সন্দেহযুক্ত বিষয় পৰিত্যাগ কৰি যিটোত সন্দেহ নাই সেইটো গ্ৰহণ কৰা। কাৰণ সত্যই হৈছে শান্তি তথা স্বস্তি, আনহাতে মিছা হৈছে সন্দেহ তথা সংশয়।
আবুল হাওৰা আচ-ছা'দীয়ে কৈছেঃ মই হাছান বিন আলী ৰাদ্বিয়াল্লাহু আনহুমাক সুধিলোঁঃ আপুনি ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা একো মুখস্থ কৰা নাইনে? তেওঁ ক'লেঃ মই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা এইটো হাদীছ মুখস্থ কৰিছোঁ। "সন্দেহযুক্ত বিষয় পৰিত্যাগ কৰি যি…

