জান্নাতীসকলে যেতিয়া জান্নাতত প্ৰৱেশ কৰিব, তেতিয়া বৰকতময় মহান আল্লাহে ক'বঃ তোমালোকে বিচৰানে মই তোমালোকক আৰু কিবা দান কৰোঁ?
Choose an available translation of this Hadeeth
Hadeeth text
চুহাইব ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "জান্নাতীসকলে যেতিয়া জান্নাতত প্ৰৱেশ কৰিব, তেতিয়া বৰকতময় মহান আল্লাহে ক'বঃ তোমালোকে বিচৰানে মই তোমালোকক আৰু কিবা দান কৰোঁ? তেতিয়া তেওঁলোকে ক'বঃ (হে আমাৰ প্ৰতিপালক) তুমি আমাৰ মুখমণ্ডলবোৰ আলোকজ্জ্বল কৰি দিয়া নাইনে? তুমি আমাক জান্নাতত প্ৰৱেশ কৰোৱা নাইনে? তুমি আমাক জাহান্নামৰ পৰা ৰক্ষা কৰা নাইনে? (ইয়াৰ পিছতো আৰু কি লাগে?)। তেতিয়া মহান আল্লাহে পৰ্দা উন্মুক্ত কৰিব। তেতিয়া তেওঁলোকৰ এনেকুৱা লাগিব যে, সৰ্বশক্তিমান আল্লাহৰ দৰ্শনতকৈ উত্তম কোনো বস্তুৱে তেওঁলোকক দিয়া হোৱা নাই।"
Explanation
তোমালোকে বিচৰানে যে, মই তোমালোকক আৰু কিবা দান কৰোঁ?
তেতিয়া জান্নাতৰ সকলো অধিবাসীয়ে একে সুৰত ক'বঃ হে আমাৰ প্ৰতিপালক! তুমি আমাৰ মুখমণ্ডলবোৰ আলোকপ্ৰদ কৰা নাইনে? তুমিয়ে আমাক জান্নাতত প্ৰৱেশ কৰাৰ সুযোগ দিয়া নাইনে? আৰু তুমিয়ে আমাক জাহান্নামৰ পৰা ৰক্ষা কৰা নাইনে?
তেতিয়া মহান আল্লাহে হিজাব তথা পৰ্দা আঁতৰাই দিব, তেওঁৰ পৰ্দা হৈছে নূৰ। তেতিয়া জান্নাতীসকলে অনুভৱ কৰিব যে, সৰ্বশক্তিমান আল্লাহৰ দৰ্শনতকৈ অধিক পছন্দনীয় বস্তু তেওঁলোকক একোৱে দিয়া হোৱা নাই।
Benefits
জান্নাতৰ সৰ্বোৎকৃষ্ট নিয়ামত হৈছে, মুমিনসকলক দিয়া মহান আল্লাহৰ দৰ্শন।
জান্নাতৰ প্ৰতিজন অধিবাসীয়েই মহান আল্লাহক দৰ্শন কৰিব, যদিও তেওঁলোকৰ স্তৰ বেলেগ বেলেগ থাকিব।
মুমিনসকলৰ প্ৰতি এইটো মহান আল্লাহৰ অত্যন্ত অনুগ্ৰহ যে, তেওঁ মুমিনসকলক জান্নাতত প্ৰৱেশৰ সুযোগ প্ৰদান কৰিছে।
আল্লাহ আৰু তেওঁৰ ৰাছুলৰ আনুগত্যৰ সৈতে সৎকৰ্মৰ জৰিয়তে জান্নাতৰ প্ৰতি অগ্ৰসৰ হোৱাৰ গুৰুত্ব।
Attribution
Categories
Share hadeeth
Sharing options · 0 Total shares

