তুমি ইচ্ছা কৰিলে ধৈৰ্য ধাৰণ কৰিব পাৰা, ইয়াৰ ফলত তুমি জান্নাত লাভ কৰিবা। আনহাতে যদি তুমি বিচৰা তেন্তে মই আল্লাহৰ ওচৰত দুআ কৰি দিওঁ, যাতে তেওঁ তোমাক আৰোগ্য কৰি দিয়ে।
Choose an available translation of this Hadeeth
Hadeeth text
ইবনে আব্বাছ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত যে, তেওঁ আতা ইবনু ৰাবাহক কৈছিল যে, মই তোমাক এজন জান্নাতী নাৰী দেখুৱামনে? মই ক'লোঁ, হয়, নিশ্চয় দেখুৱাওক। তেওঁ ক'লেঃ দেখাত কুৎসিত এই মহিলাজনী নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ আহি কৈছিল যে, মই মৃগী ৰোগত আক্ৰান্ত হোৱাৰ ফলত কেতিয়াবা অচেতন হৈ পৰোঁ, সেই সময়ত মোৰ পৰ্দা ব্যাহত হয়। গতিকে আপুনি মোৰ বাবে আল্লাহৰ ওচৰত দুআ কৰি দিয়ক। তেতিয়া নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ "তুমি ইচ্ছা কৰিলে ধৈৰ্য ধাৰণ কৰিব পাৰা, ইয়াৰ ফলত তুমি জান্নাত লাভ কৰিবা। আনহাতে যদি তুমি বিচৰা তেন্তে মই আল্লাহৰ ওচৰত দুআ কৰি দিওঁ, যাতে তেওঁ তোমাক আৰোগ্য কৰি দিয়ে।" তেতিয়া মহিলাজনীয়ে ক'লেঃ মই ধৈৰ্য্য ধাৰণ কৰিম। লগতে মহিলাজনীয়ে ক'লেঃ যিহেতু সেই অৱস্থাত মোৰ পৰ্দা ব্যাহত হয়, গতিকে আপুনি আল্লাহৰ ওচৰত দুআ কৰি দিয়ক, যাতে এইটো নহয়। তেতিয়া তেখেতে দুআ কৰি দিলে।
Explanation
Benefits
ইমাম নাৱাৱীয়ে কৈছেঃ ইয়াৰ দ্বাৰা প্ৰমাণিত হয় যে, মৃগীৰোগৰ কাৰণে পৰিপূৰ্ণ ছোৱাব দান কৰা হয়।
নাৰী চাহাবীয়া সকলো অত্যন্ত লজ্জাশীল আছিল আৰু তেওঁলোকে পৰ্দাৰ প্ৰতি খুবেই গুৰুত্বশীল আছিল। তেওঁলোকৰ ওপৰত আল্লাহ সন্তুষ্ট হওক। এই মহিলাজনীও সেইটোৱে বেছি ভয় কৰিছিল যে, অচেতন অৱস্থাত যাতে তেওঁৰ শৰীৰৰ কোনো অংগ উন্মুক্ত নহয়।
ইবনু হাজাৰ ৰাহিমাহুল্লাহে কৈছেঃ সামৰ্থ থকা ব্যক্তিয়ে অৱকাশ গ্ৰহণ কৰাতকৈ কঠিন দিশটো গ্ৰহণ কৰা উত্তম। লগতে এই ক্ষেত্ৰত দুৰ্বল হোৱা উচিত নহয়।
ইবনু হাজাৰ ৰাহিমাহুল্লাহে কৈছেঃ ইয়াৰ দ্বাৰা প্ৰমাণিত হয় যে, সকলো প্ৰকাৰ বেমাৰৰ ক্ষেত্ৰতে দুআ আৰু আল্লাহৰ ওচৰত কৰা আশ্ৰয় প্ৰাৰ্থনা ঔষধতকৈ অধিক কাৰ্যকৰী তথা উপকাৰী। লগতে ইয়াৰ প্ৰভাৱ আৰু শৰীৰত ইয়াৰ প্ৰতিক্ৰিয়া শাৰীৰিক ঔষধতকৈও বেছি। কিন্তু এইটো কাৰ্যকৰী হয় দুটা বস্তুৰ মাধ্যমতঃ এটা হৈছে বেমাৰীৰ ফালৰ পৰা, তেওঁৰ আন্তৰিক নিয়্যত সঠিক হ'ব লাগিব। দ্বিতীয়টো হৈছে চিকিৎসা প্ৰদানকাৰীৰ ফালৰ পৰা, তেওঁৰ মনোযোগ শক্তি থাকিব লাগিব, লগতে তাক্বৱা আৰু তাৱাক্কুলৰ দ্বাৰা তেওঁৰ অন্তৰ শক্তিশালী হ'ব লাগিব। আল্লাহেই সৰ্বজ্ঞ।
ইবনু হাজাৰে কৈছেঃ ইয়াৰ দ্বাৰা এইটোও প্ৰমাণিত হয় যে, কেতিয়াবা চিকিৎসা পৰিত্যাগ কৰাও বৈধ।
Attribution
Categories
Share hadeeth
Sharing options · 0 Total shares

