HadeethEnc · 1.16.0
প্ৰতিটো নিচা জাতীয় বস্তুৱে হৈছে মাদকদ্ৰৱ্যৰ অন্তৰ্ভুক্ত, আৰু প্ৰতিটো নিচা জাতীয় বস্তুৱে হাৰাম। যিয়ে পাৰ্থিৱ জীৱনত মাদক দ্ৰৱ্য সেৱন কৰিব আৰু এই ক্ষেত্ৰক অভ্যস্ত হৈ তাওবা নকৰাকৈ মৃত্যুবৰণ কৰিব, আখিৰাতত সি শ্বাৰাব সেৱনৰ পৰা বঞ্চিত হ'ব।
Available translations
Choose an available translation of this Hadeeth
01
Hadeeth text
ইবনে ‘ওমৰ ৰাদ্বিয়াল্লাহু ‘আনহুমাৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "প্ৰতিটো নিচা জাতীয় বস্তুৱে হৈছে মাদকদ্ৰৱ্যৰ অন্তৰ্ভুক্ত, আৰু প্ৰতিটো নিচা জাতীয় বস্তুৱে হাৰাম। যিয়ে পাৰ্থিৱ জীৱনত মাদক দ্ৰৱ্য সেৱন কৰিব আৰু এই ক্ষেত্ৰক অভ্যস্ত হৈ তাওবা নকৰাকৈ মৃত্যুবৰণ কৰিব, আখিৰাতত সি শ্বাৰাব সেৱনৰ পৰা বঞ্চিত হ'ব।"
02
Explanation
হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে স্পষ্ট কৰিছে যে, যি বস্তুৱে মানুহৰ বিবেক নাইকিয়া কৰে, তথা যিটো খালে মতলীয়া হৈ পৰে, সেইটোৱে হৈছে মাদক দ্ৰৱ্য তথা নিচা জাতীয় বস্তু, সেয়া পানীয় হওক বা খোৱা বস্তু অথবা শুঙিব পৰা কোনো বস্তু নাইবা শৰীৰত লব পৰা কোনো ইনজেকচন। বিবেক নাইকিয়া কৰা প্ৰতিটো নিচা জাতীয় বস্তুকে আল্লাহে হাৰাম কৰিছে তথা ইয়াৰ পৰা নিষেধ কৰিছে। পৰিমাণত কম হওক বা বেছি। এতেকে যিয়ে কোনো প্ৰকাৰ নিচা জাতীয় দ্ৰৱ্য সেৱনত আসক্ত হৈ তাওবা নকৰাকৈ মৃত্যুবৰণ কৰিব, সি আল্লাহৰ শাস্তিৰ সন্মুখীন হ'ব, তথা জান্নাতী সুৰা সেৱনৰ পৰা বঞ্চিত হ'ব।
03
Benefits
নিচা থকাৰ কাৰণে মাদক দ্ৰৱ্যক হাৰাম কৰা হৈছে। সেয়ে প্ৰতিটো নিচা জাতীয় বস্তুৱে হৈছে হাৰাম।
মহান আল্লাহে মাদক দ্ৰৱ্য হাৰাম কৰিছে। কাৰণ ইয়াৰ ভিতৰত আছে বহু ক্ষতি আৰু বৃহৎ অপকাৰ।
জান্নাতৰ সুৰাত আছে পূৰ্ণাংগ তৃপ্তি, তথা এইটো হৈছে পৰিপূৰ্ণ নিয়ামত।
পাৰ্থিৱ জীৱনত যিয়ে নিজকে মাদক দ্ৰৱ্য সেৱনৰ পৰা আঁতৰাই ৰাখিব নোৱাৰিব, আল্লাহে তাক জান্নাতী সুৰা সেৱনৰ পৰা বঞ্চিত কৰিব। গতিকে প্ৰতিদান কৰ্ম অনুযায়ীহে দিয়া হয়।
মৃত্যুৰ পূৰ্বে গুনাহৰ পৰা সোনকালে তাওবা কৰিবলৈ উৎসাহিত কৰা হৈছে।

Attribution
[رواه مسلم وأخرج البخاري الجملة الأخيرة منه]
Categories
Share
Share hadeeth
Sharing options · 0 Total shares