমৰ ৰাদ্বিয়াল্লাহু আনহুৱে যিটো কৰিছে, ইয়াৰ দ্বাৰা ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ আদেশ অমান্য কৰা বা তেখেতৰ বিৰোধিতা কৰা তেওঁৰ উদ্দেশ্য নাছিল। কাৰণ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে আবূ হুৰাইৰাক যিটো বাৰ্তা দি পঠিয়াইছিল, সেইটো আছিল কেৱল উম্মতৰ লোকসকলক সুসংবাদ দিয়াৰ উদ্দেশ্যে আৰু তেওঁলোকৰ অন্তৰক শান্তি প্ৰদান কৰাৰ উদ্দেশ্যে। কিন্তু ওমৰ ৰাদ্বিয়াল্লাহু আনহুৱে এই বিষয়টোক গোপন ৰখাকে বেছি উত্তম বুলি ভাবিছিল। যাতে মানুহে ইয়াৰ ওপৰত নিৰ্ভৰ কৰি আমল কৰা ত্যাগ নকৰে। যেতিয়া তেওঁ এই বিষয়টো ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ আগত উপস্থাপন কৰিলে, তেতিয়া তেখেতেও ওমৰ ৰাদ্বিয়াল্লাহু আনহুৰ এই কথাটোক সঠিক বুলি গণ্য কৰিলে।
ইমাম নবৱীয়ে কৈছে: এই হাদীছটোত এই কথা উল্লেখ হৈছে যে, যদি ইমাম বা কোনো মহান ব্যক্তিয়ে কোনো সিদ্ধান্ত আগবঢ়ায় আৰু তেওঁৰ অনুসাৰীসকলৰ কোনোবাই যদি ইয়াৰ বিপৰীত পৰামৰ্শ দিয়ে, তেন্তে অনুসাৰীয়ে বিষয়টো নেতাৰ আগত উপস্থাপন কৰিব লাগে, যাতে তেওঁ এই বিষয়ে বিবেচনা কৰিব পাৰে। যদি এইটো প্ৰমাণিত হয় যে, অনুসাৰীয়ে আগবঢ়োৱা পৰামৰ্শটো বেছি সঠিক, তেন্তে ইমামে সেইটো গ্ৰহণ কৰা উচিত। অন্যথা যদি বিষয়টো বিপৰীত হয়, তেন্তে তেওঁ অনুসাৰীক উত্তমভাৱে তেওঁৰ সংশয় দূৰ কৰি দিয়া উচিত, যিটো তেওঁৰ মনলৈ আহিছে।
বিশেষ কাৰণবশতঃ অথবা আশংকামূলক অনিষ্টৰ পৰা বিৰত থাকিবলৈ কিছুমান জ্ঞান প্ৰচাৰ নকৰা বৈধ।
হাদীছটোত তাওহীদ পন্থীসকলক মহা সুসংবাদ দিয়া হৈছে যে, যিয়ে বিশুদ্ধ অন্তৰেৰে এই সাক্ষ্য দিব যে, আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই, সেই ব্যক্তি জান্নাতত প্ৰৱেশ কৰিব।
হাদীছটোৰ দ্বাৰা ওমৰ ৰাদ্বিয়াল্লাহু আনহুৰ হিকমত আৰু তেওঁৰ প্ৰশস্ত বোধ শক্তি, লগতে তেওঁৰ প্ৰভাৱ প্ৰমাণিত হয়।
ইমাম নাৱাৱীয়ে কৈছেঃ ইয়াৰ দ্বাৰা এইটোও প্ৰমাণিত হয় যে, কোনো ব্যক্তিয়ে অনুমতি নোলোৱাকৈয়ে আনৰ অধীনত থকা ঠাইত সোমাব পাৰে, যদিহে ব্যক্তিজনে উভয়ৰ মাজত সদ্ভাৱ থকাৰ কাৰণে এইটো পছন্দ কৰে, অথবা বেলেগ কোনো কাৰণত।

Attribution

[(মুছলিম)]

Categories

Share

Share hadeeth

Sharing options · 0 Total shares

Share

← Back to encyclopedia
Shopping Basket

Loading...