তোমালোকে মিহি অথবা মোটা ৰেচমী কাপোৰ পৰিধান নকৰিবা। এইদৰে সোণেৰে নিৰ্মিত বা ৰূপেৰে নিৰ্মিত পাত্ৰত পানী নাখাবা, আৰু এইবোৰেৰে নিৰ্মিত থালত আহাৰো নকৰিবা। কাৰণ পৃথিৱীত এইবোৰ হৈছে সিহঁতৰ বাবে, আৰু আখিৰাতত হৈছে আমাৰ বাবে"।
Choose an available translation of this Hadeeth
Hadeeth text
আব্দুৰ ৰহমান ইবনু আবি লাইলাৰ পৰা বৰ্ণিত, তেওঁ কৈছে যে, তেওঁলোক এবাৰ হুজাইফা ৰাদ্বিয়াল্লাহু আনহুৰ ওচৰত আছিল, সেই সময়ত হুজাইফা ৰাদ্বিয়াল্লাহু আনহুৱে পানী বিচৰাত এজন অগ্নিপূজকে তেখেতক (ৰূপেৰে নিৰ্মিত পিয়লাত) পানী আনি দিলে, সেই অগ্নিপূজকে যেতিয়া পিয়লাটো আনি তেখেতৰ হাতত দিলে, তেখেতে সেইটোক লগে লগে দলিয়াই দিলে, আৰু ক'লেঃ মই যদি এওঁক এবাৰ বা দুবাৰতকৈ অধিকবাৰ নিষেধ নকৰিলোঁহেঁতেন তথাপিও বিষয়টো বেলেগ আছিল, অৰ্থাৎ তেখেতে যেনিবা এইটো ক'ব বিচাৰিছে যে, তেন্তে মই এইটো নকৰিলোঁহেঁতেন। কিন্তু মই নবী চাল্লাল্লাহু আলাইহি অছাল্লামক কোৱা শুনিছোঁ, তেখেতে কৈছেঃ "তোমালোকে মিহি অথবা মোটা ৰেচমী কাপোৰ পৰিধান নকৰিবা। এইদৰে সোণেৰে নিৰ্মিত বা ৰূপেৰে নিৰ্মিত পাত্ৰত পানী নাখাবা, আৰু এইবোৰেৰে নিৰ্মিত থালত আহাৰো নকৰিবা। কাৰণ পৃথিৱীত এইবোৰ হৈছে সিহঁতৰ বাবে, আৰু আখিৰাতত হৈছে আমাৰ বাবে"।
Explanation
Benefits
নাৰীসকলৰ বাবে মোটা হওক বা মিহি সকলো প্ৰকাৰ ৰেচমী কাপোৰ পৰিধান কৰা বৈধ।
নাৰী-পুৰুষ উভয়ৰে বাবে সোণ-ৰূপেৰে নিৰ্মিত বাচন-বৰ্তন তথা এইবোৰেৰে নিৰ্মিত যিকোনো পাত্ৰত পানাহাৰ কৰা হাৰাম।
হুজাইফা ৰাদ্বিয়াল্লাহু আনহুৱে কঠোৰভাৱে প্ৰত্যাখ্যান কৰাৰ কাৰণ আছিল, তেখেতে তাক সোণ-ৰূপেৰে নিৰ্মিত পাত্ৰ ব্যৱহাৰ কৰিবলৈ একাধিকবাৰ নিষেধ কৰিছিল, কিন্তু তথাপিও সি ইয়াৰ পৰা বিৰত নাছিল। (সেইকাৰণে তেওঁ পাত্ৰটো দলিয়াই পেলাইছিল)
Attribution
Categories
Share hadeeth
Sharing options · 0 Total shares

