তলৰ হাততকৈ ওপৰৰ হাত উত্তম।
Choose an available translation of this Hadeeth
Hadeeth text
আব্দুল্লাহ ইবনে ওমৰ -ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত যে, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে এবাৰ মিম্বৰৰ ওপৰত থিয় হৈ চাদাক্বাহ সম্পৰ্কে বৰ্ণনা কৰিলে, লগতে ভিক্ষাবৃত্তিৰ পৰা বিৰত থকা আৰু খুজি মাগি খোৱা সম্পৰ্কে উল্লেখ কৰি ক'লেঃ "তলৰ হাততকৈ ওপৰৰ হাত উত্তম। ওপৰৰ হাত হৈছে দাতাৰ আৰু তলৰ হাত হৈছে ভিখাৰীৰ।"
Explanation
Benefits
হাদীছটোত খুজি মাগি খোৱাৰ পৰা বিৰত থাকিবলৈ আৰু মানুহৰ পৰা অমুখাপেক্ষী হ'বলৈ উৎসাহিত কৰা হৈছে। লগতে সৎকৰ্ম কৰিবলৈ আৰু বেয়া কৰ্ম পৰিত্যাগ কৰিবলৈ উৎসাহিত কৰা হৈছে। কাৰণ মহান আল্লাহে সৎকৰ্মক পছন্দ কৰে।
পুণ্যৰ দিশৰ পৰা হাত হৈছে চাৰি প্ৰকাৰঃ আটাইতকৈ উত্তম হাত হৈছে, যি হাতে দান কৰে। দ্বিতীয়টো হৈছে সেই হাত, যিটো লোৱাৰ পৰা বিৰত থাকে। তৃতীয় হৈছে সেই হাত, যিটো নোখোজাকৈ গ্ৰহণ কৰে। চতুৰ্থ হৈছে সেই হাত, যিটো সদায় মানুহৰ আগত পাতি থাকে ভিক্ষাবৃত্তিৰ উদ্দেশ্যে।
Attribution
Categories
Share hadeeth
Sharing options · 0 Total shares

