হে আব্বাছ, হে ৰাছুলৰ খুৰা! আল্লাহৰ ওচৰত আখিৰাত আৰু দুনিয়াৰ নিৰাপত্তা কামনা কৰক।
আব্বাছ বিন আব্দুল মুত্তালিব ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ "মই ক'লোঁঃ হে আল্লাহৰ ৰাছুল! মোক এনেকুৱা কিবা শিকাওক যিটো মই সৰ্বশক্তিমান আল্লাহৰ ওচৰত প্ৰাৰ্থনা কৰিম। তেখেতে ক'লেঃ "আল্লাহৰ ওচৰত নিৰাপত্তা কামনা কৰক।" কিছুদিন পিছত মই আকৌ আহিলোঁ আৰু ক'লোঁঃ হে আল্লা…

