افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم.
#2944[ছহীহ]
HadeethEnc · 1.16.0

ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে আমাক সাতটা বস্তুৰ নিৰ্দেশ দিছে আৰু সাতটা বস্তুৰ পৰা নিষেধ কৰিছে।

Available translations

Choose an available translation of this Hadeeth

01

Hadeeth text

বাৰা ইবনে আঝিব ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে আমাক সাতটা বস্তুৰ নিৰ্দেশ দিছে আৰু সাতটা বস্তুৰ পৰা নিষেধ কৰিছে। তেখেতে আমাক নিৰ্দেশ দিছে যে, বেমাৰীৰ চোৱাচিতা কৰিবা, জানাযাৰ অনুসৰণ কৰিবা, হাঁচি কৰা ব্যক্তিৰ দুআৰ উত্তৰত য়াৰাহামুকাল্লাহ বুলি ক'বা, শপত বা শপত কৰা ব্যক্তিৰ শপত পূৰণ কৰিবা, নিৰ্যাতিত ব্যক্তিক সহায় কৰিবা, নিমন্ত্ৰণকাৰীৰ নিমন্ত্ৰণ গ্ৰহণ কৰিবা আৰু ছালাম প্ৰচাৰ কৰিবা। এইদৰে তেখেতে আমাক নিষেধ কৰিছে সোণৰ আঙুঠিৰ পৰা অথবা সোণৰ আঙুঠি পৰিধান কৰাৰ পৰা। ৰূপৰ পাত্ৰত পানীয় আদি খোৱাৰ পৰা, গাদীত ৰেচম কাপোৰ ব্যৱহাৰ কৰাৰ পৰা, কিচ্ছি নামক ৰেচমৰ পৰা, এইদৰে মিহি আৰু মোটা উভয় প্ৰকাৰ ৰেচম কাপোৰ পৰিধানৰ পৰা।
02

Explanation

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে মুছলিমসকলক সাতটা বিষয়ৰ নিৰ্দেশ দিছে আৰু সাতটা বিষয়ৰ পৰা নিষেধ কৰিছে। আদেশ দিয়া বিষয় কেইটা হৈছেঃ প্ৰথমঃ অসুস্থ তথা বেমাৰী ব্যক্তিক সাক্ষাৎ কৰিবলৈ যোৱা। দ্বিতীয়ঃ জানাযাৰ নামাজত অংশগ্ৰহণ কৰা, জানাযাৰ পিছে পিছে যোৱা, দাফন কৰা আৰু মৃত ব্যক্তিৰ বাবে দুআ কৰা। তৃতীয়ঃ হাঁচি কৰি যিয়ে আলহাম্দুলিল্লাহ কৈছে, তাৰ উত্তৰত এই বুলি কোৱাঃ য়াৰহামুকাল্লাহ। চতুৰ্থঃ শপত খোৱা ব্যক্তিৰ শপত পূৰণ কৰা, আৰু সেইটোক বাস্তৱায়িত কৰা। অৰ্থাৎ যদি কোনোবাই কোনো বিষয়ত শপত খায়, আৰু আপুনি সেইটো পূৰণ কৰিবলৈ সক্ষম তেন্তে সেইটো পূৰণ কৰিবলৈ চেষ্টা কৰিব। যাতে তেওঁ নিজৰ শপতৰ কাফ্ফাৰা দিবলগীয়া নহয়। পঞ্চমঃ নিৰ্যাতিত ব্যক্তিক সহায়-সহযোগিতা কৰা। সক্ষম অনুযায়ী অন্যায়কাৰীৰ অত্যাচাৰৰ পৰা তাক ৰক্ষা কৰা। ষষ্ঠঃ খাবলৈ জনোৱা নিমন্ত্ৰণকাৰীৰ নিমন্ত্ৰণ গ্ৰহণ কৰিব লাগে। যেনে- বিবাহৰ দাৱাত, আক্বীকাৰ দাৱাত ইত্যাদি। সপ্তমঃ ছালাম প্ৰচাৰ কৰা আৰু ছালামৰ উত্তৰ দিয়া। নিষেধ কৰা বিষয় কেইটা হৈছেঃ প্ৰথমঃ সোণৰ আঙুঠি পৰিধান কৰা তথা অলংকাৰ হিচাপে ব্যৱহাৰ কৰা। দ্বিতীয়ঃ ৰূপৰ পাত্ৰত পান কৰা। তৃতীয়ঃ ঘোঁৰা বা উটৰ ওপৰত বহিবলৈ ৰেচমেৰে তৈয়াৰ কৰা গাদী ব্যৱহাৰ কৰা। হাদীছত ইয়াক মায়াছিৰ বুলি কৈছে। চতুৰ্থঃ ৰেচম মিশ্ৰিত সুতাৰে তৈয়াৰ কৰা কাপোৰ পৰিধান কৰ। যিটোক কিচ্ছি বুলি কোৱা হৈছে। পঞ্চমঃ খাঁটি ৰেচমী কাপোৰ পৰিধান কৰা। ষষ্ঠঃ মোটা ৰেচমী কাপোৰ পৰিধান কৰা। সপ্তমঃ পাতল তথা মুলাইম উন্নতমানৰ ৰেচমী কাপোৰ পৰিধান কৰা।
03

Benefits

মুছলিম ভাতৃৰ প্ৰতি অন্য মুছলিমৰ কিছুমান অধিকাৰৰ বৰ্ণনা দিয়া হৈছে।
সাধাৰণতে চৰীয়তি প্ৰতিটো বিধান আদেশ হওক বা নিষেধ, নাৰী পুৰুষ উভয়ৰে বাবে প্ৰযোজ্য হয়। কিন্তু সেইটোৰ বাহিৰে যিটো কেৱল পুৰুষৰ বাবে নিৰ্দিষ্ট অথবা নাৰীৰ বাবে নিৰ্দিষ্ট।
অন্যান্য হাদীছৰ দ্বাৰা এইটো প্ৰমাণিত যে, নাৰীসকলে জানাযাৰ অনুসৰণ কৰা নিষেধ।
এইদৰে অন্যান্য হাদীছৰ দ্বাৰা এইটোও প্ৰমাণিত যে, নাৰীসকলৰ বাবে ৰেচমী কাপোৰ আৰু সোণৰ অলংকাৰ পৰিধান কৰা বৈধ।

Attribution

[(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})]

Categories

Share

Share hadeeth

Sharing options · 0 Total shares

Share

← Back to encyclopedia
Shopping Basket

Loading...