দুই ধৰণৰ জাহান্নামী ব্যক্তিক মই এতিয়াও দেখা নাই। তাৰে এক প্ৰকাৰ হৈছে, যিসকলৰ হাতত গৰুৰ লেজৰ দৰে চাবুক থাকিব, যিটোৰে সিহঁতে মানুহক প্ৰহাৰ কৰিব। দ্বিতীয় প্ৰকাৰ হৈছে সেইসকল নাৰী, যিসকলে কাপোৰ পৰিধান কৰিও উলংগ থাকিব। (পৰ পুৰুষক) নিজৰ প্ৰতি আকৰ্ষিত কৰিব আৰু নিজেও সিহঁতৰ প্ৰতি আকৃষ্ট হ'ব।
Choose an available translation of this Hadeeth
Hadeeth text
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "দুই ধৰণৰ জাহান্নামী ব্যক্তিক মই এতিয়াও দেখা নাই। তাৰে এক প্ৰকাৰ হৈছে, যিসকলৰ হাতত গৰুৰ লেজৰ দৰে চাবুক থাকিব, যিটোৰে সিহঁতে মানুহক প্ৰহাৰ কৰিব। দ্বিতীয় প্ৰকাৰ হৈছে সেইসকল নাৰী, যিসকলে কাপোৰ পৰিধান কৰিও উলংগ থাকিব। (পৰ পুৰুষক) নিজৰ প্ৰতি আকৰ্ষিত কৰিব আৰু নিজেও সিহঁতৰ প্ৰতি আকৃষ্ট হ'ব। সিহঁতৰ মূৰ হ'ব উটৰ হালি পৰা কুঁজৰ দৰে। সেইসকল নাৰীয়ে কেতিয়াও জান্নাতত প্ৰৱেশ নকৰিব। আনকি জান্নাতৰ সুগন্ধিও নাপাব, অথচ জান্নাতৰ সুগন্ধি ইমান ইমান দূৰৰ পৰা পোৱা যায়।"
Explanation
প্ৰথম প্ৰকাৰঃ এনেকুৱা এক প্ৰকাৰ লোক থাকিব যিসকলৰ হাতত গৰুৰ লেজৰ দৰে চাবুক থাকিব, যিটোৰ দ্বাৰা সিহঁতে মানুহক প্ৰহাৰ কৰিব। ইয়াৰ দ্বাৰা সেইসকল প্ৰশাসনিক বিষয়াক বুজোৱা হৈছে যিসকলে অন্যায়ভাৱে মানুহক প্ৰহাৰ কৰে।
দ্বিতীয় প্ৰকাৰঃ এনেকুৱা নাৰী যিসকলে মান-সন্মান তথা ইজ্জতৰ লিবাছ খুলি পেলাব। যিটো হায়া বা লাজ প্ৰদান কৰি নাৰীক সৃষ্টি কৰা হৈছে, সেই লাজ নাইকিয়া হ'ব।
সিহঁতৰ বৈশিষ্ট্য বৰ্ণনা কৰি কৈছেঃ বাস্তৱত সিহঁতে কাপোৰ পৰিধান কৰিব, কিন্তু শৰীৰৰ প্ৰত্যেকটো অংগ প্ৰকাশিত হ'ব। কাৰণ সিহঁতে অতি পাতল কাপোৰ পৰিধান কৰিব। সেই কাপোৰে শৰীৰৰ কিছু অংশ ঢাকি ৰাখিব আৰু কিছু অংশ প্ৰকাশিত হ'ব, সৌন্দৰ্য্যৰ বাবে সিহঁতে এনেকুৱা কাপোৰ পৰিধান কৰিব। সিহঁতৰ এই পৰিধানৰ উদ্দেশ্য হ'ব পুৰুষক নিজৰ প্ৰতি আকৰ্ষিত কৰা। সিহঁতৰ চাল-চলন হ'ব পৰ পুৰুষক আকৰ্ষিত কৰা, খোজকাঢ়ি যাওঁতে ইফাল-সিফাল ঘূৰি চাব, আনক বিপথে পৰিচালিত কৰিব আৰু এই ফিতনাত আৱদ্ধ কৰিব। সিহঁতৰ বৈশিষ্ট্য বৰ্ণনা কৰি আৰু কৈছে যে, সিহঁতৰ মূৰ হ'ব উটৰ পিঠিত থকা কুঁজৰ দৰে। সিহঁতে নিজৰ মূৰৰ আকাৰ ডাঙৰ কৰিবলৈ মূৰৰ ওপৰত খোপ বান্ধে। উটৰ কুঁজৰ সৈতে সাদৃশ্য দিয়াৰ কাৰণ হৈছে সিহঁতৰ মূৰৰ সেই খোপ যিটো সিহঁতে মূৰৰ ওপৰত বান্ধে। সেইটো মূৰৰ ওপৰৰ পৰা অকণমান হালি পৰে, যিদৰে উটৰ কুঁজ হালি পৰে। এতেকে যাৰ এইবোৰ বৈশিষ্ট্য থাকিব, সিয়েই এই কঠোৰ শাস্তিৰ অন্তৰ্ভুক্ত যে, সিহঁত জান্নাতত প্ৰৱেশ নকৰিব, আনকি জান্নাতৰ সুগন্ধিও নাপাব তথা নিকটৱৰ্তী নহ'ব। অথচ জন্নাতৰ সুগন্ধি বহু দূৰৰ পৰা পোৱা যায়।
Benefits
অন্যায়ক সহায় কৰাও হাৰাম।
নাৰীসকলে সৌন্দৰ্য প্ৰদৰ্শন কৰা হাৰাম। এইদৰে সংকীৰ্ণ কাপোৰ পৰিধান কৰা, যিটো পৰিধান কৰিলে শৰীৰ অংগ প্ৰকট হয় তথা শৰীৰ আকাৰ আকৃতি ফুটি উঠে তেনেকুৱা কাপোৰ পৰিধান কৰা হাৰাম।
মুছলিম নাৰীসকলক আল্লাহৰ বিধান পালন কৰিবলৈ উৎসাহিত কৰা হৈছে। লগতে যিবোৰ কৰ্মই তেওঁক ক্ৰোধান্বিত কৰে তথা আখিৰাতৰ চিৰস্থায়ী যন্ত্ৰণাদায়ক শাস্তিৰ উপযুক্ত কৰে তেনেকুৱা কৰ্মৰ পৰা বিৰত থাকিবলৈ উৎসাহিত কৰিছে।
হাদীছটো নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ নুবুওৱতৰ অন্যতম এটা প্ৰমাণ। ইয়াত তেখেতে ভৱিষ্যতে ঘটিবলগীয়া এনেকুৱা বিষয় সম্পৰ্কে সংবাদ দিছে যিটো সেই সময়ত সংঘটিত হোৱা নাছিল। কিন্তু পৰৱৰ্তী সময়ত সেইদৰেই সংঘটিত হৈছে যিদৰে তেখেতে সংবাদ দিছে।
Attribution
Categories
Share hadeeth
Sharing options · 0 Total shares

