নিশ্চয় সৰ্বশক্তিমান আল্লাহে অৱতীৰ্ণ কৰিছে যে, "আৰু যিসকলে আল্লাহে অৱতীৰ্ণ কৰা বিধানমতে বিচাৰ নকৰে, সিহঁতেই হৈছে কাফিৰ।
Choose an available translation of this Hadeeth
Hadeeth text
ইবনে আব্বাছ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ নিশ্চয় সৰ্বশক্তিমান আল্লাহে অৱতীৰ্ণ কৰিছে যে, "আৰু যিসকলে আল্লাহে অৱতীৰ্ণ কৰা বিধানমতে বিচাৰ নকৰে, সিহঁতেই হৈছে কাফিৰ।" (ছুৰা আল-মায়িদা: ৪৪) আৰু কৈছেঃ "সিহঁতেই হৈছে যালিম।" (ছুৰা আল-মায়িদা: ৪৫) আৰু কৈছেঃ "সিহঁতেই হৈছে ফাছিক্ব।" (ছুৰা আল-মায়িদা: ৪৭)। ইবনু আব্বাছ (ৰাদ্বিয়াল্লাহু আনহুৱে) কৈছে: আল্লাহে এইটো ইহুদীসকলৰ দুটা দলৰ বিষয়ে অৱতীৰ্ণ কৰিছিল। অজ্ঞতা যুগত সেই দুটা দলৰ এটাই আনটোৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিছিল। অৱশেষত সিহঁতে ইয়াৰ ওপৰত সন্মত হৈছিল আৰু সন্ধি কৰিছিল যে, প্ৰভাৱশালী দলে যদি দুৰ্বল দলৰ কোনো লোকক হত্যা কৰে, তেন্তে তাৰ দিয়ত (ৰক্তপণ) হ'ব পঞ্চাশ অছাক (খাদ্যদ্ৰৱ্য)। আনহাতে দুৰ্বল দলে যদি প্ৰভাৱশালী দলৰ কোনো লোকক হত্যা কৰে, তেন্তে তাৰ দিয়ত হ'ব এশ অছাক। নবী চাল্লাল্লাহু আলাইহি অছাল্লামে মদীনালৈ আগমন নকৰালৈকে সিহঁতে এই নিয়মৰ ওপৰতেই চলি আছিল। ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে মদীনালৈ আগমন কৰাৰ পিছত দুয়োটা দলেই দুৰ্বল হৈ পৰিছিল। তেতিয়ালৈকে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে সিহঁতৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰা নাছিল আৰু সিহঁতৰ ওপৰত তেখেতৰ আধিপত্য স্থাপন কৰা নাছিল; বৰং তেখেত সেই সময়ছোৱালৈকে সন্ধিৰ অৱস্থাত আছিল। এনে অৱস্থাত সিহঁতৰ মাজৰ দুৰ্বল দলে প্ৰভাৱশালী দলৰ এজন ব্যক্তিক হত্যা কৰিলে। প্ৰভাৱশালী দলে দুৰ্বল দলৰ ওচৰলৈ বাৰ্তা পঠিয়ালে যে, তোমালোকে আমাৰ ওচৰলৈ এশ অছাক ৰক্তপণ পঠিয়াই দিয়া। দুৰ্বল দলে ক'লে: দুটা দলৰ ধর্ম এক, বংশ এক আৰু দেশ এটা হোৱা সত্ত্বেও এটা দলৰ দিয়ত আনটো দলৰ দিয়তৰ তুলনাত কেনেকৈ অৰ্দ্ধেক হ'ব পাৰে? আমি কেৱল তোমালোকৰ অন্যায়-অত্যাচাৰ আৰু তোমালোকৰ ভয়তহে এই অতিৰিক্ত দিয়ত দিছিলোঁ। এতিয়া যিহেতু মুহাম্মাদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ আগমণ ঘটিছে, গতিকে আমি এতিয়া আৰু তোমালোকক সেই পৰিমাণ দিয়ত আদায় নিদিওঁ।
ইয়াৰ ফলত দুয়োটা দলৰ মাজত যুদ্ধ হোৱাৰ উপক্ৰম হ'ল। তাৰ পিছত সিহঁতে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামক মধ্যস্থতাকাৰী হিচাপে মানি লৈ মীমাংসা কৰিবলৈ সন্মত হ'ল। তেতিয়া প্ৰভাৱশালী দলটোৱে (গোপনে বৈঠক কৰি) ক'লে: আল্লাহৰ শপত! মুহাম্মদে তোমালোকক সিহঁতৰ পৰা কেতিয়াও দ্বিগুণ দিয়ত আদায় কৰি নিদিব, বৰং সিহঁতে যি পায়, তোমালোকেও তাকেই পাবা। সিহঁতে কোৱা কথাখিনি মিছা নহয়, আমি কেৱল জোৰ-জবৰদস্তি কৰিহে সিহঁতৰ পৰা এই অতিৰিক্ত দিয়ত লৈছিলোঁ।
(তাৰ পিছত সিহঁতে পৰামৰ্শ কৰি সিদ্ধান্ত ল'লে যে,) তোমালোকে মুহাম্মদৰ ওচৰলৈ গোপনে লোক পঠিওৱা, যাতে তেওঁৰ মতামত সম্পৰ্কে অৱগত হ'ব পাৰে। যদি তেওঁ তোমালোকৰ আশা অনুৰূপ সিদ্ধান্ত দিয়ে, তেন্তে তোমালোকে তেওঁক বিচাৰক হিচাপে গ্ৰহণ কৰিবা, আৰু যদি বিপক্ষে ফয়চালা দিয়ে, তেন্তে সাৱধানতা অৱলম্বন কৰি তেওঁক বিচাৰক হিচাপে মানি নল'বা।
তাৰ পিছত সিহঁতে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ কিছুমান মুনাফিকক গোপনে পঠিয়ালে, যাতে সিহঁতে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ মতামত সম্পৰ্কে জ্ঞাত হ'ব পাৰে। যেতিয়া সিহঁতে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ আহিল, তেতিয়া আল্লাহে তেওঁৰ ৰাছুলক সিহঁতৰ সকলো উদ্দেশ্য আৰু চক্ৰান্ত সম্পৰ্কে অৱগত কৰালে। সৰ্বশক্তিমান আল্লাহে এই আয়াত অৱতীৰ্ণ কৰিলে: "হে ৰাছুল! আপুনি সিহঁতৰ বাবে চিন্তিত নহ’ব যিসকলে কুফুৰীৰ ফালে দ্ৰুত গতিত আগুৱাই যায়—যিসকলে মুখেৰে কয়, ‘আমি ঈমান আনিছোঁ’, অথচ সিহঁতৰ অন্তৰে ঈমান পোষণ কৰা নাই..." (ছুৰা আল-মায়িদা: ৪১) এই আয়াতলৈকেঃ "কাৰণ আল্লাহে যিবোৰ বিধান অৱতীৰ্ণ কৰিছে সেই অনুযায়ী যিসকলে ফয়চালা নকৰে সিহঁতেই হৈছে ফাছিক্ব।" (ছুৰা আল-মায়িদা: ৪৭)।
ইয়াৰ পিছত ইবনে আব্বাছে এই দল দুটাৰ বিষয়ে কৈছে: আল্লাহৰ শপত! এই আয়াতবোৰ (বিশেষকৈ) এই দুটা দলক কেন্দ্ৰ কৰিয়ে অৱতীৰ্ণ হৈছিল।
Explanation
Benefits
ইয়াহুদীসকল অত্যন্ত চতুৰ চক্ৰান্তকাৰী আৰু অন্যায়কাৰী, আনকি নিজৰ প্ৰতিও অন্যায়কাৰী।
মহান আল্লাহে পৱিত্ৰ কোৰআনত জনাইছে যে, ইয়াহুদীসকল পৃথিৱীত লাঞ্ছিত হ'ব আৰু আখিৰাতত আছে সিহঁতৰ বাবে মহা শাস্তি।
আল্লাহে যি বিধান অৱতীৰ্ণ কৰিছে, সেই মুতাবিক ফয়চালা নকৰা আৰু নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ফয়চালাৰ প্ৰতি সন্তুষ্ট নোহোৱাটো হৈছে কুফৰী কৰ্ম, জুলুম তথা অন্যায় আৰু ফাছিক্বীৰ প্ৰমাণ।
মুনাফিকসকলৰ ভয়াৱহতা, কাৰণ সিহঁতে ইয়াহুদীসকলক সহযোগিতা কৰে।
Attribution
Categories
Share hadeeth
Sharing options · 0 Total shares

