HadeethEnc · 1.16.0
সাৱধান! পৃথিৱী আৰু ইয়াৰ মাজত থকা সকলো বস্তু অভিশপ্ত, কেৱল আল্লাহৰ জিকৰ আৰু ইয়াৰ সৈতে সম্পৃক্ত বিষয়বোৰৰ বাহিৰে, লগতে আলিম আৰু তালিবে ইল্মৰ বাহিৰে।
Available translations
Choose an available translation of this Hadeeth
01
Hadeeth text
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত তেওঁ কৈছেঃ মই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা শুনিছোঁ তেখেতে কৈছেঃ "সাৱধান! পৃথিৱী আৰু ইয়াৰ মাজত থকা সকলো বস্তু অভিশপ্ত, কেৱল আল্লাহৰ জিকৰ আৰু ইয়াৰ সৈতে সম্পৃক্ত বিষয়বোৰৰ বাহিৰে, লগতে আলিম আৰু তালিবে ইল্মৰ বাহিৰে।"
02
Explanation
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত জনাইছে যে, দুনিয়া আৰু ইয়াৰ ভিতৰত থকা সকলো বস্তু আল্লাহৰ দৃষ্টিত অপছন্দনীয়, ঘৃণীত তথা পৰিত্যক্ত। ইয়াত প্ৰশংসনীয় একো নাই। কিয়নো ইয়াত থকা প্ৰতিটো বস্তুৱে আল্লাহৰ জিকৰ আজকাৰৰ পৰা ব্যস্ত ৰাখে আৰু দূৰৈত ৰাখে। একমাত্ৰ আল্লাহৰ জিকৰৰ বাহিৰে আৰু ইয়াৰ সৈতে সম্পৃক্ত বিষয়বোৰৰ বাহিৰে। অথবা শ্বাৰয়ী জ্ঞানৰ অধিকাৰী আলিমৰ বাহিৰে যিয়ে মানুহক ইল্ম শিক্ষা দিয়ে, লগতে শ্বাৰয়ী জ্ঞান অৰ্জনকাৰী শিক্ষাৰ্থীৰ বাহিৰে।
03
Benefits
হাদীছত পৃথিৱীক অভিশাপ কৰিবলৈ নিষেধ কৰা হৈছে। কিন্তু যিবোৰ বস্তুৱে আল্লাহৰ আৰু তেওঁৰ আনুগত্যৰ পৰা দূৰ কৰে সেইবোৰৰ প্ৰতি অভিশাপ কৰা বৈধ।
আল্লাহৰ জিকৰৰ বাহিৰে পৃথিৱীৰ সকলো বস্তু হৈছে এক প্ৰকাৰ খেল-ধেমালিৰ আহিলা। কিন্তু সেইবোৰ বস্তুৰ বাহিৰে যিবোৰ বস্তু আল্লাহৰ আনুগত্যৰ ক্ষেত্ৰত সহায়ক আৰু মাধ্যম।
হাদীছটোত ইল্মৰ গুৰুত্ব, লগতে আলিম উলামা আৰু তালিবে ইল্মৰ গুৰুত্ব বৰ্ণিত হৈছে।
দুনিয়াৱী কোনো বস্তু তেতিয়াহে ভৰ্ৎসনাযোগ্য যেতিয়া সেইটোক হাৰাম পন্থাৰে উপাৰ্জন কৰা হয়, অথবা হালাল পন্থাৰেই উপাৰ্জন কৰে কিন্তু গৌৰৱ আৰু অহংকাৰ কৰাৰ উদ্দেশ্যে। যিবোৰ বস্তু গৌৰৱ আৰু অহংকাৰৰ উদ্দেশ্যে উপাৰ্জন কৰা হয়, সেইবোৰে হৈছে জ্ঞানী লোকৰ দৃষ্টিত নিন্দনীয়।

Attribution
[(তিৰমিজী, ইবনে মাজাহ)]
Categories
Share
Share hadeeth
Sharing options · 0 Total shares