HadeethEnc · 1.16.0
সন্দেহযুক্ত বিষয় পৰিত্যাগ কৰি যিটোত সন্দেহ নাই সেইটো গ্ৰহণ কৰা। কাৰণ সত্যই হৈছে শান্তি তথা স্বস্তি, আনহাতে মিছা হৈছে সন্দেহ তথা সংশয়।
Available translations
Choose an available translation of this Hadeeth
01
Hadeeth text
আবুল হাওৰা আচ-ছা'দীয়ে কৈছেঃ মই হাছান বিন আলী ৰাদ্বিয়াল্লাহু আনহুমাক সুধিলোঁঃ আপুনি ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা একো মুখস্থ কৰা নাইনে? তেওঁ ক'লেঃ মই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা এইটো হাদীছ মুখস্থ কৰিছোঁ। "সন্দেহযুক্ত বিষয় পৰিত্যাগ কৰি যিটোত সন্দেহ নাই সেইটো গ্ৰহণ কৰা। কাৰণ সত্যই হৈছে শান্তি তথা স্বস্তি, আনহাতে মিছা হৈছে সন্দেহ তথা সংশয়।"
02
Explanation
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে প্ৰত্যেক এনেকুৱা কথা আৰু কৰ্ম পৰিত্যাগ কৰিবলৈ নিৰ্দেশ দিছে যিটোৰ ক্ষেত্ৰত সন্দেহ তথা সংশয় আছে যে, এইটো নিষিদ্ধ হয় নে নহয়, তথা এইটো হাৰাম নে হালাল। পক্ষান্তৰে সেইটো গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছে যিটো নিশ্চিতভাৱে হালাল তথা পছন্দনীয়। কাৰণ ইয়াৰ দ্বাৰা অন্তৰে প্ৰশান্তি লাভ কৰে, পক্ষান্তৰে সন্দেহযুক্ত বিষয়ত অন্তৰ অস্বস্তিত থাকে তথা দ্বিধাগ্ৰস্ত হৈ থাকে।
03
Benefits
মুছলিমসকলে সন্দেহযুক্ত বস্তু পৰিত্যাগ কৰি, নিশ্চিত য়াকীন থকা বস্তুবোৰক মজবুতভাৱে ধাৰণ কৰা জৰুৰী। লগতে এইটো হ'ব লাগে দ্বীনি জ্ঞানৰ জৰিয়তে।
সন্দেহযুক্ত বিষয়ত পতিত হোৱাৰ পৰা নিষেধ কৰা হৈছে।
যদি আপুনি সুখ শান্তি বিচাৰে তেন্তে সন্দেহযুক্ত বিষয়বোৰ পৰিত্যাগ কৰক আৰু সেইবোৰৰ পৰা আঁতৰি থাকক।
বান্দাসকলৰ ওপৰত মহান আল্লাহৰ এইটো এটা মহা অনুগ্ৰহ যে, তেওঁ সিহঁতক সেইবোৰ কৰ্মৰ নিৰ্দেশ দিছে যাৰ ভিতৰত তেওঁলোকৰ আন্তৰিক শান্তি আছে আৰু মানসিক সুখ আছে, লগতে তেওঁ সেইবোৰৰ পৰা নিষেধ কৰিছে, যিবোৰত সিহঁতৰ বাবে আছে মানসিক অশান্তি আৰু অস্থিৰতা।

Attribution
[رواه الترمذي والنسائي وأحمد]
Categories
Share
Share hadeeth
Sharing options · 0 Total shares