افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم.
#3053[ছহীহ]
HadeethEnc · 1.16.0

নিশ্চয় পৃথিৱী হৈছে সুমধুৰ সেউজ-শ্যামল। এই কথাও নিশ্চিত যে, আল্লাহে তোমালোককে ইয়াৰ উত্তৰাধিকাৰী বনাইছে, যাতে তেওঁ তোমালোকক চাব পাৰে যে, তোমালোকে কেনেকুৱা আমল কৰা। গতিকে পাৰ্থিৱ বিষয় সম্পৰ্কে সতৰ্ক থাকিবা আৰু নাৰীৰ পৰাও সতৰ্ক থাকিবা।

Available translations

Choose an available translation of this Hadeeth

01

Hadeeth text

আবু ছাঈদ আল-খুদৰী ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "নিশ্চয় পৃথিৱী হৈছে সুমধুৰ সেউজ-শ্যামল। এই কথাও নিশ্চিত যে, আল্লাহে তোমালোককে ইয়াৰ উত্তৰাধিকাৰী বনাইছে, যাতে তেওঁ তোমালোকক চাব পাৰে যে, তোমালোকে কেনেকুৱা আমল কৰা। গতিকে পাৰ্থিৱ বিষয় সম্পৰ্কে সতৰ্ক থাকিবা আৰু নাৰীৰ পৰাও সতৰ্ক থাকিবা। কিয়নো বনী ইছৰাঈলৰ প্ৰথম ফিতনা আছিল নাৰীৰ ফিতনা।"
02

Explanation

হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে উল্লেখ কৰিছে যে, পৃথিৱীৰ সোৱাদ হৈছে মিঠা, দেখাত হৈছে সেউজ-শ্যামল। ফলত মানুহে ইয়াৰ মোহত পৰি প্ৰৱঞ্চনাৰ চিকাৰ হয় আৰু ইয়াত ইমানেই নিমগ্ন হৈ পৰে যে, ইয়াকেই নিজৰ সমগ্ৰ মনোযোগৰ কেন্দ্ৰবিন্দু বনাই লয়। অথচ আল্লাহে এই পৃথিৱীত আমাৰ মাজৰ কিছুমানক আন কিছুমানৰ উত্তৰাধিকাৰী বনাইছে, যাতে তেওঁ এইটো নিৰীক্ষা কৰিব পাৰে যে, আমি কেনেকুৱা আমল কৰোঁ। অৰ্থাৎ আমি তেওঁৰ আনুগত্য কৰোঁ নে অবাধ্যতা কৰোঁ। ইয়াৰ পিছত তেখেতে কৈছেঃ তোমালোকে সতৰ্ক থাকিবা, পৃথিৱীৰ সা-সামগ্ৰী আৰু ইয়াৰ মনোমোহা সৌন্দৰ্য্যই যাতে তোমালোকক প্ৰৱঞ্চনা কৰিব নোৱাৰে। অন্যথা ই তোমালোকক আল্লাহৰ আদেশ পালনত বাধা প্ৰদান কৰিব আৰু তেওঁৰ নিষেধকৃত বিষয়সমূহত লিপ্ত হ'বলৈ উৎসাহিত কৰিব। পৃথিৱীৰ যিবোৰ ফিতনাৰ পৰা সকলোতকৈ বেছি সতৰ্ক থকা জৰুৰী, তাৰে আটাইতকৈ ডাঙৰ ফিতনাটো হৈছে নাৰীৰ ফিতনা। কাৰণ বনী ইছৰাঈলৰ প্ৰথম ফিতনাটোৱে আছিল নাৰীৰ ফিতনা।
03

Benefits

তাক্বৱাৰ পথত পৰিচালিত হ'বলৈ উৎসাহিত কৰা হৈছে। লগতে পৃথিৱীৰ আকৰ্ষণ আৰু ইয়াৰ সৌন্দৰ্য্যৰ প্ৰতি নিমগ্ন হোৱাৰ পৰা সতৰ্ক কৰা হৈছে।
বিশেষকৈ নাৰীৰ ফিতনাৰ পৰা সতৰ্ক কৰা হৈছে। উদাহৰণস্বৰূপে গাইৰ মাহৰাম নাৰীৰ প্ৰতি দৃষ্টিপাত কৰা আৰু সিহঁতৰ সৈতে মিশ্ৰিত পৰিৱেশত বা নিৰ্জনতাত সময় কটাবলৈ সতৰ্ক কৰা হৈছে।
নাৰীৰ ফিতনা হৈছে পৃথিৱীৰ আটাইতকৈ ডাঙৰ ফিতনা।
পূৰ্বৱৰ্তী উম্মতসমূহৰ পৰা আমি শিক্ষা লোৱা উচিত। কাৰণ বনী ইছৰাঈলৰ সৈতে যি যি সংঘটিত হৈছে সেয়া আনৰ সৈতেও হ'ব পাৰে।
নাৰীৰ ফিতনাৰ বিভিন্ন ৰূপ হ'ব পাৰে। যেনে- স্ত্ৰী হ'লে কেতিয়াবা কেতিয়াবা স্বামীক ইমান পৰিমাণ ধন ব্যয় কৰাবলৈ বাধ্য কৰে যিমান ব্যয় কৰাৰ সামৰ্থ স্বামীৰ নাই। যাৰ ফলত সি ধৰ্মীয় কামত সময় উলিয়াব নোৱাৰে আৰু সম্পদ উপাৰ্জনৰ তাড়নাত সদায় ব্যস্ত থাকে। আনহাতে অপৰিচিত নাৰীৰ ফিতনা হৈছে, পুৰুষসকলক নিজৰ প্ৰতি আকৃষ্ট কৰিবলৈ সৌন্দৰ্য্য অৱলম্বন কৰি বেপৰ্দা হৈ ঘৰৰ পৰা ওলোৱা আৰু মিশ্ৰিত পৰিৱেশত ঘূৰা-ফুৰা কৰা। ইয়াৰ দ্বাৰা বিভিন্ন প্ৰকাৰৰ ব্যভিচাৰৰ দুৱাৰ উন্মুক্ত হয়। গতিকে নাৰীৰ ফিতনাৰ পৰা সুৰক্ষিত থাকিবলৈ মুমিন বান্দাই আল্লাহৰ আশ্ৰয় প্ৰাৰ্থনা কৰা উচিত।

Attribution

[(মুছলিম)]

Categories

Share

Share hadeeth

Sharing options · 0 Total shares

Share

← Back to encyclopedia
Shopping Basket

Loading...