সাৱধান! আজিৰ পৰা মদ হাৰাম কৰা হৈছে।
Choose an available translation of this Hadeeth
Hadeeth text
আনাছ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত তেওঁ কৈছেঃ মই আবু তালহাৰ ঘৰত মানুহক মদ পৰিৱেশন কৰি আছিলোঁ। সেই সময়ত তেওঁলোকে ফাজীখ মদটোক পছন্দ কৰিছিল। ইপিনে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে এজনক নিৰ্দেশ দিলে যে, ঘোষণা কৰি দিয়া, সাৱধান! আজিৰ পৰা মদ হাৰাম কৰা হৈছে। আনাছে কৈছেঃ ঘোষণা শুনি আবু তালহাই মোক ক'লেঃ বাহিৰলৈ যোৱা আৰু মদৰ গোটেই পাত্ৰবোৰ ওলোটাই ঢালি পেলাই দিয়াগৈ। তেতিয়া মই ওলাই আহি সকলো মদৰ পাত্ৰ ঢালি পেলাই দিলোঁ। সেইদিনা মদীনাৰ গলিয়ে গলিয়ে মদ প্ৰবাহিত হৈ আছিল। তেতিয়া কিছুমান লোকে প্ৰশ্ন উত্থাপন কৰিলে যে, ইতিপূৰ্বে যিসকলে মদ সেৱন কৰি মৃত্যুবৰণ কৰিছে তেওঁলোকৰ কি হ'ব? তেতিয়া মহান আল্লাহে এই আয়াত অৱতীৰ্ণ কৰিলেঃ "যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে তেওঁলোকে ইয়াৰ আগতে যিবোৰ পানাহাৰ কৰিছে, তাৰ বাবে তেওঁলোকৰ কোনো গুণাহ নহ'ব।" (ছুৰা আল-মায়িদাহঃ ৯৩)
Explanation
"যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে তেওঁলোকে ইয়াৰ আগতে যিবোৰ পানাহাৰ কৰিছে তাৰ বাবে তেওঁলোকৰ কোনো গুণাহ নহ'ব।" (ছুৰা আল-মায়িদাহঃ ৯৩) অৰ্থাৎ যিসকল মুমিন ব্যক্তিয়ে হাৰাম হোৱাৰ পূৰ্বে মদ সেৱন কৰিছে তথা নিচা জাতীয় বস্তু ভক্ষণ কৰিছে, তেওঁলোকৰ কোনো গুনাহ নহ'ব।
Benefits
الخمر: (খামৰ) হৈছে এটা ব্যাপক নাম, প্ৰত্যেক নিচা জাতীয় বস্তু ইয়াৰ অন্তৰ্ভুক্ত।
ফাঝীখ কোৱা হয়, এনেকুৱা মদ যিটো পকা খেজুৰ আৰু পকিব ধৰা খেজুৰৰ মিশ্ৰণেৰে তৈয়াৰ কৰা হয়, জুইত গৰম নকৰাকৈ। البسر: কোৱা হয় পকিব ধৰা খেজুৰক।
ইবনু হাজাৰে মুহাল্লাবৰ উক্তি উল্লেখ কৰিছে, তেওঁ কৈছে যে, ৰাস্তাত মদ ঢালি দিয়াৰ কাৰণ হৈছে, যাতে সকলোৱে গম পায় যে, ইয়াক নিষিদ্ধ মানি লোৱা হৈছে, লগতে ইয়াক পৰিত্যাগ কৰা হৈছে। এইটোৱে হৈছে অন্যতম কল্য়াণকৰ উপায়, বাটৰুৱাক কষ্ট দিয়াৰ কাৰণে ঢালি দিয়া হোৱা নাছিল।
হাদীছটোত এই কথা স্পষ্ট হৈছে যে, বান্দাসকলৰ প্ৰতি আল্লাহ অত্যন্ত দয়ালু। কাৰণ বিধান অৱতীৰ্ণ হোৱাৰ পূৰ্বে কৰা কাম সম্পৰ্কে তেওঁ জবাবদিহি নকৰিব।
সৰ্বশক্তিমান আল্লাহে মদ হাৰাম কৰিছে। কাৰণ ইয়াৰ ভিতৰত বহুতো ক্ষতি আছে, বিবেক বুদ্ধিৰ ক্ষতি আৰু ধন-সম্পদৰো ক্ষতি। এই মাদক দ্ৰৱ্য সেৱন কৰি মাতাল হৈ মানুহে বহুতো গুনাহৰ কামত জৰিত হয়।
Attribution
Categories
Share hadeeth
Sharing options · 0 Total shares

