আমল হৈছে ছয় প্ৰকাৰৰ আৰু মানুহ হৈছে চাৰি প্ৰকাৰৰ: দুটা খুবেই গুৰুত্বপূৰ্ণ, আৰু দুটা হৈছে কৰ্ম অনুপাতে প্ৰতিদান, কোনো নেক আমলৰ প্ৰতিদান দহগুণ পৰ্যন্ত বৃদ্ধি কৰি দিয়া হয় আৰু কোনোবাটোৰ সাতশগুণ পৰ্যন্ত বৃদ্ধি কৰা হয়।
Choose an available translation of this Hadeeth
Hadeeth text
খুৰাইম বিন ফাতিক ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা বর্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে: "আমল হৈছে ছয় প্ৰকাৰৰ আৰু মানুহ হৈছে চাৰি প্ৰকাৰৰ: দুটা খুবেই গুৰুত্বপূৰ্ণ, আৰু দুটা হৈছে কৰ্ম অনুপাতে প্ৰতিদান, কোনো নেক আমলৰ প্ৰতিদান দহগুণ পৰ্যন্ত বৃদ্ধি কৰি দিয়া হয় আৰু কোনোবাটোৰ সাতশগুণ পৰ্যন্ত বৃদ্ধি কৰা হয়। আনহাতে গুৰুত্বপূৰ্ণ আৱশ্যক বিষয় দুটা হৈছে, এনেকুৱা ব্যক্তি যিয়ে আল্লাহৰ সৈতে শ্বিৰ্ক নকৰাকৈ মৃত্যুবৰণ কৰিছে, সেই ব্যক্তিয়ে জান্নাতত প্ৰৱেশ কৰিব। পক্ষান্তৰে যিয়ে আল্লাহৰ সৈতে শ্বিৰ্ক কৰা অৱস্থাত মৃত্যুবৰণ কৰিছে সি জাহান্নামত প্ৰৱেশ কৰিব। আনহাতে কৰ্ম অনুপাতে ছোৱাব লাভ কৰাৰ বিষয়টো হৈছে, যেতিয়া কোনো ব্যক্তিয়ে নেক কাম কৰিবলৈ ইচ্ছা কৰে আনকি সংকল্প কৰে, তেতিয়া আল্লাহে বিষয়টো গমি চাই ইয়াৰ বিনিময়ত এটা ছোৱাব প্ৰদান কৰে, এইদৰে যিয়ে গুনাহ কৰে তাৰ আমলনামাতো এটা গুনাহ লিখা হয়, পক্ষান্তৰে যিয়ে কোনো এটা নেক আমল কৰে, তাৰ বিনিময়ত সেই ব্যক্তিক দহগুণ ছোৱাব প্ৰদান কৰা হয়। এইদৰে আল্লাহৰ পথত যিয়ে চাদাক্বাহ কৰে, সেই নেক আমলক সাতশগুণ পৰ্যন্ত বৃদ্ধি কৰি দিয়া হয়।আনহাতে পাৰ্থিৱ জীৱনত প্ৰশস্তময় জীৱন-যাপন কৰা ব্যক্তিয়ে আখিৰাতত সংকটময় জীৱন-যাপন কৰিব, পক্ষান্তৰে পাৰ্থিৱ জীৱনত সংকটময় জীৱন-যাপন কৰাজনে আখিৰাতত প্ৰশস্ত জীৱন লাভ কৰিব। এইদৰে আন কিছুমান লোক আছে যিসকলে পৃথিৱী আৰু আখিৰাত উভয় ঠাইতে সংকটময় জীৱন পাৰ কৰিব আৰু কিছুমানে পৃথিৱী আৰু আখিৰাত উভয় ঠাইতে প্ৰশস্ত জীৱন লাভ কৰিব।
Explanation
প্ৰথমঃ যি ব্যক্তিয়ে আল্লাহৰ সৈতে শ্বিৰ্ক নকৰাকৈ মৃত্যুবৰণ কৰিছে তাৰ ওপৰত জান্নাত অনিবাৰ্য।
দ্বিতীয়ঃ যি ব্যক্তিয়ে আল্লাহৰ সৈতে শ্বিৰ্ক কৰি মৃত্যুবৰণ কৰিছে, তাৰ ওপৰত চিৰস্থায়ীভাৱে জাহান্নাম অনিবাৰ্য।
এই দুটা খুবেই গুৰুত্বপূৰ্ণ তথা অত্যাৱশ্যক।
তৃতীয়ঃ নিয়তৰ ছোৱাব। যি ব্যক্তিয়ে সততাৰে কোনো নেক আমল কৰাৰ নিয়ত কৰিছে, আনকি অন্তৰত মনস্থ কৰিছে, যিটো নিয়ত সম্পৰ্কে আল্লাহ অৱগত, কিন্তু পিছত তেওঁ কোনো অসুবিধাৰ কাৰণে আমলটো কৰিব পৰা নাই, তথাপিও তাৰ আমলনামাত সেইটো নিয়তৰ কাৰণে পৰিপূৰ্ণ ছোৱাব লিখা হয়।
চতুৰ্থঃ পাপকৰ্ম যিটো ইতিমধ্যে হৈ গৈছে। যিয়ে এটা পাপকৰ্ম কৰিছে, তাৰ আমলনামাত এটাই গুনাহ লিখা হয়।
এই দুটা হৈছে কৰ্ম অনুপাতে প্ৰতিদান। ইয়াৰ প্ৰতিদানৰ ক্ষেত্ৰত কোনো বৃদ্ধি কৰা নহয়।
পঞ্চমঃ এনেকুৱা নেক আমল যিটোৰ প্ৰতিদান দহগুণ পৰ্যন্ত বৃদ্ধি কৰা হয়। অৰ্থাৎ যি ব্যক্তিয়ে নেক আমলৰ নিয়ত কৰিছে আৰু সেইটোক কৰ্মতো পৰিণত কৰিছে, তাৰ আমলনামাত দহটা ছোৱাব লিখা হয়।
ষষ্ঠঃ এনেকুৱা নেক আমল, যিটোৰ প্ৰতিদান সাতশগুণ পৰ্যন্ত বৃদ্ধি কৰা হয়। উদাহৰণস্বৰূপে- যিয়ে আল্লাহৰ পথত এটা চাদাক্বাহ কৰিলে, ইয়াৰ বিনিময়ত তাৰ আমলনামাত সাতশগুণ পৰ্যন্ত ছোৱাব লিখা হয়। এইটো হৈছে বান্দাৰ ওপৰত আল্লাহৰ ৰহমত, দয়া আৰু কৰুণা।
আনহাতে চাৰি প্ৰকাৰ মানুহ হৈছে যেনে-
প্ৰথম প্ৰকাৰঃ এনেকুৱা ব্যক্তি যিয়ে পৃথিৱীত প্ৰশস্ত জীৱন লাভ কৰিছে, যাৰ জীৱিকাৰ কোনো অভাৱ নাই, সকলো প্ৰকাৰ সা-সুবিধা লাভ কৰিছে, যি বিচাৰে তাকেই পায়। কিন্তু আখিৰাতত সেই ব্যক্তিয়ে সংকটময় পৰিস্থিতিৰ সন্মুখীন হ'ব আৰু জাহান্নামত প্ৰৱেশ কৰিব। সেইজন হৈছে ধনী কাফিৰ ব্যক্তি।
দ্বিতীয় প্ৰকাৰঃ যি ব্যক্তিয়ে পৃথিৱীত জীৱিকাৰ ক্ষেত্ৰত সংকটময় জীৱন অতিবাহিত কৰিছে, সেই ব্যক্তিয়ে আখিৰাতত প্ৰশস্ত জীৱন লাভ কৰিব তথা তেওঁ জান্নাতত প্ৰৱেশ কৰিব। তেওঁ হৈছে দৰিদ্ৰ মুমিন ব্যক্তি।
তৃতীয় প্ৰকাৰঃ এনেকুৱা ব্যক্তি যিয়ে পৃথিৱী আৰু আখিৰাত উভয় স্থানতে সংকটময় জীৱন অতিবাহিত কৰিব। সি হৈছে দৰিদ্ৰ কাফিৰ ব্যক্তি।
চতুৰ্থ প্ৰকাৰঃ এনেকুৱা ব্যক্তি যিয়ে পৃথিৱী আৰু আখিৰাত উভয় স্থানতে প্ৰশস্ত জীৱন অতিবাহিত কৰিব। তেওঁ হৈছে ঐশ্বৰ্যশীল তথা ধনী মুমিন ব্যক্তি।
Benefits
হাদীছটোত আল্লাহৰ উদাৰতা আৰু ন্যায়ৰ বিষয়টো উল্লেখ কৰা হৈছে। যেতিয়া আমাৰ দ্বাৰা কোনো পাপকৰ্ম হয় তেতিয়া তেওঁ (সেই পাপকৰ্মৰ প্ৰতিদান বৃদ্ধি নকৰে বৰং) প্ৰতিদান হিচাপে এটাহে গুনাহ লিখে।
আল্লাহৰ সৈতে শ্বিৰ্ক কৰাটো হৈছে এটা গুৰুতৰ অপৰাধ। ইয়াৰ ফলত জান্নাতৰ পৰা বঞ্চিত হ'বলগীয়া হয়।
আল্লাহৰ পথত চাদাক্বাহ কৰাৰ গুৰুত্ব বৰ্ণনা কৰা হৈছে।
আল্লাহৰ পথত ব্যয় কৰাৰ ছোৱাব সাতশগুণৰ পৰা আৰম্ভ হয়। কিয়নো ইয়াৰ দ্বাৰা আল্লাহৰ বাণীক সুউচ্চ কৰাত সহযোগিতা কৰা হয়।
হাদীছটোত মানুহৰ বিভিন্ন প্ৰকাৰৰ বিষয়ে উল্লেখ কৰা হৈছে।
পাৰ্থিৱ জীৱনত মুছলিম অমুছলিম সকলোৱে প্ৰশস্ত জীৱন লাভ কৰে, কিন্তু আখিৰাতত কেৱল মুমিনসকলেহে প্ৰশস্ত জীৱন লাভ কৰিব।
Attribution
Categories
Share hadeeth
Sharing options · 0 Total shares

