কিয়ামতৰ দিনা এজন ব্যক্তিক অনা হ'ব আৰু জাহান্নামত নিক্ষেপ কৰা হ'ব, যাৰ ফলত তাৰ পেটৰ নাড়ীভুঁৰি ওলাই আহিব। সি সেইটোক লৈ এনেকৈ ঘূৰি ফুৰিব যেনেকৈ গাধই তেলীশালৰ চাৰিওফালে ঘূৰি ফুৰে।
Choose an available translation of this Hadeeth
Hadeeth text
উছামা বিন ঝায়েদ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছে যে, তেওঁক কোৱা হ'ল, আপুনি উছমান ৰাদ্বিয়াল্লাহু আনহুৰ ওচৰলৈ গৈ আলোচনা (কৰি বিষয়টো সমাধান) নকৰে কিয়? তেতিয়া তেওঁ কৈছিলঃ তোমালোকে ভবা নেকি যে, মই তোমালোকক শুনাই শুনাই কথা পাতিম? আল্লাহৰ শপত! মই তেওঁৰ সৈতে একান্তত কথা পাতিছোঁ, যাতে কোনো ধৰণৰ ফিতনাৰ দুৱাৰ নোখোলে। লগতে মই এইটোও পছন্দ নকৰোঁ যে, মোৰ দ্বাৰাই প্ৰথম ফিতনাৰ দুৱাৰ খোলক। লগতে শুনা! কোনোবাই আমাৰ ওপৰত শাসক নিযুক্ত হ'লেই যে, তেওঁ সৰ্বোত্তম ব্যক্তি, মই এইটোও নকওঁ, কাৰণ মই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা শুনিছোঁ, তেখেতে কৈছেঃ "কিয়ামতৰ দিনা এজন ব্যক্তিক অনা হ'ব আৰু জাহান্নামত নিক্ষেপ কৰা হ'ব, যাৰ ফলত তাৰ পেটৰ নাড়ীভুঁৰি ওলাই আহিব। সি সেইটোক লৈ এনেকৈ ঘূৰি ফুৰিব যেনেকৈ গাধই তেলীশালৰ চাৰিওফালে ঘূৰি ফুৰে। সেই সময়ত জাহান্নামীসকল তাৰ চাৰিওফালে একত্ৰিত হ'ব আৰু ক'বঃ হে অমুক! তোমাৰ এই অৱস্থা কেনেকৈ হ'ল? তুমি সৎকৰ্মৰ আদেশ দিয়া নাছিলা জানো, আৰু অসৎকৰ্মৰ পৰা বিৰত ৰখা নাছিলা জানো? সি ক'বঃ হয়। মই সৎকৰ্মৰ আদেশ দিছিলোঁ কিন্তু মই নিজে আমল কৰা নাছিলোঁ, আৰু মই অসৎকৰ্মৰ পৰা নিষেধ কৰিছিলোঁ কিন্তু সেইটো মই নিজেই কৰিছিলোঁ।"
Explanation
ইয়াৰ পিছত উছামা ৰাদ্বিয়াল্লাহু আনহুমাই কৈছেঃ তেওঁ আমীৰক গোপনে পৰামৰ্শ দিয়ে। তেওঁ কাকো তোষামোদ নকৰে যদিও আমীৰ হয়। তেওঁ সিহঁতৰ চাটুকাৰিতা নকৰে আৰু সিহঁতৰ মুখত মিছা প্ৰশংসা নকৰে। ইয়াৰ কাৰণ হৈছে, তেওঁ নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা শুনিছে যে, কিয়ামতৰ দিনা এজন ব্যক্তিক অনা হ'ব আৰু তাক জাহান্নামত নিক্ষেপ কৰা হ'ব, ফলত ইয়াৰ শাস্তি তথা উৎকট গৰম সহ্য কৰিব নোৱাৰি তাৰ পেটৰ নাড়ীভুঁৰি ওলাই আহিব। সি এই অৱস্থাতে জাহান্নামত ঘূৰি ফুৰিব যিদৰে গাধই তেল আদি পেৰাৰ সময়ত তেলীশালৰ চাৰিওফালে ঘূৰে। তাৰ এই অৱস্থা দেখি জাহান্নামীসকল তাৰ চাৰিওফালে ভিৰ কৰিব, আৰু তাক সুধিবঃ হে অমুক! তুমি দেখোন সৎকৰ্মৰ আদেশ দিছিলা আৰু অসৎকৰ্মৰ পৰা নিষেধ কৰিছিলা, তথাপিও তোমাৰ এই অৱস্থা কিয়?
তেতিয়া সি ক'বঃ হয়, নিশ্চয় মই সৎকৰ্মৰ আদেশ দিছিলোঁ কিন্তু মই নিজে আমল কৰা নাছিলোঁ, আৰু মই অসৎকৰ্মৰ পৰা নিষেধ কৰিছিলোঁ কিন্তু সেইটো মই নিজেই কৰিছিলোঁ।
Benefits
কথা আৰু কৰ্মৰ মাজত মিল নথকা আচৰণৰ ক্ষেত্ৰত, ব্যক্তিক কঠোৰ শাস্তিৰ সতৰ্কবাণী দিয়া হৈছে।
শাসক তথা দায়িত্বশীল ব্যক্তিৰ সৈতে সন্মান সহকাৰে কথা কোৱা উচিত, লগতে তেওঁলোকক সৎকৰ্মৰ আদেশ দিব লাগে আৰু অসৎকৰ্মৰ পৰা নিষেধ কৰিব লাগে।
শাসক তথা দায়িত্বশীল ব্যক্তিক তোষামোদ কৰা বিষয়টোক নিন্দা কৰা হৈছে, মিছা প্ৰশংসা কৰাটো হৈছে অসত্যক সমৰ্থন কৰাৰ দৰে।
Attribution
Categories
Share hadeeth
Sharing options · 0 Total shares

