افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم.
#3347[ছহীহ]
HadeethEnc · 1.16.0

“তোমালোকৰ মাজৰ কাৰোবাক খলীল হিচাপে গ্রহণ কৰাৰ পৰা মই আল্লাহৰ ওচৰত সম্পূৰ্ণৰূপে মুক্ত ঘোষণা কৰিলোঁ। কিয়নো আল্লাহ তাআলাই মোক খলীল হিচাপে গ্রহণ কৰিছে। যিদৰে তেওঁ ইব্ৰাহীম আলাইহিচ্ছালামক খলীল হিচাপে গ্রহণ কৰিছিল।

Available translations

Choose an available translation of this Hadeeth

01

Hadeeth text

জুন্দুব ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ “মই নবী চাল্লাল্লাহু আলাইহি অছাল্লামক তেখেতৰ মৃত্যুৰ পাঁচ দিন পূর্বে এই কথা কওঁতে শুনিছোঁ যে, “তোমালোকৰ মাজৰ কাৰোবাক খলীল হিচাপে গ্রহণ কৰাৰ পৰা মই আল্লাহৰ ওচৰত সম্পূৰ্ণৰূপে মুক্ত ঘোষণা কৰিলোঁ। কিয়নো আল্লাহ তাআলাই মোক খলীল হিচাপে গ্রহণ কৰিছে। যিদৰে তেওঁ ইব্ৰাহীম আলাইহিচ্ছালামক খলীল হিচাপে গ্রহণ কৰিছিল। আৰু যদি মই মোৰ উম্মতৰ মাজৰ পৰা কাৰোবাক খলীল হিচাপে গ্রহণ কৰিলোহেঁতেন তেন্তে নিশ্চয় আবু বকৰক খলীল হিচাপে গ্রহণ কৰিলোহেঁতেন। সাৱধান, তোমালোকৰ পূর্বৱর্তী উম্মতবোৰে তেওঁলোকৰ নবীসকলৰ কবৰক মছজিদত পৰিণত কৰিছিল। সাৱধান, তোমালোকে কবৰক মছজিদত পৰিণত নকৰিবা। মই তোমালোকক এই কাম কৰিবলৈ বাৰে বাৰে নিষেধ কৰোঁ।”
02

Explanation

হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে আল্লাহৰ ওচৰত থকা তেখেতৰ মৰ্যাদা সম্পৰ্কে সংবাদ দিছে। অৰ্থাৎ তেখেতে মুহাব্বতৰ সৰ্বোচ্চ পৰ্যায়ত উপনীত হৈছে, যিদৰে ইব্ৰাহীম আলাইহিচ্ছালাম উপনীত হৈছিল। সেয়ে তেখেতে আল্লাহৰ বাহিৰে আনক খলীল হিচাপে গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছে। কাৰণ তেখেতৰ অন্তৰ আল্লাহৰ মুহাব্বতেৰে আৰু তেওঁৰ প্ৰতি থকা সন্মান আৰু ভক্তিৰে ভৰি আছে। সেয়ে আল্লাহৰ বাহিৰে আনৰ বাবে তাত কোনো ঠাই নাই। মানুহৰ মাজত যদি তেখেতৰ কোনো খলীল থাকিলহেঁতেন তেন্তে তেওঁ হ'লহেঁতেন আবু বকৰ ৰাদ্বিয়াল্লাহু আনহু। ইয়াৰ পিছত তেখেতে মুহাব্বতৰ বৈধ সীমাৰেখা অতিক্ৰম কৰিবলৈ সতৰ্ক কৰিছে। যিদৰে ইয়াহুদী আৰু খৃষ্টানসকলে সিহঁতৰ নবী আৰু পূণ্যৱান লোকসকলৰ কবৰক শ্বিৰ্কৰ আড্ডাত পৰিণত কৰিছিল, আল্লাহৰ বাহিৰে সিহঁতে সেইবোৰকে উপাসনা কৰিছিল, আৰু সেই কবৰসমূহৰ ওপৰত মছজিদ তথা উপাসনালয় নিৰ্মাণ কৰিছিল। সেয়ে নবী চাল্লাল্লাহু আলাইহি অছাল্লামে সিহঁতৰ দৰে এনেকুৱা কাম কৰিবলৈ নিষেধ কৰিছে।
03

Benefits

হাদীছটোৰ দ্বাৰা আবু বকৰ ৰাদ্বিয়াল্লাহু আনহুৰ মৰ্যাদা প্ৰস্ফুটিত হৈছে। তেওঁ আছিল চাহাবাসকলৰ মাজত সৰ্বোত্তম চাহাবী। লগতে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ মৃত্যুৰ পিছত মানুহৰ মাজত খিলাফতৰ সৰ্বোচ্চ হকদাৰ।
কবৰৰ ওপৰত মছজিদ নির্মাণ কৰাটো হৈছে পূৰ্বৱৰ্তী উম্মতসকলৰ এটা অন্যতম নিকৃষ্ট কৰ্ম।
কবৰসমূহক ইবাদতৰ স্থান বনোৱা হাৰাম, য’ত চালাত আদায় কৰা হয় বা যাৰ ফালে মুখ কৰি চালাত আদায় কৰা হয়। ইয়াৰ বাহিৰেও তাৰ ওপৰত মছজিদ নিৰ্মাণ কৰা বা গম্বুজ আদি নিৰ্মাণ কৰা হাৰাম। যাতে ইয়াৰ ফলত শ্বিৰ্কৰ মাজত পতিত হোৱাৰ সম্ভাৱনা নাথাকে।
শ্বিৰ্কৰ দুৱাৰ বন্ধ কৰাৰ উদ্দেশ্যে পূণ্যৱান লোকসকলৰ ক্ষেত্ৰত সীমালংঘন কৰিবলৈ সতৰ্ক কৰা হৈছে।
বিষয়টোৰ ভয়াৱহতা অনুমান কৰক যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে মৃত্যুৰ পাঁচ দিন পূৰ্বেও বিষয়টো সম্পৰ্কে গুৰুত্ব সহকাৰে সতৰ্ক কৰিছে।

Attribution

[(মুছলিম)]

Categories

Share

Share hadeeth

Sharing options · 0 Total shares

Share

← Back to encyclopedia
Shopping Basket

Loading...