افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم.
#66536[ছহীহ]
HadeethEnc · 1.16.0

"প্ৰতিটো নিচা জাতীয় বস্তুৱে হৈছে হাৰাম।"

Available translations

Choose an available translation of this Hadeeth

01

Hadeeth text

আবু বুৰদাই তেওঁৰ পিতৃ আবু মুছা আশ্বাআৰী ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণনা কৰিছে যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁক (গভৰ্ণৰ হিচাপে) য়ামানলৈ প্ৰেৰণ কৰিছিল। তেওঁ য়ামানত প্ৰস্তুত হোৱা কেইটামান নিচা জাতীয় পানীয় সম্পৰ্কে নবী চাল্লাল্লাহু আলাইহি অছাল্লামক প্ৰশ্ন কৰিলে। তেখেতে ক'লেঃ সেইবোৰ কি? তেওঁ ক'লেঃ "সেয়া হৈছে (الْبِتْعُ وَالْمِزْرُ) আল-বিত্উ, অল-মিঝ্ৰ।" বৰ্ণনাকাৰীয়ে আবু বুৰদাক সুধিছিলঃ বিত্উ কাক বোলে? তেওঁ কৈছিলঃ মৌয়েৰে প্ৰস্তুত কৰা এবিধ পানীয়, আৰু মিঝ্ৰ হৈছে, যৱেৰে প্ৰস্তুত কৰা এবিধ পানীয়। তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে ইয়াৰ উত্তৰত কৈছিলঃ "প্ৰত্যেক নিচা জাতীয় দ্ৰৱ্যই হৈছে হাৰাম।" (বুখাৰী) মুছলিমৰ বৰ্ণনাত আছে যে, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে মোক আৰু মুআজক য়ামানলৈ প্ৰেৰণ কৰিছিল। (এবাৰ) মই সুধিলোঁঃ হে আল্লাহৰ ৰাছুল! আমি থকা অঞ্চলত যৱৰ দ্বাৰা এক প্ৰকাৰ নিচা জাতীয় পানীয় প্ৰস্তুত কৰা হয়, যাক মিঝ্ৰ বোলে আৰু মৌয়েৰে প্ৰস্তুত কৰা আন এটা পানীয় যাক আল-বিত্উ বোলে, (ইয়াৰ বিধান কি?)। তেখেতে ক'লেঃ "প্ৰত্যেক নিচা জাতীয় বস্তুৱে হৈছে হাৰাম।" মুছলিমৰ আন এটা বৰ্ণনাত আছে যে, "তেখেতে ক'লেঃ প্ৰত্যেক এনেকুৱা নিচা জাতীয় বস্তু যিয়ে নামাজৰ পৰা বিৰত ৰাখে, সেইটোৱে হাৰাম।" আন এটা বৰ্ণনাত আছেঃ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামক জাৱামেউল কালিম (অৰ্থাৎ কম শব্দত ব্যাপক অৰ্থবোধক তথা পৰিপূৰ্ণতাৰ সৈতে প্ৰকাশ কৰাৰ ক্ষমতা) প্ৰদান কৰা হৈছিল। তেখেতে কৈছেঃ "মই প্ৰত্যেক নিচা জাতীয় বস্তুৰ পৰা নিষেধ কৰিছোঁ, যিটোৱে নামাজৰ পৰা বিৰত ৰাখে।"
02

Explanation

আবু মুছা আশ্বআৰী ৰাদ্বিয়াল্লাহু আনহুৱে হাদীছটোত জনাইছে যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁক য়ামানলৈ প্ৰেৰণ কৰিছিল। তেওঁ সেই ঠাইত পোৱা এবিধ পানীয় সম্পৰ্কে তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামক প্ৰশ্ন কৰিলে যে, সেইটো হাৰাম নেকি। আবু মুছা ৰাদ্বিয়াল্লাহু আনহুৱে সেই পানীয় দুটাৰ নাম উল্লেখ কৰি কৈছিল যে, এটাৰ নাম হৈছে আল-বিত্উ, এইটো হৈছে মৌয়েৰে তৈয়াৰ কৰা নাবীজ, আৰু আনটোৰ নাম হৈছে, আল-মিঝ্ৰ, এইটো হৈছে যৱ আদিৰে তৈয়াৰ কৰা নাবীজ। তেতিয়া নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছিল -(জানি থোৱা উচিত যে, তেখেতক মহান আল্লাহে কম শব্দত ব্যাপক অৰ্থবোধক কথা কোৱাৰ ক্ষমতা প্ৰদান কৰিছিল) "প্ৰত্যেক নিচা জাতীয় বস্তুৱে হৈছে হাৰাম"।
03

Benefits

নাবীজ কোৱা হয়ঃ এনেকুৱা পানীয়, যিটো খেজুৰ অথবা মৌ নাইবা যৱ আদি তিয়াই ৰাখি প্ৰস্তুত কৰা হয়। ইয়াৰ দ্বাৰা মিঠা সোৱাদ গ্ৰহণ কৰা হয়। এনেকৈ তিয়াই ৰখাৰ ফলত তাত নিচা সৃষ্টি হয়।
সকলো প্ৰকাৰ নিচা জাতীয় বস্তু হাৰাম হোৱাৰ ক্ষেত্ৰত এই হাদীছটো হৈছে এটা মূলনীতি। যেনে- মদ, ভাং ইত্যাদি।
মুছলিমৰ প্ৰয়োজনীয় বিষয়ত প্ৰশ্ন কৰাৰ গুৰুত্ব।
প্ৰথম অৱস্থাত কেৱল নামাজৰ সময়ত মাদক দ্ৰৱ্য সেৱন কৰা হাৰাম আছিল, যেতিয়া কিছুমান মুহাজিৰ লোকে নামাজত কোৰআন তিলাৱত কৰোঁতে ইফাল সিফাল কৰিছিল, তেতিয়া এই আয়াত অৱতীৰ্ণ হৈছিল। মহান আল্লাহে কৈছেঃ "হে মুমিনসকল! তোমালোকে নিচাগ্ৰস্ত অৱস্থাত মুখেৰে যি কোৱা, সেয়া নুবুজালৈকে ছালাতৰ নিকটৱৰ্তী নহ’বা।" ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে ঘোষণা কৰি দিলে যে, নিচাগ্ৰস্ত অৱস্থাত যাতে কোনেও নামাজৰ নিকটৱৰ্তী নহয়। ইয়াৰ পৰৱৰ্তী সময়ছোৱাত মহান আল্লাহে পৰিপূৰ্ণৰূপে হাৰাম ঘোষণা কৰিলে। যেনে- তেওঁ কৈছেঃ "হে মুমিনসকল! মদ, জুৱা, মূৰ্তিপূজাৰ বেদী আৰু ভাগ্য নিৰ্ণয় কৰা তীৰ, এইবোৰ হৈছে কেৱল ঘৃণাৰ বস্তু, চয়তানৰ কাম। সেয়ে তোমালোকে এইবোৰক বৰ্জন কৰা, যাতে তোমালোকে সফল হ’ব পাৰা। চয়তানে তোমালোকৰ মাজত মদ আৰু জুৱাৰ দ্বাৰা শত্ৰুতা ও বিদ্বেষ সঞ্চাৰ কৰিব বিচাৰে আৰু তোমালোকক আল্লাহৰ স্মৰণত লগতে ছালাতত বাধা প্ৰদান কৰিব বিচাৰে। তথাপিও তোমালোকে বিৰত নাথাকিবানে?" (ছুৰা আল-মায়িদাহঃ ৯০-৯১)
মহান আল্লাহে মাদক দ্ৰৱ্য হাৰাম কৰিছে। কাৰণ ইয়াৰ ভিতৰত আছে বহু ক্ষতি আৰু বৃহৎ অপকাৰ।
হাৰাম হোৱাৰ মূল বিষয়টো হৈছে নিচাৰ অস্তিত্ব থকা। যদি নাবীজৰ ভিতৰত নিচা থাকে তেন্তে সেইটো হাৰাম। আনহাতে যদি নিচাৰ অস্তিত্ব নাথাকে, তেন্তে সেইটো খোৱা বৈধ।

Attribution

[رواه البخاري ومسلم]

Categories

Share

Share hadeeth

Sharing options · 0 Total shares

Share

← Back to encyclopedia
Shopping Basket

Loading...