যাক এইবোৰ কন্যা সন্তান প্ৰদান কৰি পৰীক্ষা কৰা হয়, আৰু তেওঁ যদি সিহঁতৰ সৈতে ভাল ব্যৱহাৰ (অৰ্থাৎ সুন্দৰভাৱে লালন-পালন) কৰে, তেন্তে এই কন্যাবোৰে জাহান্নামৰ জুইৰ পৰা তাৰ বাবে বাধা হৈ থিয় হ'ব।
Choose an available translation of this Hadeeth
Hadeeth text
নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ স্ত্ৰী উম্মুল মু'মিনীন আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাৰ পৰা বৰ্ণিত যে, তেওঁ কৈছেঃ মোৰ ওচৰলৈ এজনী মহিলা দুটি কন্যা শিশু কোলাতলৈ আহি কিবা খোৱা বস্তু বিচাৰিলে। মোৰ ওচৰত এটা খেজুৰ বাদে একো নাছিল। মই সেইটোৱে তাইক দি দিলোঁ। মহিলাজনীয়ে খেজুৰটো ফালি দুয়ো ছোৱালীক ভগাই দিলে। ইয়াৰ পিছত মহিলাজনী গুচি গ'ল। ইয়াৰ পিছতেই নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ঘৰত প্ৰৱেশ কৰিলে। মই সেই ঘটনাটো বিৱৰি ক'লোঁ। তেখেতে ক'লেঃ "যাক এইবোৰ কন্যা সন্তান প্ৰদান কৰি পৰীক্ষা কৰা হয়, আৰু তেওঁ যদি সিহঁতৰ সৈতে ভাল ব্যৱহাৰ (অৰ্থাৎ সুন্দৰভাৱে লালন-পালন) কৰে, তেন্তে এই কন্যাবোৰে জাহান্নামৰ জুইৰ পৰা তাৰ বাবে বাধা হৈ থিয় হ'ব।"
Explanation
Benefits
মানুহে নিজৰ সামৰ্থ অনুযায়ী দান খয়ৰাত কৰা উচিত, যদিও সেয়া পৰিমাণত কম নহওক কিয়।
পিতৃ-মাতৃয়ে নিজৰ সন্তানৰ প্ৰতি অধিক যত্নৱান হ'ব লাগে।
হাদীছটোত ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ঘৰৰ অৱস্থা বৰ্ণিত হৈছে যে, তেখেতসকলৰ জীৱিকা আছিল অতি সামান্য।
হাদীছটোত পৰোপকাৰৰ ফজীলত বৰ্ণিত হৈছে, আৰু এইটো হৈছে মুমিনসকলৰ অন্যতম এটা বৈশিষ্ট্য। আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাই সেই মহিলাজনীক আৰু তাইৰ দুজনী কন্যাক নিজৰ ওপৰত প্ৰাধান্য দিছিল। প্ৰচণ্ড চাহিদা থকা সত্ত্বেও আনক প্ৰাধান্য দিয়াটো তেওঁৰ উদাৰতা আৰু দয়াৰ প্ৰমাণ বহন কৰে।
কন্যা সন্তানৰ উপহাৰক এটা পৰীক্ষা গণ্য কৰা হয়। কাৰণ সিহঁতক লালন-পালন কৰাটো হৈছে এটা কঠিন আৰু ক্লান্তিকৰ বিষয়, অথবা কিছুমানে কন্যা সন্তান অপছন্দ কৰে, নাইবা বেছিভাগ নাৰীৰেই জীৱিকা উপাৰ্জনৰ কোনো উৎস নাথাকে।
অজ্ঞতা যুগৰ নিন্দনীয় স্বভাৱক নিৰ্মূল কৰাৰ কাৰণেই ইছলামৰ আবিৰ্ভাৱ হৈছে। তেতিয়াৰ পৰাই ইছলামে নাৰীসকলৰ বিষয়ে সদুপদেশ দি আহিছে।
এজনী কন্যা সন্তান লালন-পালন কৰিলেও এই ছোৱাব অৰ্জন হ'ব, এই কথা অন্যান্য বৰ্ণনাত উল্লেখ হৈছে।
Attribution
Categories
Share hadeeth
Sharing options · 0 Total shares

