দীনাৰ যিটো তুমি আল্লাহৰ পথত ব্যয় কৰিছা, দীনাৰ যিটো তুমি দাস মুক্ত কৰিবলৈ ব্যয় কৰিছা, আৰু সেই দীনাৰ যিটো তুমি ফকীৰ মিছকিনক দান কৰিছা, লগতে সেই দীনাৰ যিটো তুমি তোমাৰ পৰিয়ালৰ ওপৰত ব্যয় কৰিছা, এইবোৰৰ মাজত আটাইতকৈ বেছি ছোৱাব হৈছে সেইটোত, যিটো তুমি তোমাৰ পৰিয়ালৰ ওপৰত ব্যয় কৰিছা।
Choose an available translation of this Hadeeth
Hadeeth text
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "দীনাৰ যিটো তুমি আল্লাহৰ পথত ব্যয় কৰিছা, দীনাৰ যিটো তুমি দাস মুক্ত কৰিবলৈ ব্যয় কৰিছা, আৰু সেই দীনাৰ যিটো তুমি ফকীৰ মিছকিনক দান কৰিছা, লগতে সেই দীনাৰ যিটো তুমি তোমাৰ পৰিয়ালৰ ওপৰত ব্যয় কৰিছা, এইবোৰৰ মাজত আটাইতকৈ বেছি ছোৱাব হৈছে সেইটোত, যিটো তুমি তোমাৰ পৰিয়ালৰ ওপৰত ব্যয় কৰিছা।"
Explanation
Benefits
সামুহিক ব্যয়ৰ ক্ষেত্ৰত যিটো বেছি গুৰুত্বপূৰ্ণ সেইটোক অগ্ৰাধিকাৰ দিয়া উচিত, এইদৰে সীমিত আয়ৰ ক্ষেত্ৰত আটাইবোৰ শিতানত ব্যয় কৰিব নোৱাৰিলে পৰিয়ালবৰ্গক অগ্ৰাধিকাৰ দিব লাগে।
ইমাম নাৱাৱীয়ে মুছলিমৰ ব্যাখ্যা গ্ৰন্থত লিখিছে যে, হাদীছটোৰ দ্বাৰা পৰিয়ালবৰ্গৰ ওপৰত ব্যয় কৰিবলৈ উৎসাহিত কৰা হৈছে, লগতে ইয়াৰ মহা ছোৱাবৰ বৰ্ণনা আহিছে। কিয়নো ইয়াৰ মাজত কিছুমান এনেকুৱা আছে, যিসকলৰ ওপৰত আত্মীয়তাৰ কাৰণে ব্যয় কৰা অনিবাৰ্য্য। কিছুমানৰ ওপৰত ব্যয় কৰাটো উত্তম, ইয়াৰ দ্বাৰা দান হয় আৰু সম্পৰ্ক মজবুত হয়। এইদৰে কিছুমানৰ ওপৰত নিকাহৰ কাৰণে অথবা দাসী হোৱাৰ কাৰণে ব্যয় কৰাটো অনিবাৰ্য্য। এইবোৰ হৈছে অত্যন্ত প্ৰশংসনীয় আৰু এইবোৰৰ প্ৰতি উৎসাহিত কৰা হৈছে। লগতে এইবোৰ নফল চাদাক্বাতকৈও উত্তম।
ছিন্ধী ৰাহিমাহুল্লাহে হাদীছৰ এই বাক্যটো (دينار ينفقه على عياله) সম্পৰ্কে কৈছেঃ ইয়াৰ ছোৱাব তেতিয়াহে লাভ হয়, যেতিয়া একমাত্ৰ আল্লাহৰ সন্তুষ্টি অৰ্জনৰ নিয়্যত কৰি ব্যয় কৰা হয় আৰু পৰিয়ালৰ হক আদায় কৰিবলৈ খৰচ কৰা হয়।
আবু কিলাবাই কৈছেঃ সেই ব্যক্তিতকৈ অধিক ছোৱাব আৰুনো কোনে লাভ কৰিব? যিয়ে নিজৰ পৰিয়ালৰ সৰু সৰু লৰা-ছোৱালীক পোহপাল দিয়ে, সিহঁতক সুৰক্ষা প্ৰদান কৰে, অথবা আল্লাহে তাৰ দ্বাৰা সিহঁতক উপকৃত কৰে আৰু সমৃদ্ধ কৰে।
Attribution
Categories
Share hadeeth
Sharing options · 0 Total shares

