“মই তোমালোকক আটাইতকৈ ডাঙৰ (কবীৰাহ) গুনাহ সম্পৰ্কে সংবাদ নিদিমনে?
Choose an available translation of this Hadeeth
Hadeeth text
আবু বাকৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ “মই তোমালোকক আটাইতকৈ ডাঙৰ (কবীৰাহ) গুনাহ সম্পৰ্কে সংবাদ নিদিমনে?” এই কথা তেখেতে তিনিবাৰ ক'লে। চাহাবাসকলে ক'লেঃ নিশ্চয় দিয়ক, হে আল্লাহৰ ৰাছুল। তেখেতে ক'লেঃ সেয়া হৈছে, “আল্লাহৰ সৈতে শ্বিৰ্ক কৰা আৰু পিতৃ-মাতৃৰ অবাধ্য হোৱা", তেখেত আউজি বহি আছিল, ইয়াৰ পিছত পোন হৈ বহি ক'লে, "সাৱধান! মিছা কথা কোৱা আৰু মিছা সাক্ষ্য দিয়াও কবীৰাহ গুনাহ।” তেখেতে এই কথাষাৰ বাৰে বাৰে কৈ আছিল। অৱশেষত আমি মনে মনে ক'বলৈ বাধ্য হ'লোঁ যে, তেখেত যদি চুপ হ'লহেঁতেন।
Explanation
১. আল্লাহৰ সৈতে শ্বিৰ্ক কৰাঃ অৰ্থাৎ ইবাদতৰ যিমান প্ৰকাৰ আছে সেইবোৰৰ যিকোনো এটা প্ৰকাৰক আল্লাহৰ বাহিৰে আনৰ বাবে কৰা, অথবা আল্লাহৰ বাহিৰে কোনো সত্তাক আল্লাহৰ উলুহিয়্যত, ৰুবুবিয়্য়ত, আছমা অচিফাত আদিৰ ক্ষেত্ৰত সমতুল্য বুলি জ্ঞান কৰা।
২. পিতৃ-মাতৃৰ অবাধ্য হোৱাঃ অৰ্থাৎ পিতৃ-মাতৃক কোনো ধৰণৰ কষ্ট দিয়া, কথাৰ দ্বাৰাই হওক বা কৰ্মৰ দ্বাৰা। এইদৰে তেওঁলোকৰ সৈতে সদ্ব্যৱহাৰ নকৰা আদি ইয়াৰ অন্তৰ্ভুক্ত।
৩. মিছা কথা কোৱা আৰু মিছা সাক্ষ্য দিয়াঃ অৰ্থাৎ যিকোনো প্ৰকাৰৰ মিছা কথা আৰু মিছা কৰ্ম যাৰ দ্বাৰা কাৰোবাৰ সন্মান হানি কৰা হয় বা কাৰোবাৰ সম্পদ গ্ৰাস কৰা হয়।
মিছা কথা অতিকৈ জঘন্য আৰু সমাজত ইয়াৰ খুবেই বেয়া প্ৰভাৱ পৰে, সেইকাৰণেই নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ইয়াৰ পৰা বাৰে বাৰে সতৰ্ক কৰিছে। অৱশেষত চাহাবাসকলে মনে মনে তেখেতৰ মৌনতা কামনা কৰিছিল, কাৰণ তেখেতৰ প্ৰতি তেওঁলোকৰ পূতৌ জন্মিছিল, এইকাৰণে যে, এনেকুৱা ঘৃণনীয় বিষয় এটাই তেখেতক আমনি কৰি আছে।
Benefits
পিতা-মাতাৰ অধিকাৰৰ গুৰুত্ব। কিয়নো, আল্লাহে তেওঁৰ অধিকাৰৰ সৈতে পিতা-মাতাৰ অধিকাৰক সংযুক্ত কৰিছে।
গুনাহক দুই ভাগত বিভক্ত কৰিছে, চাগীৰাহ (সৰু) আৰু কাবীৰাহ (ডাঙৰ) গুনাহ। সেইবোৰ গুনাহক কাবীৰাহ গুনাহ বোলে, যিবোৰ গুনাহৰ বাবে পৃথিৱীতে শাস্তি নিৰ্ধাৰিত আছে, যেনে- সীমালংঘন আৰু অভিশাপ (كالحدود واللعن), অথবা আখিৰাতত শাস্তি হ'ব বুলি সকীয়াই দিয়া হৈছে, যেনে- জাহান্নামত প্ৰৱেশ কৰিব বুলি কোৱা হৈছে। কাবীৰাহ গুনাহৰো স্তৰ আছে, কিছুমান গুনাহ আন কিছুমানতকৈ অধিক কঠোৰ। কাবীৰাহ গুনাহৰ বাহিৰে সকলো গুনাহেই হৈছে চাগীৰাহ গুনাহ।
Attribution
Categories
Share hadeeth
Sharing options · 0 Total shares

