মহান আল্লাহে কৈছেঃ মই মোৰ নেক বান্দাসকলৰ বাবে এনেকুৱা বস্তু প্ৰস্তুত কৰি ৰাখিছোঁ, তেনেকুৱা বস্তু কোনো চকুৱে দেখা পোৱা নাই আৰু কোনো কাণেও শুনি পোৱা নাই, আনকি কোনো অন্তৰে সেয়া কল্পনাও কৰিব নোৱাৰে।
Choose an available translation of this Hadeeth
Hadeeth text
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "মহান আল্লাহে কৈছেঃ মই মোৰ নেক বান্দাসকলৰ বাবে এনেকুৱা বস্তু প্ৰস্তুত কৰি ৰাখিছোঁ, তেনেকুৱা বস্তু কোনো চকুৱে দেখা পোৱা নাই আৰু কোনো কাণেও শুনি পোৱা নাই, আনকি কোনো অন্তৰে সেয়া কল্পনাও কৰিব নোৱাৰে।" আবু হুৰাইৰাই কৈছেঃ তোমালোকে ইয়াৰ প্ৰমাণস্বৰূপে এই আয়াত পাঠ কৰিব পাৰাঃ অৰ্থঃ এতেকে কোনোৱেই নাজানে তেওঁলোকৰ কৃতকৰ্মৰ পুৰস্কাৰ হিচাপে তেওঁলোকৰ বাবে চকু জুৰ পেলোৱা কি (প্ৰতিদান) লুকুৱাই ৰখা হৈছে। (ছুৰা আচ-ছাজদাহঃ ১৭)
Explanation
এতেকে কোনোৱেই নাজানে তেওঁলোকৰ বাবে চকু জুৰ পেলোৱা কি লুকুৱাই ৰখা হৈছে। (ছুৰা আছ-ছাজদাহঃ ১৭)
Benefits
নেক আমল কৰিবলৈ আৰু বেয়া আমলৰ পৰা বিৰত থাকিবলৈ উৎসাহিত কৰা হৈছে। যাতে সেই সফলতা অৰ্জন হয়, যিটো আল্লাহে তেওঁৰ নেক বান্দাসকলৰ বাবে প্ৰস্তুত কৰি ৰাখিছে।
মহান আল্লাহে তেওঁৰ পৱিত্ৰ গ্ৰন্থত আৰু ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁৰ হাদীছত জান্নাতৰ প্ৰতিটো বস্তু সম্পৰ্কে সংবাদ দিয়া নাই। আমি যিখিনি সম্পৰ্কে অৱগত হৈছোঁ, তাতকৈও অধিক মহান মহান বস্তু তেওঁ প্ৰস্তুত কৰি ৰাখিছে।
হাদীছটোত জান্নাতৰ পূৰ্ণাংগ নিয়ামতৰ বৰ্ণনা আহিছে। জান্নাতীসকল সকলো প্ৰকাৰ দুখ-কষ্ট তথা দুশ্চিন্তা আদিৰ পৰা মুক্ত থাকিব।
পাৰ্থিৱ সা-সামগ্ৰী হৈছে ধ্বংসশীল, আনহাতে আখিৰাতৰ নিয়ামত হৈছে চিৰস্থায়ী আৰু সৰ্বোত্তম।
Attribution
Categories
Share hadeeth
Sharing options · 0 Total shares

