মহান আল্লাহে প্ৰতিটো বস্তুৰ প্ৰতি সদয় আচৰণ (ইহছান) ফৰজ কৰিছে।
Choose an available translation of this Hadeeth
Hadeeth text
আবূ ইয়া‘লা শ্বাদ্দাদ ইবনে আওছ ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু ‘আলাইহি অছাল্লামে কৈছে: "মহান আল্লাহে প্ৰতিটো বস্তুৰ প্ৰতি সদয় আচৰণ (ইহছান) ফৰজ কৰিছে। গতিকে তোমালোকে যেতিয়া হত্যা কৰিবা, তেতিয়া উত্তমৰূপে হত্যা কৰিবা আৰু যেতিয়া (জন্তু) জবেহ কৰিবা, তেতিয়া উত্তম পন্থাত জবেহ কৰিবা। তোমালোকৰ প্ৰত্যেকে যেন (জবেহ কৰাৰ সময়ত) ছুৰী চোকা কৰি লয় আৰু জবেহকৃত জন্তুক যাতে শীতল হ’বলৈ এৰি দিয়ে।"
Explanation
কিচাচ বা মৃত্যুদণ্ড প্ৰদান কৰাৰ সময়তো এই কথা মনত ৰাখিব লাগিব, যাতে এই শাস্তি সহজে আৰু দ্ৰুততাৰে বিহা হয়, দণ্ডপ্ৰাপ্ত ব্যক্তিয়ে যাতে অধিক কষ্ট অনুভৱ কৰিব নোৱাৰে।
জবেহ কৰাৰ সময়ত ইহছান কৰাৰ অৰ্থ হৈছেঃ জবেহ কৰিবলৈ লোৱা অস্ত্ৰটো চোকা হ'ব লাগিব, লগতে এই কথা মনত ৰাখিব লাগিব যে, জবেহ কৰিবলগীয়া জন্তুৰ সন্মুখত যাতে ছুৰি চোকা কৰা নহয়। লগতে অন্যান্য় জন্তুৰ সন্মুখতো যাতে জবেহ কৰা নহয়।
Benefits
চৰীয়তে নিৰ্ধাৰণ কৰা পদ্ধতিৰে উত্তমভাৱে হত্যা কৰা তথা জবেহ কৰা।
চৰীয়তৰ পৰিপূর্ণতা আৰু পৰিপক্কতা এই যে, ইয়াৰ ভিতৰত যাৱতীয় কল্যাণ অন্তৰ্ভুক্ত আছে। তাৰেই এটা উদাহৰণ হৈছে, জন্তুৰ প্রতিও দয়া কৰা আৰু সেইবোৰৰ প্ৰতি সদয় হোৱা।
(যুুদ্ধ ক্ষেত্ৰতে হওক বা মৃত্যুদণ্ড প্ৰদানৰ পিছতে হওক) হত্যাৰ পিছত মানুহৰ কোনো অংগক বিকৃত কৰিবলৈ নিষেধ কৰা হৈছে।
জীৱ-জন্তুক যিকোনো প্ৰকাৰৰ শাস্তি বিহা হাৰাম।
Attribution
Categories
Share hadeeth
Sharing options · 0 Total shares

