افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم.
#65312[ছহীহ]
HadeethEnc · 1.16.0

হাজীসকলক পানী পান কৰোৱা আৰু মছজিদুল হাৰামৰ তত্বাৱধান কৰা কাৰ্যক তোমালোকে সেই ব্যক্তিৰ দৰে ধাৰণা কৰা নেকি, যিয়ে আল্লাহ আৰু শেষ দিৱসৰ প্ৰতি ঈমান আনিছে আৰু আল্লাহৰ পথত জিহাদ কৰিছে?....." (ছুৰা আত-তাওবাঃ ১৯) আয়াতটোৰ শেষলৈকে।

Available translations

Choose an available translation of this Hadeeth

01

Hadeeth text

নুমান বিন বাশ্বীৰ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ এদিনাখন মই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ মিম্মবৰৰ ওচৰত আছিলোঁ। তেতিয়া এজনে ক'লেঃ ইছলাম গ্ৰহণৰ পিছত মই এতিয়া যদি বেলেগ কোনো সৎকৰ্ম নকৰোঁ তথাপিও মোৰ কোনো অসুবিধা নাই, কিন্তু মই হাজীসকলক পানী পান কৰায়ে থাকিম। আন এজনে ক'লেঃ মুছলিম হোৱাৰ পিছত মই যদি বেলেগ আন কোনো সৎকৰ্ম নকৰোঁ তথাপিও মোৰ কোনো অসুবিধা নহ'ব, কিন্তু মই মছজিদুল হাৰামৰ মেৰামতিৰ কামত সদায় লাগি থাকিম। আন এজনে ক'লেঃ তোমালোকে যি যি কৈ আছা সেই সকলোবোৰতকৈ আল্লাহৰ পথত জিহাদ কৰাটোহে বেছি উত্তম। এইবোৰ শুনি ওমৰ ৰাদ্বিয়াল্লাহু আনহুৱে তেওঁলোকক ধমক দি ক'লেঃ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ মিম্বৰৰ ওচৰত তোমালোকে এইদৰে উচ্চস্বৰে কথা নক'বা। সেইটো আছিল জুমুআৰ দিন। শুনা! জুমুআৰ চালাত আদায় হোৱাৰ পিছত মই তেখেতৰ ওচৰলৈ গৈ তোমালোকে মতানৈক্য কৰা বিষয়টো সম্পৰ্কে সুধিম। ইপিনে সৰ্বশক্তিমান আল্লাহে এই আয়াত অৱতীৰ্ণ কৰিলেঃ "হাজীসকলক পানী পান কৰোৱা আৰু মছজিদুল হাৰামৰ তত্বাৱধান কৰা কাৰ্যক তোমালোকে সেই ব্যক্তিৰ দৰে ধাৰণা কৰা নেকি, যিয়ে আল্লাহ আৰু শেষ দিৱসৰ প্ৰতি ঈমান আনিছে আৰু আল্লাহৰ পথত জিহাদ কৰিছে?....." (ছুৰা আত-তাওবাঃ ১৯) আয়াতটোৰ শেষলৈকে।
02

Explanation

হাদীছটোত নুমান বিন বাশ্বীৰ ৰাদ্বিয়াল্লাহু আনহুমাই উল্লেখ কৰিছে যে, তেওঁ নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ মিম্বৰৰ ওচৰতে বহি আছিল। সেই সময়ছোৱাতে তেওঁ এজন ব্যক্তিক কোৱা শুনিলে যে, মই ইছলাম গ্ৰহণ কৰাৰ পিছত এতিয়া যদি হাজীসকলক পানী খুউৱাৰ বাদে আন কোনো আমল নকৰিলেও মোৰ কোনো অসুবিধা নাই। আন এজনে ক'লেঃ মই ইছলাম গ্ৰহণ কৰাৰ পিছত এতিয়া কেৱল মছজিদে হাৰাম আবাদ কৰাৰ বাদে বেলেগ যদি কোনো আমল নকৰোঁ তথাপিও মোৰ একো নহ'ব। আন এজনে ক'লেঃ তোমালোকে যি কৈ আছা, সেইবোৰতকৈ আল্লাহৰ পথত জিহাদ কৰাটোহে বেছি উত্তম। নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ মিম্বৰৰ ওচৰত এইদৰে তেওঁলোকৰ উচ্চস্বৰে কথা-বতৰা শুনি ওমৰ ৰাদ্বিয়াল্লাহু আনহুৱে তেওঁলোকক ধমক প্ৰদান কৰিলে। এইটো আছিল জুমুআৰ দিনা প্ৰথম প্ৰহৰৰ ঘটনা। লগতে তেওঁ ক'লেঃ শুনা! জুমুআৰ পিছত মই নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ গৈ তোমালোকে বিতৰ্ক কৰা এই বিষয়টো সম্পৰ্কে আলোচনা কৰিম। ইয়াৰ পিছত মহান আল্লাহে এই আয়াত অৱতীৰ্ণ কৰিলেঃ

"হাজীসকলক পানী পান কৰোৱা আৰু মছজিদুল হাৰামৰ তত্বাৱধান কৰা কাৰ্যক তোমালোকে সেই ব্যক্তিৰ দৰে ধাৰণা কৰা নেকি, যিয়ে আল্লাহ আৰু শেষ দিৱসৰ প্ৰতি ঈমান আনিছে আৰু আল্লাহৰ পথত জিহাদ কৰিছে? সিহঁত আল্লাহৰ ওচৰত কেতিয়াও সমান নহয়, আৰু আল্লাহে যালিম সম্প্ৰদায়ক হিদায়ত নকৰে।" (ছুৰা আত-তাওবা, আয়াতঃ ১৯)
03

Benefits

ছোৱাব আৰু প্ৰতিদানৰ ফালৰ পৰা আমলৰ মাজত পাৰ্থক্য আছে।
আমলৰ মাজত পাৰ্থক্য নিৰ্ধাৰিত হয় চৰীয়তৰ বিধান অনুযায়ী। মানুহৰ নিজা গৱেষণা বা মতামত অনুসৰি নহয়।
আল্লাহৰ পথত কৰা জিহাদ অত্যন্ত গুৰুত্বপূৰ্ণ, কিন্তু চৰ্ত হৈছে আল্লাহৰ প্ৰতি আৰু শেষ দিৱসৰ প্ৰতি ঈমান থাকিব লাগিব।
নাৱাৱীয়ে কৈছেঃ ইয়াৰ দ্বাৰা প্ৰমাণিত হয় যে, শুক্ৰবাৰে বা বেলেগ যিকোনো দিনতে মছজিদত উচ্চস্বৰে কথা কোৱা নিন্দনীয়। কিয়নো যেতিয়া মানুহে নামাজৰ বাবে একত্ৰিত হয়, সেই সময়ত শিকন-প্ৰশিক্ষণে হওক অথবা বেলেগ কোনো কাৰণতে হওক উচ্চস্বৰে কথা কৈ মুচল্লিসকলক তথা জিকৰ-আজকাৰত ব্যস্ত ব্যক্তিসকলক বিৰক্ত কৰা তথা তেওঁলোকক অসুবিধা দিয়া কোনো পধ্যেই উচিত নহয়।

Attribution

[(মুছলিম)]

Categories

Share

Share hadeeth

Sharing options · 0 Total shares

Share

← Back to encyclopedia
Shopping Basket

Loading...