এইটো এটা শিল, যিটো সত্তৰ বছৰ আগত জাহান্নামত নিক্ষেপ কৰা হৈছিল, এতিয়াহে গৈ জাহান্নামৰ তল পালে।
Choose an available translation of this Hadeeth
Hadeeth text
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ আমি ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ লগত আছিলোঁ, ঠিক সেই সময়তে কিবা পৰি যোৱাৰ এটা বিকট শব্দ শুনা পালোঁ। তেতিয়া তেখেতে ক'লেঃ "তোমালোকে জানানে এইটো কিহৰ শব্দ?" তেওঁ কৈছেঃ আমি ক'লোঁ, আল্লাহ আৰু তেওঁৰ ৰাছুলেহে ভালদৰে জানে। তেতিয়া তেখেতে ক'লেঃ "এইটো এটা শিল, যিটো সত্তৰ বছৰ আগত জাহান্নামত নিক্ষেপ কৰা হৈছিল, এতিয়াহে গৈ জাহান্নামৰ তল পালে।"
Explanation
তেতিয়া তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ তোমালোকে শুনা পোৱা এই শব্দটো হৈছে এটা শিলৰ শব্দ, যিটোক সত্তৰ বছৰ আগত জাহান্নামৰ পাৰৰ পৰা নিক্ষেপ কৰা হৈছিল, ইমান দিনে সেইটো পৰিয়ে আছিল, এতিয়াহে গৈ তল পালে।
Benefits
যিটো জ্ঞান মানুহৰ নাই, তেনেকুৱা জ্ঞানৰ ক্ষেত্ৰত বিষয়টোক আল্লাহৰ সৈতে সম্পৃক্ত কৰা মুস্তাহাব।
বৰ্ণনা কৰাৰ আগত শিক্ষকে আগ্ৰহ সৃষ্টি কৰা উচিত আৰু মনোযোগ আকৰ্ষণ কৰা উচিত, যাতে বিষয়টো সহজে বুজিব পৰা যায়।
Attribution
Categories
Share hadeeth
Sharing options · 0 Total shares

