আল্লাহে সেই ব্যক্তিৰ প্ৰতি (ৰহমতৰ) দৃষ্টি প্ৰদান নকৰিব, যিয়ে অহংকাৰ কৰি কাপোৰ চোঁচৰাই পিন্ধি ফুৰে।
Choose an available translation of this Hadeeth
Hadeeth text
ইবনে ‘ওমৰ ৰাদ্বিয়াল্লাহু ‘আনহুমাৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "আল্লাহে সেই ব্যক্তিৰ প্ৰতি (ৰহমতৰ) দৃষ্টি প্ৰদান নকৰিব, যিয়ে অহংকাৰ কৰি কাপোৰ চোঁচৰাই পিন্ধি ফুৰে।"
Explanation
Benefits
সৰুগাঁঠিৰ তলত কাপোৰ পিন্ধাৰ নিষেধাজ্ঞাটো কেৱল পুৰুষসকলৰ বাবে নিৰ্দিষ্ট। ইমাম নাৱাৱীয়ে কৈছেঃ উলামাসকল এই কথাত একমত যে, নাৰীসকলে ভৰিৰ সৰুগাঁঠিৰ তলত কাপোৰ পিন্ধিব লাগে। নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা সঠিক সূত্ৰত প্ৰমাণিত যে, নাৰীসকলক এক হাত পৰ্যন্ত কাপোৰ দীঘল ৰাখি চোঁচৰাই নিবলৈ অনুমতি প্ৰদান কৰা হৈছে।
ইবনু বাঝ ৰাহিমাহুল্লাহে কৈছেঃ হাদীছটোৰ ব্যাপক অৰ্থই প্ৰমাণ কৰে যে, কাপোৰ চোঁচৰাই পিন্ধা হাৰাম তথা নিষিদ্ধ। কিন্তু ইয়াৰ শাস্তি সকলোৰে ক্ষেত্ৰত একে নহয়। কাৰণ যিয়ে অহংকাৰ কৰি কাপোৰ চোঁচৰাই পিন্ধে আৰু যিয়ে অহংকাৰ কৰি নকৰে, উভয়ৰ মাজত পাৰ্থক্য আছে।
ইবনু বাঝ ৰাহিমাহুল্লাহে কৈছেঃ নাৰী সম্পূৰ্ণৰূপে পৰ্দাৰ বস্তু। গতিকে নাৰীসকলে এবেগেত পৰিমাণ কাপোৰ চোঁচৰাই পিন্ধিলেও কোনো অসুবিধা নাই। যদি এইটোও যথেষ্ট নহয় তেন্তে এক হাত পৰিমাণ ৰাখিব পাৰে।
ক্বাজী ৰাহিমাহুল্লাহে কৈছেঃ উলামাসকলে কৈছেঃ সামগ্ৰিকভাৱে প্ৰত্যেক সেই বস্তু অপছন্দনীয় যিটো প্ৰয়োজনতকৈ অতিৰিক্ত কৰা হয়, এইদৰে পোছাক পৰিচ্ছদৰ দৈৰ্ঘ্য আৰু প্ৰশস্তৰ ক্ষেত্ৰতো শালীনতাৰ অতিৰিক্ত কৰাটো অপছন্দনীয়। আল্লাহেই সৰ্বজ্ঞ।
ইমাম নাৱাৱীয়ে কৈছেঃ পছন্দনীয় পৰিমাণ হৈছে, কলাফুলৰ অৰ্দ্ধেকলৈকে পৰিধানকৃত কাপোৰৰ সীমা হ'ব লাগে। সৰুগাঁঠিৰ ওপৰলৈকে পৰিধান কৰাত কোনো অসুবিধা নাই। কিন্তু ইয়াৰ তলত পৰিধান কৰিলে জাহান্নামৰ সতৰ্কবাণী দিয়া হৈছে। এতেকে কলাফুলৰ অৰ্দ্ধেকলৈকে পৰিধান কৰাটো মুস্তাহাব। কিন্তু ইয়াৰ তলত সৰুগাঁঠি পৰ্যন্ত পৰিধান কৰাটো জায়েজ। সৰুগাঁঠিৰ তলত পিন্ধাটোহে নিষিদ্ধ।
ইবনে উছাইমীন ৰাহিমাহুল্লাহে হাদীছটোৰ এই বাক্য (لا ينظر الله إليه) সম্পৰ্কে কৈছেঃ অৰ্থাৎ আল্লাহে ৰহমতৰ দৃষ্টিৰে তথা দয়াৰ দৃষ্টিৰে নাচাব। ইয়াৰ দ্বাৰা সাধাৰণ দৃষ্টিপাত কৰাক বুজোৱা হোৱা নাই। কাৰণ আল্লাহৰ পৰা একোৱে গোপন নহয়, তেওঁৰ দৃষ্টিৰ পৰা কোনো বস্তু অদৃশ্য নহয়। কিন্তু ইয়াত ৰহমতৰ দৃষ্টিক বুজোৱা হৈছে।
Attribution
Categories
Share hadeeth
Sharing options · 0 Total shares

