মই নিশ্চিতভাৱে জানো যে, তুমি হৈছা এডোখৰ শিল। অপকাৰো কৰিব নোৱাৰা আৰু উপকাৰো কৰিব নোৱাৰা। মই যদি ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামক তোমাক চুমা খোৱা নেদেখিলোঁহেঁতেন তেন্তে মই কেতিয়াও তোমাক চুমা নাখালোঁহেঁতেন।
Choose an available translation of this Hadeeth
Hadeeth text
ওমৰ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত যে, তেওঁ হাজাৰে আছৱাদৰ ওচৰলৈ আহি চুমা খাই কৈছিলঃ মই নিশ্চিতভাৱে জানো যে, তুমি হৈছা এডোখৰ শিল। অপকাৰো কৰিব নোৱাৰা আৰু উপকাৰো কৰিব নোৱাৰা। মই যদি ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামক তোমাক চুমা খোৱা নেদেখিলোঁহেঁতেন তেন্তে মই কেতিয়াও তোমাক চুমা নাখালোঁহেঁতেন।
Explanation
Benefits
হাজাৰে আছৱাদক চুমা খোৱাৰ একমাত্ৰ উদ্দেশ্য হৈছে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ অনুসৰণ।
ইমাম নাৱাৱীয়ে কৈছেঃ ক্ষতি কৰাৰ আৰু উপকাৰ কৰাৰ কোনো ক্ষমতা নাই, ইয়াৰ অৰ্থ হৈছে যে, এইটো হৈছে এডোখৰ শিল, তথা মখলুক, অন্যান্য মখলুকৰ দৰেই, উপকাৰ আৰু অপকাৰ কৰাৰ কোনো ক্ষমতা নাই। ওমৰ ৰাদ্বিয়াল্লাহু আনহুৱে এইটো এই সময়ছোৱাত এইকাৰণে কৈছে, যাতে অন্যান্য দেশৰ পৰা অহা লোকে বিষয়টো বেলেগক জনাই দিয়ে আৰু বিভিন্ন ফালৰ পৰা অহা লোকে বিষয়টো মনত ৰাখে।
ইবাদত হৈছে তাওক্বীফি। ইয়াত নিজৰ ফালৰ পৰা কম বা বৃদ্ধি কৰাৰ কাৰো ক্ষমতা নাই, কেৱল সেইটোৱে বৈধ যিটো আল্লাহ আৰু তেওঁৰ ৰাছুলে বিধিবদ্ধ কৰিছে।
ইবাদত প্ৰমাণিত হ'লে সেইটো আমলত পৰিণত কৰিব লাগে। যদিও ইয়াৰ হিকমত অৱগত হওক বা নহওক। কিয়নো মানুহে নিৰ্দেশনা পালন কৰা আৰু অনুসৰণ কৰাটোৱে হৈছে এটা অন্যতম উদ্দেশ্যিত হিকমত।
চৰীয়তৰ দ্বাৰা প্ৰমাণিত নোহোৱা শিল আদি যিয়ে নহওক, যিকোনো বস্তুক ইবাদতৰ নিয়্যতেৰে চুমা খাবলৈ নিষেধ কৰা হৈছে।
Attribution
Categories
Share hadeeth
Sharing options · 0 Total shares

