মুমিন নোহোৱাকৈ তোমালোকৰ মাজৰ কোনেও জান্নাতত প্ৰৱেশ কৰিব নোৱাৰিব, আৰু তোমালোকে প্ৰকৃত মুমিন হ'ব নোৱাৰিবা যেতিয়ালৈকে তোমালোকে ইজনে সিজনক মুহাব্বত নকৰিবা। মই তোমালোকক সেই বিষয়টো জনাই নিদিমনে, যিটো কৰিলে তোমালোকৰ পৰস্পৰৰ মাজত মুহাব্বত সৃষ্টি হ'ব? সেইটো হৈছেঃ তোমালোকে পৰস্পৰে ছালাম আদান প্ৰদান কৰা।
Choose an available translation of this Hadeeth
Hadeeth text
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ মুমিন নোহোৱাকৈ তোমালোকৰ মাজৰ কোনেও জান্নাতত প্ৰৱেশ কৰিব নোৱাৰিব, আৰু তোমালোকে প্ৰকৃত মুমিন হ'ব নোৱাৰিবা যেতিয়ালৈকে তোমালোকে ইজনে সিজনক মুহাব্বত নকৰিবা। মই তোমালোকক সেই বিষয়টো জনাই নিদিমনে, যিটো কৰিলে তোমালোকৰ পৰস্পৰৰ মাজত মুহাব্বত সৃষ্টি হ'ব? সেইটো হৈছেঃ তোমালোকে পৰস্পৰে ছালাম আদান প্ৰদান কৰা।
Explanation
Benefits
পৰিপূৰ্ণ ঈমানৰ অন্যতম এটা পৰিচয় হৈছে এই যে, মুছলিমে নিজৰ ভাতৃৰ বাবে সেইটোৱে পছন্দ কৰা যিটো সি নিজৰ বাবে পছন্দ কৰে।
ছালাম প্ৰচাৰ কৰা আৰু মুছলিমসকলক ছালাম দিয়া মুস্তাহাব। কাৰণ ইয়াৰ দ্বাৰা মানুহৰ মাজত শান্তি বিস্তাৰ কৰে।
ছালাম কেৱল মুছলমানকহে দিব লাগে। সেইকাৰণে নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত "بينكم" (তোমালোকৰ মাজত) শব্দ ব্যৱহাৰ কৰিছে।
ছালাম আদান-প্ৰদানৰ ফলত সম্পৰ্ক ছিন্ন, কথা-বতৰা বৰ্জন আৰু বিদ্বেষ আদি নিঃশেষ হৈ যায়।
মুছলিমসকলৰ মাজত মুহাব্বতৰ গুৰুত্ব, আনকি ইয়াক ঈমানৰ পৰিপূৰ্ণতাৰ সৈতে সম্পৃক্ত কৰা হৈছে।
আন এটা হাদীছত আহিছে যে, ছালামৰ সম্পূৰ্ণ বাক্য হৈছে (আচ্ছালামু আলাইকুম অৰাহমাতুল্লাহি অবাৰাকাতুহ), আনহাতে কেৱল (আচ্ছালামু আলাইকুম) ক'লেও যথেষ্ট হ'ব।
Attribution
Categories
Share hadeeth
Sharing options · 0 Total shares

