افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم.
#3339[ছহীহ]
HadeethEnc · 1.16.0

বিপদ যিমান ডাঙৰ হ’ব, প্ৰতিদানও সিমানেই মহান হ’ব। আল্লাহ তা'আলাই যেতিয়া কোনো জাতিক ভাল পায়, তেতিয়া তেওঁলোকক (বিপদত পেলাই) পৰীক্ষা কৰে। যিয়ে সেই বিপদত সন্তুষ্ট থাকিব, তাৰ বাবে আছে (আল্লাহ তা'আলাৰ) সন্তুষ্টি। আৰু যিয়ে ইয়াত অসন্তুষ্ট হ’ব তাৰ বাবে আছে (আল্লাহ তা'আলাৰ) অসন্তুষ্টি।

Available translations

Choose an available translation of this Hadeeth

01

Hadeeth text

আনাছ ৰাদ্বিয়াল্লাহু আনহুৱে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা বর্ণনা কৰিছে, তেখেতে কৈছেঃ “বিপদ যিমান ডাঙৰ হ’ব, প্ৰতিদানও সিমানেই মহান হ’ব। আল্লাহ তা'আলাই যেতিয়া কোনো জাতিক ভাল পায়, তেতিয়া তেওঁলোকক (বিপদত পেলাই) পৰীক্ষা কৰে। যিয়ে সেই বিপদত সন্তুষ্ট থাকিব, তাৰ বাবে আছে (আল্লাহ তা'আলাৰ) সন্তুষ্টি। আৰু যিয়ে ইয়াত অসন্তুষ্ট হ’ব তাৰ বাবে আছে (আল্লাহ তা'আলাৰ) অসন্তুষ্টি।” ছহীহ - ইয়াক ইবনে মাজাহে বর্ণনা কৰিছে।
02

Explanation

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে এই হাদীছত আমাক জনাইছে যে, মুমিন ব্যক্তি বিভিন্ন সময়ত মুচিবতৰ সন্মুখীন হয়, কেতিয়াবা নিজৰ ক্ষেত্ৰত, আকৌ কেতিয়াবা সম্পদৰ ক্ষেত্ৰত অথবা অন্য কোনো ক্ষেত্ৰত। এতেকে যদি তেওঁ সেই বিপদত ধৈৰ্য্য ধাৰণ কৰে তেন্তে আল্লাহ তা‘আলাই তেওঁক সেই বিপদৰ বিনিময়ত ছোৱাব দান কৰে। বিপদাপদ আৰু তাৰ ভয়াৱহতা যিমানেই ডাঙৰ হ’ব আল্লাহৰ ফালৰ পৰা তাৰ ছোৱাব সিমানেই বেছি হ’ব। ইয়াৰ পিছত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে বর্ণনা কৰিছে যে, নিশ্চয় মুমিনৰ বাবে মুচিবত হৈছে আল্লাহ তা‘আলাৰ ভাল পোৱাৰ নিদর্শন। নিঃসন্দেহে আল্লাহৰ সিদ্ধান্ত আৰু ক্ষমতা দুয়োটাই বাস্তৱায়িত হোৱাটো নিশ্চিত। কিন্তু যি ধৈর্য্য ধাৰণ কৰিব আৰু সন্তুষ্ট থাকিব আল্লাহ তা‘আলাই শীঘ্ৰেই তাক ইয়াৰ প্ৰতিদান দিব। প্ৰতিদান দাতা হিচাপে তেৱেঁই যথেষ্ট। আনহাতে যি ব্যক্তিয়ে আল্লাহৰ ফয়চালা আৰু ক্ষমতাৰ ক্ষেত্ৰত অসন্তুষ্ট থাকিব, আল্লাহ তা‘আলা নিশ্চয় তাৰ ওপৰত অসন্তুষ্ট হ’ব। শাস্তিদাতা হিচাপে তেৱেঁই যথেষ্ট।
03

Benefits

বিপদাপদ হৈছে গুনাহ মোচনকাৰী, যেতিয়ালৈকে সেই বিপদত কোনো ওৱাজিব লংঘন কৰা নহয়, যেনে ধৈর্যহাৰা হোৱা, অথবা কোনা হাৰাম কামত লিপ্ত হোৱা যেনে কাপোৰ ছিঙা বা গালত চপৰিওৱা আদি।
আল্লাহৰ মৰ্যাদা অনুযায়ী আল্লাহৰ বাবে মুহাব্বতৰ চিফাতটো সাব্যস্ত কৰা।
মু‘মিনৰ বাবে বিপদ-আপদ হৈছে ঈমানৰ আলামত।
আল্লাহৰ মৰ্যাদা অনুযায়ী আল্লাহৰ বাবে সন্তুষ্টি আৰু অসন্তুষ্টিৰ চিফাত সাব্যস্ত কৰা।
আল্লাহৰ ফয়চালা আৰু নিৰ্ধাৰণৰ প্ৰতি সন্তুষ্ট থকা মুস্তাহাব।
আল্লাহৰ ফয়চালা আৰু নিৰ্ধাৰণৰ প্ৰতি অসন্তুষ্ট থকা হাৰাম।
মুচিবতৰ সময়ত ধৈর্য্য ধাৰণৰ প্ৰতি উৎসাহ প্ৰদান কৰা।
মানুহে বহুতো সময়ত কিছুমান বিষয়ক বেয়া বুলি ভাৱে; অথচ সেইটো তাৰ বাবে উত্তম।
আল্লাহৰ বাবে তেওঁৰ কর্মসমূহত হিকমত সাব্যস্ত কৰা।
কর্ম অনুযায়ী বিনিময় প্ৰদান কৰা হয়।

Attribution

[(ইবনে মাজাহ) - (তিৰমিজী)]

Categories

Share

Share hadeeth

Sharing options · 0 Total shares

Share

← Back to encyclopedia
Shopping Basket

Loading...