মই তোমালোকক এনেকুৱা বিষয়ৰ সংবাদ নিদিমনে, যাৰ দ্বাৰা আল্লাহে গুনাহ মোচন কৰে আৰু মৰ্যাদা উন্নীত কৰে?
Choose an available translation of this Hadeeth
Hadeeth text
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "মই তোমালোকক এনেকুৱা বিষয়ৰ সংবাদ নিদিমনে, যাৰ দ্বাৰা আল্লাহে গুনাহ মোচন কৰে আৰু মৰ্যাদা উন্নীত কৰে?" তেওঁলোকে ক'লে নিশ্চয় জনাওক হে আল্লাহৰ ৰাছুল। তেখেতে ক'লেঃ "অনিচ্ছা সত্ত্বেও ভালকৈ ঘঁহি ঘঁহি অজু কৰা, মছজিদলৈ যাওঁতে অধিক খোজ দিয়া, এটা নামাজৰ পিছত আন এটা নামাজৰ বাবে অপেক্ষা কৰা। এইটোৱে হৈছে ৰিবাত (অৰ্থাৎ প্ৰতিৰক্ষা বাহিনীৰ দৰে কৰ্ম)"
Explanation
চাহাবাসকলে ক'লেঃ হয় আমি এইটো বিচাৰোঁ। তেখেতে ক'লেঃ
প্ৰথমঃ কষ্টকৰ হোৱা সত্ত্বেও পৰিপূৰ্ণৰূপে অজু কৰা, যেনে- শীতকালত, অথবা পানী কম থকাৰ সময়ত, নাইবা শৰীৰত কোনো বিষ-বেদনা থকাৰ সময়ত, নাইবা গৰম পানীৰে অজু কৰোঁতে।
দ্বিতীয়ঃ অধিক খোজ দিয়া, অৰ্থাৎ ঘৰৰ পৰা মছজিদৰ দূৰত্ব বেছি হোৱা সত্ত্বেও খোজকাঢ়ি যোৱা।
তৃতীয়ঃ নামাজৰ বাবে অপেক্ষা কৰা, আৰু ইয়াৰ বাবে অন্তৰক ওলোমাই ৰখা (অৰ্থাৎ সদায় প্ৰস্তুত হৈ থকা)। জামাআতৰ বাবে মছজিদত বহি অপেক্ষা কৰা। এটা নামাজ পঢ়াৰ পিছত আনটো নামাজৰ বাবে অপেক্ষা কৰা।
ইয়াৰ পিছত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে উল্লেখ কৰিছে যে, এইটোৱে হৈছে প্ৰকৃত প্ৰতিৰক্ষামূলক কাম। কাৰণ তেওঁ চয়তানক নিজৰ নফছৰ ওপৰত প্ৰভাৱ পেলাবলৈ সকলো দুৱাৰ বন্ধ কৰিছে। নিজৰ প্ৰবৃত্তিক দমন কৰিছে। কুমন্ত্ৰণা গ্ৰহণৰ পৰা নিজকে ৰক্ষা কৰিছে। ফলত আল্লাহৰ দলে চয়তানৰ সেনা বাহিনীক পৰাস্ত কৰিছে। এইটোৱে হৈছে মহা জিহাদ। ফলত এইটো হৈছে শত্ৰুৰ বিপক্ষে প্ৰতিৰক্ষাত নিয়োজিত সেনাবাহিনীৰ কৰ্মৰ দৰে।
Benefits
নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ উত্তম উপস্থাপন। তেখেতে চাহাবাসকলক মহা ছোৱাবৰ বিষয়ে শিকাবলৈ প্ৰশ্নাকাৰে উত্থাপন কৰি তেওঁলোকক উৎসাহিত কৰিছিল। এইটো হৈছে শিকোৱাৰ অন্যতম এটা পদ্ধতি।
প্ৰশ্নোত্তৰ আকাৰে কোনো বিষয় উত্থাপন কৰাৰ এটা উপকাৰ হৈছে এই যে, বিষয়টো প্ৰথমে উহ্য ৰাখি পিছত ব্যাখ্যা কৰাৰ ফলত বিষয়টো গভীৰভাৱে হৃদয়ংগম হয়।
নৱাৱী ৰাহিমাহুল্লাহে কৈছেঃ এইটোৱে হৈছে সেই ৰিবাত (পহৰা), যিটোৰ প্ৰতি উৎসাহিত কৰা হৈছে। ৰিবাতৰ মূল হৈছে, কোনো বস্তুক আৱদ্ধ কৰি ৰখা। সেয়ে ইয়াত ৰিবাত ব্যৱহাৰ কৰা হৈছে, কাৰণ তেওঁ নিজকে আনুগত্যৰ নিমিত্তে আৱদ্ধ কৰিছে। আনকি এইটোও কোৱা হৈছে যে, এইটোৱে হৈছে সৰ্বোত্তম ৰিবাত। যিদৰে নফছৰ লগত কৰা সংগ্ৰামক জিহাদ বুলি কোৱা হৈছে। এইটোও হ'ব পাৰে যে, এই ৰিবাত হৈছে সহজ তথা সকলোৰে বাবে সম্ভৱ। অৰ্থাৎ এইটোও হৈছে এটা ৰিবাতৰ প্ৰকাৰ।
ৰিবাত শব্দটো বাৰে বাৰে ব্যৱহাৰ কৰিছোঁ, লগতে (ال) সৈতে নিৰ্দিষ্ট কৰা হৈছে। ইয়াৰ দ্বাৰা এইবোৰ আমলৰ মৰ্যাদাৰ প্ৰতি ইংগিত কৰা হৈছে।
Attribution
Categories
Share hadeeth
Sharing options · 0 Total shares

