افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم.
#10011[ছহীহ]
HadeethEnc · 1.16.0

হে নাৰী সমাজ! তোমালোকে বেছি বেছি চাদাক্বাহ কৰা। কাৰণ জাহান্নামৰ অধিবাসীসকলৰ মাজত মই তোমালোকৰ সংখ্যা অধিক দেখিছোঁ।" তেতিয়া তেওঁলোকে সুধিলে, হে আল্লাহৰ ৰাছুল! ইয়াৰ কাৰণ কি? তেখেতে ক'লেঃ "কাৰণ তোমালোকে অভিশাপ বেছি দিয়া আৰু স্বামীৰ অকৃতজ্ঞ হোৱা। বুদ্ধি আৰু দ্বীনৰ ক্ষেত্ৰত ত্ৰুটি থকা সত্ত্বেও এজন সদায় সতৰ্ক থকা ব্যক্তিৰ বুদ্ধি হৰণৰ ক্ষেত্ৰত তোমালোকতকৈ পাৰদৰ্শী মই আন কাকো দেখা নাই।

Available translations

Choose an available translation of this Hadeeth

01

Hadeeth text

আবু ছাঈদ খুদৰী ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ এবাৰ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লাম ঈদুল আজহা অথবা ঈদুল ফিতৰত ঈদগাহলৈ আহিল। তাত তেখেতে নাৰীসকলৰ ওচৰলৈ গৈ ক'লেঃ "হে নাৰী সমাজ! তোমালোকে বেছি বেছি চাদাক্বাহ কৰা। কাৰণ জাহান্নামৰ অধিবাসীসকলৰ মাজত মই তোমালোকৰ সংখ্যা অধিক দেখিছোঁ।" তেতিয়া তেওঁলোকে সুধিলে, হে আল্লাহৰ ৰাছুল! ইয়াৰ কাৰণ কি? তেখেতে ক'লেঃ "কাৰণ তোমালোকে অভিশাপ বেছি দিয়া আৰু স্বামীৰ অকৃতজ্ঞ হোৱা। বুদ্ধি আৰু দ্বীনৰ ক্ষেত্ৰত ত্ৰুটি থকা সত্ত্বেও এজন সদায় সতৰ্ক থকা ব্যক্তিৰ বুদ্ধি হৰণৰ ক্ষেত্ৰত তোমালোকতকৈ পাৰদৰ্শী মই আন কাকো দেখা নাই।" তেওঁলোকে সুধিলেঃ হে আল্লাহৰ ৰাছুল! বুদ্ধি আৰু দ্বীনৰ ক্ষেত্ৰত আমাৰ কি ত্ৰুটি আছে? তেখেতে ক'লেঃ "এজনী নাৰীৰ সাক্ষ্য এজন পুৰুষৰ সাক্ষ্যৰ তুলনাত অৰ্দ্ধেক নহয়নে?" তেওঁলোকে ক'লেঃ হয়, নিশ্চয়। তেখেতে ক'লেঃ "এইটো হৈছে বুদ্ধিৰ ত্ৰুটি। এইদৰে যেতিয়া কোনো নাৰী হায়েজ অৱস্থাত উপনীত হয়, তেতিয়া নামাজ ৰোজাৰ পৰা বিৰত নাথাকেনে?" তেওঁলোকে ক'লেঃ হয়, নিশ্চয়। "এইটো হৈছে তাইৰ দ্বীনৰ ত্ৰুটি।"
02

Explanation

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ঈদৰ দিনা ঈদগাহলৈ ওলাই আহিল। তেখেতে নাৰীসকলক পৃথককৈ ভাষণ দিব বুলি আগতীয়াকৈ কথা দিছিল। সেয়ে তেখেতে সেইদিনা সেইটো পূৰণ কৰিছিল। তেখেতে তেওঁলোকক নছীহত কৰি কৈছিলঃ হে নাৰী সমাজ! তোমালোকে বেছি বেছি চাদাক্বাহ কৰা আৰু অধিক পৰিমাণে ক্ষমা প্ৰাৰ্থনা কৰা। কাৰণ এইটো হৈছে গুনাহ মাফ হোৱাৰ অন্যতম এটা ডাঙৰ উপায়। কাৰণ মই ইছৰাৰ ৰাতি জাহান্নামত আটাইতকৈ বেছি নাৰীসকলক দেখিছোঁ।

নাৰীসকলৰ মাজৰ পৰা এজনী বুদ্ধিমান নাৰীয়ে সুধিলেঃ হে আল্লাহৰ ৰাছুল! জাহান্নামত আমাৰ সংখ্যা (নাৰীসকলৰ সংখ্যা)অধিক হোৱাৰ কাৰণ কি?

তেখেতে ক'লেঃ এয়া কেইবাটাও কাৰণত হ'ব, যেনে- তোমালোকে গালি শপনি বেছি পাৰা আৰু অভিশাপ বেছি দিয়া। এইদৰে স্বামীৰ অধিকাৰ নসাৎ কৰা আৰু অকৃতজ্ঞ হোৱা। ইয়াৰ পিছত তেখেতে সিহঁতৰ আৰু এটা বৈশিষ্ট্যৰ কথা উল্লেখ কৰি কৈছেঃ তোমালোকৰ দ্বীন আৰু বিবেক বুদ্ধিত ত্ৰুটি থকা সত্ত্বেও, কোনো এজন বুদ্ধিমান বিবেক সম্পন্ন তথা সদায় সতৰ্ক থকা লোকৰ বুদ্ধি হৰণৰ ক্ষেত্ৰত তোমালোকতকৈ অধিক চতুৰ মই আন কাকো দেখা নাই।

প্ৰশ্ন কৰিলেঃ হে আল্লাহৰ ৰাছুল! দ্বীন আৰু বিবেক বুদ্ধিৰ ক্ষেত্ৰত কি ত্ৰুটি আছে আমাৰ?

তেখেতে কলেঃ যিহেতু দুজনী নাৰীৰ সাক্ষ্য হৈছে এজন পুৰুষৰ সাক্ষ্যৰ সমান। সেয়ে এইটো হৈছে বিবেক বুদ্ধিৰ ত্ৰুটি। দ্বীনৰ ক্ষেত্ৰত ত্ৰুটিৰ অৰ্থ হৈছে নেক কৰ্মৰ হ্ৰাস। কাৰণ মহিলাসকলে কিছুমান দিন আৰু ৰাতি এনেদৰে পাৰ কৰে যেতিয়া তেওঁলোকে ঋতুস্ৰাৱৰ কাৰণে নামাজ নপঢ়ে আৰু ৰমাজান মাহত ৰোজা ৰাখিব নোৱাৰে। এইটোৱে হৈছে দ্বীনৰ ক্ষেত্ৰত ত্ৰুটি। কিন্তু ইয়াৰ বাবে তেওঁলোকক দোষাৰোপ কৰা নহ'ব তথা জবাবদিহি কৰা নহ'ব, কাৰণ এইটো হৈছে তেওঁলোকৰ প্ৰাকৃতিক এটা বিষয়। উদাহৰণস্বৰূপে যিদৰে ধনৰ প্রতি মানুহৰ মোহ থাকে, আৰু সিহঁতে নিজৰ কাম দ্ৰুত সম্পন্ন হোৱাটো বিচাৰে, লগতে সিহঁতৰ মাজত অজ্ঞতা থাকে... আৰু এনে ধৰণৰ অন্যান্য বিষয়। কিন্তু ইয়াত সতৰ্ক কৰা হৈছে, যাতে ইয়াৰ ফলত কোনো ফিতনা (ধাৰ্মিক পৰীক্ষা) নহয়।
03

Benefits

মহিলাসকলে ঈদগাহত যোৱাটো পছন্দনীয় তথা সিহঁতক পৃথককৈ ভাষণ দিয়াও মুস্তাহাব।
স্বামীৰ অকৃতজ্ঞ হোৱা আৰু অধিক অভিশাপ দিয়াটো হৈছে কাবীৰাহ গুনাহ। কিয়নো ইয়াৰ ফলত যিহেতু জাহান্নামৰ শাস্তিৰ কথা কোৱা হৈছে, সেয়ে এনেকুৱা গুনাহ কাবীৰাহ গুনাহ হোৱাৰ প্ৰতি ইংগিত কৰে।
ইয়াত ঈমান বৃদ্ধি আৰু হ্ৰাসৰ বৰ্ণনা হৈছে। যিয়ে যিমান ইবাদত কৰিব তাৰ ঈমান আৰু দ্বীনি তৎপৰতা সিমানে বাঢ়িব। যিয়ে ইবাদত কম কৰিব তাৰ দ্বীন হ্ৰাস পাব।
ইমাম নাৱাৱীয়ে কৈছে: বুদ্ধি বাঢ়ে আৰু কমে, ঠিক সেইদৰে ইমানো বাঢ়ে আৰু হ্ৰাস হয়। মহিলাসকলৰ ত্ৰুটিৰ বিষয়টো উল্লেখ কৰি তেওঁলোকক দোষী সাব্যস্ত কৰা হোৱা নাই, কাৰণ এইটো তেওঁলোকৰ প্ৰাকৃতিক গঠনৰ কাৰণে হয়। বৰং এইটো উল্লেখ কৰাৰ উদ্দেশ্য হৈছে, এই ক্ষেত্ৰত তেওঁলোকক সজাগ কৰি ৰখা, যাতে তেওঁলোকৰ পৰা কোনো ফিতনা নহয়। সেয়েহে শাস্তি সেই ক্ষেত্ৰত আৰোপ কৰা হৈছে, য'ত কুফৰ আৰু অন্যান্য পাপকৰ্ম হয়, তেওঁলোকৰ প্ৰাকৃতিক ত্ৰুটিৰ কাৰণে শাস্তি ঘোষণা কৰা হোৱা নাই। দ্বীনি ক্ষেত্ৰত ত্ৰুটি কেৱল এইখিনি বিষয়তে সীমাবদ্ধ নহয়, যাৰ দ্বাৰা পাপ হয়, বৰং ইয়াৰ বাহিৰেও বহুতো দিশ আছে।
ইয়াৰ পৰা এইটো বুজা যায় যে, যদি কোনো ছাত্ৰই কোনো কথা বুজি নাপায়, তেন্তে শিক্ষকক প্ৰশ্ন কৰিব লাগে আৰু সেই বিষয়ে চৰ্চা কৰিব লাগে।
ইয়াত এই বিষয়টোও স্পষ্ট হ'ল যে, নাৰীসকলৰ সাক্ষ্য হৈছে পুৰুষৰ সাক্ষ্যৰ অৰ্দ্ধেক। কাৰণ সিহঁতৰ আয়ত্ত্ব ক্ষমতা কম।
"বুদ্ধি আৰু দ্বীনৰ ক্ষেত্ৰত ত্ৰুটি থকা সত্ত্বেও এজন সদায় সতৰ্ক থকা ব্যক্তিৰ বুদ্ধি হৰণৰ ক্ষেত্ৰত তোমালোকতকৈ পাৰদৰ্শী মই আন কাকো দেখা নাই।" ইবনে হাজাৰে হাদীছৰ এই বাক্যটোৰ বিষয়ে কৈছেঃ এনেকুৱা লাগে যেনিবা এইটো সেইবোৰ কাৰণসমূহৰ অন্যতম, যিবোৰ কাৰণত সিহঁতৰ সংখ্যা জাহান্নামত বেছি হ'ব। কিয়নো যদি সিহঁতে এজন বুদ্ধিমান পুৰুষৰ বিবেকক ইমান তললৈ নমাই আনিব পাৰে যে, যাৰ ফলত সি এনেকুৱা কাম কৰি বহে বা এনেকুৱা কথা কয়, যিটো সি কৰিব বা ক'ব নালাগিছিল। যদি সি এনেকুৱা কাম কৰি বহে, তেন্তে সেই গুনাহত সেই নাৰীও চামিল হয়, ফলত তাইৰ গুনাহ বৃদ্ধি হয়।
হায়েজ অৱস্থাত আৰু এইদৰে নিফাছ অৱস্থাত নাৰীসকলে নামাজ ৰোজা কৰা হাৰাম। কিন্তু পৱিত্ৰ হোৱাৰ পিছত কেৱল ৰোজা কাজা পালন কৰিব লাগিব।
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কোনো ধৰণৰ ভৰ্ৎসনা আৰু কঠোৰতা অৱলম্বন নকৰাকৈ নাৰীসকলৰ প্ৰশ্নৰ সুন্দৰকৈ উত্তৰ প্ৰদান কৰিছিল।
ইবনু হাজাৰে কৈছেঃ চাদাক্বাহৰ ফলত শাস্তি দূৰ হয়। আনকি ইয়াৰ ফলত বান্দাসকলৰ গুনাহ মোচন হয়।
ইমাম নাৱাৱীয়ে কৈছেঃ নাৰীসকলৰ দ্বীনি ক্ষেত্ৰত ত্ৰুটিৰ কাৰণ হৈছে, সিহঁতে হায়েজৰ সময়ছোৱাত নামাজ ৰোজা কৰিব নোৱাৰে। সেয়ে, যিয়ে যিমান বেছি ইবাদত কৰে তাৰ ঈমান আৰু দ্বীন সিমানেই বৃদ্ধি পায়। যাৰ ইবাদত কম হয়, তাৰ দ্বীন হ্ৰাস হয়। দ্বীনি ক্ষেত্ৰত ত্ৰুটি কেতিয়াবা এনেকুৱা কাৰণত হয়, যিটো গুনাহৰ কাৰণ হয়। যেনে- কোনো উপযুক্ত কাৰণ নোহোৱাকৈ নামাজ ৰোজা তথা ইবাদত ত্যাগ কৰা। আকৌ কেতিয়াবা গুনাহ নহয়, যেনে- কাৰণ নোহোৱাকৈ জুমাত অংশ গ্ৰহণ নকৰা অথবা যুদ্ধত চামিল নোহোৱা। আকৌ কেতিয়াবা ত্যাগ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে, যেনে- হায়েজ অৱস্থা নামাজ ৰোজা ত্যাগ কৰা।

Attribution

[(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})]

Categories

Share

Share hadeeth

Sharing options · 0 Total shares

Share

← Back to encyclopedia
Shopping Basket

Loading...