মুহাম্মাদৰ পৰিয়ালৰ ওচৰলৈ বহুতো মহিলাই নিজৰ স্বামীৰ বিৰুদ্ধে অভিযোগ লৈ আহিছে। এতেকে তোমালোকৰ মাজৰ যিসকলে নিজৰ স্ত্ৰীক প্ৰহাৰ কৰে, সিহঁত তোমালোকৰ মাজত উত্তম নহয়।
ইয়াছ বিন আব্দুল্লাহ বিন আবি জুবাব ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত তেওঁ কৈছে, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "আল্লাহৰ বান্দীহঁতক (স্ত্ৰীহঁতক) প্ৰহাৰ নকৰিবা।" ইয়াৰ পিছত ওমৰ (ৰাদ্বিয়াল্লাহু আনহু)এ ৰাছুলুল্লাহ্ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ গৈ ক’লে, স…

