তোমালোকতকৈ মইহে আল্লাহক বেছি ভয় কৰোঁ আৰু আল্লাহ সম্পৰ্কে বেছি অৱগত।
Choose an available translation of this Hadeeth
Hadeeth text
উম্মুল মুমিনীন আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে চাহাবাসকলক যেতিয়া কোনো কামৰ নিৰ্দেশ দিছিল, তেতিয়া তেখেতে তেওঁলোকক সামৰ্থ অনুযায়ী নিৰ্দেশ প্ৰদান কৰিছিল। এবাৰ তেওঁলোকে ক'লেঃ হে আল্লাহৰ ৰাছুল! আমি আপোনাৰ দৰে নহয়। মহান আল্লাহে আপোনাৰ আগৰ পিছৰ সকলো গুনাহ ক্ষমা কৰি দিছে। এই কথা শুনি তেখেতে ক্ৰোধান্বিত হ'ল, আনকি তেখেতৰ মুখমণ্ডলত ক্ৰোধৰ প্ৰভাৱ প্ৰস্ফুটিত হ'ল। ইয়াৰ পিছত তেখেতে ক'লেঃ "তোমালোকতকৈ মইহে আল্লাহক বেছি ভয় কৰোঁ আৰু আল্লাহ সম্পৰ্কে বেছি অৱগত।"
Explanation
Benefits
পুণ্যৱান ব্যক্তিয়ে নেক কৰ্ম কৰাৰ ক্ষেত্ৰত চেষ্টা তথা যত্ন পৰিত্যাগ কৰা উচিত নহয়।
প্ৰয়োজনত, অহংকাৰ তথা গৌৰৱ নকৰাকৈ নিজৰ কোনো গুণৰ কথা উল্লেখ কৰাটো কোনো দোষণীয় বিষয় নহয়।
ইবাদতৰ ক্ষেত্ৰত শ্ৰেষ্ঠ নীতি হৈছে সংযত থকা আৰু ধাৰাবাহিকতা বজায় ৰখা, এনেকুৱা কঠোৰতা অৱলম্বন কৰা উচিত নহয়, যাৰ ফলত পৰিত্যাগ কৰিবলৈ বাধ্য হ'বলগীয়া হয়।
ইবনু হাজাৰে কৈছেঃ বান্দাই যেতিয়া ইবাদত আৰু ইয়াৰ পৰিণামৰ ক্ষেত্ৰত উচ্চ মৰ্যাদালৈ উপনীত হয়, তেতিয়া এইটোৱেই তাক ইয়াৰ ওপৰত স্থিৰ থাকিবলৈ অৰিহণা যোগায়, যাতে সি এই নিয়ামতটোৰ ওপৰত অবিচল থাকিব পাৰে আৰু কৃতজ্ঞতাৰ জৰিয়তে অধিক লাভ কৰিব পাৰে।
চৰীয়ত বিৰোধী কৰ্ম দেখি খং কৰাটো বৈধ, লগতে বুদ্ধিমান তথা যোগ্য ব্যক্তিক উনুকিয়াই দিয়া উচিত, যিয়ে সঠিক অৰ্থ বুজি পোৱাত ত্ৰুটি কৰিছে, যাতে তেওঁ সতৰ্ক হয়।
নবী চাল্লাল্লাহু আলাইহি অছাল্লাম উম্মতৰ প্ৰতি অত্যন্ত দয়ালু আছিল। জানি থোৱা উচিত যে, দ্বীনৰ প্ৰতিটো বিধান হৈছে সহজ তথা সৰল, এই চৰীয়ত সুস্পষ্ট তথা পোন পথৰ ওপৰত প্ৰতিষ্ঠিত।
ইবাদতৰ ক্ষেত্ৰত চাহাবাসকল অত্যন্ত আগ্ৰহী আছিল, তেওঁলোকে কল্যাণকৰ কামত সদায় আগভাগ ল'বলৈ ইচ্ছুক আছিল।
বান্দাই সেই সীমাৰ ভিতৰতে অৱস্থান কৰা উচিত, যিটো সীমা চৰীয়তে নিৰ্ধাৰণ কৰিছে, অৱকাশৰ ক্ষেত্ৰতে হওক বা পালনৰ ক্ষেত্ৰত। লগতে এই বিশ্বাস পোষণ কৰিব লাগে যে, চৰীয়তে নিৰ্ধাৰণ কৰা সহজ বিষয় গ্ৰহণ কৰাটো হৈছে কঠিন বিষয় গ্ৰহণ কৰাতকৈ উত্তম।
Attribution
Categories
Share hadeeth
Sharing options · 0 Total shares

