افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم.
#3703[ছহীহ]
HadeethEnc · 1.16.0

হে হাকীম! এই ধন-সম্পদ হৈছে সেউজীয়া সুস্বাদু বস্তু।

Available translations

Choose an available translation of this Hadeeth

01

Hadeeth text

হাকিম বিন হিঝাম -ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ মই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰত কিবা বিচাৰিলোঁ, ফলত তেখেতে মোক সেইটো প্ৰদান কৰিলে। ইয়াৰ পিছত মই আকৌ বিচাৰিলোঁ, তেখেতে মোক পুনৰ প্ৰদান কৰিলে। ইয়াৰ পিছত তেখেতে মোক ক'লেঃ "হে হাকীম! এই ধন-সম্পদ হৈছে সেউজীয়া সুস্বাদু বস্তু। যিয়ে (লোভ নোহোৱাকৈ) প্ৰশস্ত অন্তৰে সেয়া গ্ৰহণ কৰে, তাৰ বাবে সেইটো হৈছে বৰকতময়। আনহাতে যিয়ে নিজকে প্ৰতাপশালী কৰিবলৈ তথা লোভ সহকাৰে গ্ৰহণ কৰে, তাৰ বাবে সেইটোত কোনো বৰকত নাই। তাৰ উদাহৰণ হৈছে সেই ব্যক্তিৰ দৰে, যিয়ে ভক্ষণ কৰে কিন্তু তাৰ ভোক নকমে। জানি থোৱা, তলৰ হাততকৈ ওপৰৰ হাত হৈছে উত্তম।" হাকীমে কৈছেঃ মই ক'লোঁঃ হে আল্লাহৰ ৰাছুল! সেই সত্ত্বাৰ শপত, যিয়ে আপোনাক সত্য সহকাৰে প্ৰেৰণ কৰিছে, আপোনাৰ পিছত মৃত্যু পৰ্যন্ত মই কাৰো ওচৰত কিবা বিচাৰি কাকো সামান্যতমো বিব্ৰত নকৰোঁ। ইয়াৰ পিছত আবু বকৰ ৰাদ্বিয়াল্লাহু আনহুৱে (নিজৰ খিলাফত কালত) কেতিয়াবা হাকীমক অনুদান নিবলৈ মাতিছিল, কিন্তু তেওঁ গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছিল। ইয়াৰ পিছত ওমৰ ৰাদ্বিয়াল্লাহু আনহুৱেও তেওঁক অনুদান গ্ৰহণ কৰিবলৈ মাতিছিল, কিন্তু তেওঁ সেয়া গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছিল। এই দেখি ওমৰ ৰাদ্বিয়াল্লাহু আনহুৱে ভাষণ প্ৰদান কৰি কৈছিলঃ হে মুছলিম সমাজ! জানি থওক, মই এই ফাই সম্পদৰ পৰা হাকীমক তেওঁৰ প্ৰাপ্য অংশ নিবলৈ মাতিছিলোঁ, তেওঁ গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছে। সঁচাই হাকীমে মৃত্যু পৰ্যন্ত নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পিছত আন কাৰো ওচৰত কিবা বিচাৰি বিব্ৰত কৰা নাছিল।
02

Explanation

হাকীম ইবনে হিঝাম ৰাদ্বিয়াল্লাহু আনহুৱে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰত কিছুমান পাৰ্থিৱ বস্তু খুজিলে। তেখেতে তেওঁক সেয়া প্ৰদান কৰিলে। ইয়াৰ পিছত তেওঁ আৰু কিবা কিবি বিচাৰিলে, তেখেতে তেওঁক সেইবোৰো প্ৰদান কৰিলে। ইয়াৰ পিছত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁক ক'লেঃ হে হাকীম! এই ধন-সম্পদ হৈছে লোভনীয় তথা আকৰ্ষণীয় বস্তু। যিয়ে এইবোৰ নোখোজাকৈ তথা লোভ লালসা নথকাকৈ লাভ কৰে, তেওঁৰ বাবে এইটো হৈছে বৰকতময়। আনহাতে যিয়ে লোভ তথা অতি আগ্ৰহেৰে এইটো গ্ৰহণ কৰে, তাৰ বাবে সেইটোত কোনো বৰকত নাই। এনেকুৱা ব্যক্তিৰ উদাহৰণ হৈছে যিয়ে খায় আৰু খায়, তথাপিও পেট নভৰে। জানি থোৱা, আল্লাহৰ ওচৰত তলৰ ভিখাৰী হাততকৈ ওপৰৰ দানকাৰী হাত হৈছে অধিক উত্তম। ইয়াৰ পিছত হাকীমে কৈছেঃ মই ক'লোঁঃ হে আল্লাহৰ ৰাছুল! সেই সত্ত্বাৰ শপত খাই কৈছোঁ, যিয়ে আপোনাক সত্য সহকাৰে প্ৰেৰণ কৰিছে, মই আপোনাৰ পিছত মৃত্যু পৰ্যন্ত বেলেগ কাৰো ওচৰতেই একো নিবিচাৰোঁ। ইয়াৰ পিছত ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ প্ৰথম খলীফা আবু বকৰ ৰাদ্বিয়াল্লাহু আনহুৱে তেওঁক কেতিয়াবা উপহাৰ গ্ৰহণ কৰিবলৈ মাতিছিল, কিন্তু তেওঁ সেয়া গ্ৰহণ কৰা নাছিল। ইয়াৰ পিছত আমীৰুল মুমিনীন ওমৰ ৰাদ্বিয়াল্লাহু আনহুৱেও তেওঁক উপহাৰ গ্ৰহণ কৰিবলৈ মাতিছিল কিন্তু তেওঁ সেয়া ল'বলৈ অস্বীকাৰ কৰিছিল। সেয়ে ওমৰ ৰাদ্বিয়াল্লাহু আনহুৱে কৈছেঃ হে মুছলিমসকল! মই তেওঁক তেওঁৰ অধিকাৰ প্ৰদান কৰিছোঁ, যিটো আল্লাহে ফাই সম্পদৰ পৰা তেওঁৰ বাবে নিৰ্ধাৰণ কৰিছে, যিটো সম্পদ কোনো যুদ্ধ নোহোৱাকৈয়ে মুছলিমসকলে কাফিৰসকলৰ পৰা অৰ্জন কৰিছে। কিন্তু তেওঁ এইটোও ল'বলৈ অস্বীকাৰ কৰিছে। সঁচাকৈয়ে হাকীমে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পিছত মৃত্যু পৰ্যন্ত কাৰো পৰা বিচাৰি একো লোৱা নাছিল।
03

Benefits

বৈধ উপায়েৰে অৰ্থ উপাৰ্জন কৰা আৰু সংগ্ৰহ কৰাটো পৃথিৱীৰ মোহ ত্যাগৰ সৈতে সাংঘৰ্ষিক নহয়। কাৰণ পাৰ্থিৱ মোহ ত্যাগ হৈছে আত্মাৰ উদাৰতা আৰু অৰ্থ সম্পদৰ প্ৰতি হৃদয়ৰ আসক্তিহীনতা।
হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ মহা উদাৰতা বৰ্ণিত হৈছে। তেখেতে সেই ব্যক্তিৰ দৰে দান কৰিছিল যিয়ে কেতিয়াও দৰিদ্ৰতাক ভয় নকৰে।
সহায়-সহযোগিতা কৰাৰ সময়ত উপদেশ দিব লাগে আৰু উপকাৰ কৰিবলৈ আগ্ৰহ থাকিব লাগে। কাৰণ আত্মাই ভাল কথাৰ পৰা সহজে উপকৃত হ'বলৈ প্ৰস্তুত থাকে।
মানুহৰ ওচৰত কিবা খোজাৰ পৰা বিৰত থকা উচিত আৰু ইয়াৰ পৰা সদায় আঁতৰি থকা উচিত, বিশেষকৈ যেতিয়া কোনো প্ৰয়োজন নাথাকে।
হাদীছটোত ধন-সম্পদৰ প্ৰতি লোভ আৰু খুজি মাগি ফুৰাক নিন্দা কৰা হৈছে।
যদি মগনীয়াই অধিক বিৰক্ত কৰে, তেন্তে তাক ওভোতাই দিয়াত, নিৰাশ কৰাত বা উপদেশ দিয়াত কোনো দোষ নাই, লগতে তাক এনেকুৱা স্বভাৱৰ পৰা বিৰত থাকিবলৈ আৰু লোকৰ ওচৰত খুজি মাগি খোৱা পৰিত্যাগ কৰিবলৈ নিৰ্দেশনা দিব লাগে।
দায়িত্বশীল ব্যক্তিয়ে প্ৰদান নকৰালৈকে বাইতুল মালৰ (চৰকাৰী কোষাগাৰৰ) পৰা কোনেও একো লোৱা উচিত নহয়। যুদ্ধলব্ধ সম্পদ বিতৰণৰ আগতে কোনেও তাৰ পৰা লোৱাৰ উপযুক্ত নহয়।
প্ৰয়োজনত কাৰো ওচৰত কিবা বিচৰাত কোনো অসুবিধা নাই।
ইবনু হাজাৰে কৈছেঃ ইয়াৰ দ্বাৰা প্ৰমাণিত হয় যে, মগনীয়াৰ প্ৰয়োজন পূৰণ নোহোৱালৈকে এই ক্ষেত্ৰত ক্ষতিৰ দিশটো ইমামে ব্যাখ্যা কৰা উচিত নহয়। যাতে তেওঁৰ উপদেশ কাৰ্যকৰী হয়। যাতে মগনীয়াই এইটো নাভাবে যে, এই উপদেশ হৈছে তাক প্ৰয়োজনৰ পৰা বিৰত ৰখাৰ এটা উপায়।
হাদীছটোত হাকীম ৰাদ্বিয়াল্লাহু আনহুৰ মৰ্যাদা বৰ্ণিত হৈছে, কাৰণ তেওঁ আল্লাহ আৰু তেওঁ ৰাছুলৰ সৈতে যি প্ৰতিশ্ৰুতি কৰিছিল সেইটো মজবুতভাৱে ধাৰণ কৰি পালন কৰিছিল।
ইছহাক্ব ইবনে ৰাহৱাইয়ে কৈছেঃ হাকীম ৰাদ্বিয়াল্লাহু আনহু মৃত্যুৰ সময়ত আছিল কুৰাইশ্বৰ ভিতৰত অন্যতম এজন ধনী ব্যক্তি।

Attribution

[(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})]

Categories

Share

Share hadeeth

Sharing options · 0 Total shares

Share

← Back to encyclopedia
Shopping Basket

Loading...