মই তোমাৰ ইয়াৰ পৰা যোৱাৰ পিছত এনেকুৱা চাৰিটা বাক্য তিনিবাৰ পাঠ কৰিছোঁ, আজি তুমি এই পৰ্যন্ত যি যি পাঠ কৰিছা, সেইবোৰক যদি এইবোৰ বাক্যৰ দ্বাৰা ওজন কৰা হয়, তেন্তে এই চাৰিটা বাক্যৰ পাল্লা বেছি ভাৰী হ'ব।
উম্মুল মুমিনীন জুৱাইৰিয়া ৰাদ্বিয়াল্লাহু আনহাৰ পৰা বৰ্ণিত যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ফজৰৰ নামাজ পঢ়ি তেওঁৰ ওচৰৰ পৰা ওলাই গ'ল। সেই সময়ত তেওঁ নামাজৰ স্থানত বহি আছিল। তেখেতে চাশ্তৰ সময়ত ঘূৰি আহি দেখিলে যে, তেওঁ সেই স্থানতে বহি আছে। তেতিয়া তেখেতে ক'লেঃ "মই তোমাক য…

